--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএই বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰেই আন কোনো গ্ৰহণ আছেনে, য’ত মানুহৰ দৰেই প্ৰাণীয়ে বাস কৰি আছে?
এই বিশ্বব্ৰহ্মাণ্ডত মানুহ অকলশৰীয়া নেকি? পৃথিৱীয়েই  একমাত্ৰ গ্ৰহ নেকি য'ত জীৱন আছে? বিজ্ঞানীসকলে বছৰৰ  পিছত বছৰ ধৰি  এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আছে। বিজ্ঞানীসকলে কেৱল সৌৰজগতৰ ওপৰতেই নহয়, ছায়াপথৰ বাহিৰতও চকু ৰাখিছে। শেহতীয়াকৈ বিজ্ঞানীসকলে আন এটা  পৃথিৱী সদৃশ মহাকাশীয় উপাদানৰ সম্ভেদ পাইছে। 

পৃথিৱীৰ পৰা ৩৭ আলোক বৰ্ষ দূৰত অৱস্থিত ৰছ 508বি গ্ৰহটোকলৈ বিজ্ঞানীসকলৰ মাজত নতুন চৰ্চা আৰম্ভ হৈছে। বিজ্ঞানীসকলে ধাৰণা কৰিছে  যে এই গ্ৰহটো পৃথিৱীৰ সংগী হ'ব পাৰে। অৰ্থাৎ ইয়াত পানী থাকিব পাৰে। ফলস্বৰূপে, ই বাসযোগ্য হোৱাৰ সম্ভাৱনাও আছে। জনা গৈছে যে এই গ্ৰহটোক প্ৰদক্ষিণ কৰি থকা তৰাটো এটা 'ৰঙা তৰা'। নানান তথ্য বিশ্লেষণ কৰি বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই গ্ৰহটোত পানী থাকিব পাৰে । বিজ্ঞানীসকলে গ্ৰহটোত জীৱন থকাৰ সম্ভাৱনাও অস্বীকাৰ কৰা নাই। বিজ্ঞানীসকলে  অনাগত দিনত জেমছ ৱেব টেলিস্কোপৰ সহায়ত এই গ্ৰহটো পৰ্যবেক্ষণ কৰাৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব।

লক্ষ্যণীয় কথাটো হ’ল  গ্ৰহটো  ১০.৮ দিনত এবছৰ হয় । অৰ্থাৎ ১১  দিনতকৈও কম সময়ৰ ভিতৰত ৰঙা তৰাটোক  ৰছ 508বি-এ প্ৰদক্ষিণ কৰে। ৰঙা তৰাবোৰ তৰাবোৰ নিৰীক্ষণ কৰাটো বৰ সহজ নহয়। সাধাৰণতে এনে  তৰাবোৰৰ তাপমাত্ৰা ৪,০০০ ডিগ্ৰী চেলচিয়াছৰ তলত থাকে। সেইবোৰ সেয়ে  দৃশ্যমান পোহৰত পৰ্যবেক্ষণ কৰা কঠিন।

তথাপিও, এনে তৰাবোৰৰ চাৰিওফালে ঘূৰি থকা গ্ৰহবোৰৰ মাজত বাসযোগ্য গ্ৰহ বিচাৰি পোৱাৰ সম্ভাৱনা অধিক বুলি বিশ্বাস কৰা হৈছে। এতিয়া বিজ্ঞানীসকলে অপেক্ষা কৰিছে মাত্ৰ  জেমছ ৱেবৰ সহায়ত  ’নতুন  পৃথিৱী’ খনত সঁচাকৈয়ে জীৱন আছে নে নাই সেই বিষয়ে  জানিবলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক