--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকেতিয়াও গৰম অনুভৱ নকৰা লণ্ডনৰ বাসিন্দাসকলে চলিত বৰ্ষত যেনে ধৰণৰ গৰমৰ সন্মুখীন হ’ল সেয়া তেওঁলোকে কেতিয়াও ভাবিব নোৱাৰা এক ঘটনা। গৰম নপৰাৰ বাবেই লণ্ডনৰ প্ৰায়ভাগ লোকৰ ঘৰতে নাই ফেন বা এয়াৰ কুলাৰৰ ব্যৱস্থা। কিন্তু তেনে এখন গৰম নপৰা চহৰতেই গৰমে  প্ৰাণ হানি ঘটালে কেইবাজনো লোকৰ, মমৰ দৰে গলি গ’ল ৰে’লৰ ছিগনেল আদি। এনেবোৰ অভাৱনীয় ঘটনা কিয় ঘটিছে ? বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ উষ্ণতা প্ৰতি বছৰে বৃদ্ধি পাই গৈ আছে।

তাৰেই প্ৰভাৱত এতিয়া পৃথিৱীৰ জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা আন এটা ভয়াৱহ খবৰ হৈছে মেৰুৰ উষ্ণতা বৃদ্ধি।শেহতীয়াকৈ  প্ৰকাশিত গৱেষণা অনুসৰি যোৱা ৪০ বছৰত আৰ্কটিক এলেকাত পৃথিৱীৰ বাকী অংশতকৈ প্ৰায় চাৰিগুণ দ্ৰুতগতিত উষ্ণতা বৃদ্ধি হৈছে। 

এই কথাই  সূচায় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ  মেৰুৰ ওপৰত ভালকৈয়ে পৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু বিজ্ঞান পেনেলে ২০১৯ চনত এক বিশেষ প্ৰতিবেদনত কৈছিল যে আৰ্কটিক এম্প্লিফিকেচন নামৰ এক প্ৰক্ৰিয়াৰ বাবে আৰ্কটিক "বিশ্বব্যাপী গড়ৰ দুগুণতকৈও অধিক" গৰম হৈ আছে। এইটো তেতিয়া হয় যেতিয়া সাগৰীয় বৰফত প্ৰাকৃতিকভাৱে সূৰ্যৰ তাপ প্ৰতিফলিত হয় তেতিয়া  বৰফ গলা পানী  সাগৰৰ পানীত মিলি গৈ থাকে।  নৰৱে আৰু ফিনলেণ্ডস্থিত গৱেষকৰ এটা দলে ১৯৭৯ চনৰ পৰা উপগ্ৰহ অধ্যয়নৰ দ্বাৰা সংগ্ৰহ কৰা চাৰিটা উষ্ণতাৰ তথ্য বিশ্লেষণ কৰি মেৰুৰ উষ্ণতা বৃদ্ধিৰ বিষয়ত নিশ্চিত হৈছে।

 তেওঁলোকে লাভ কৰা তথ্যই দেখুৱাইছে যে আৰ্কটিক প্ৰতি দশকত ০.৭৫  চেণ্টিগ্ৰেড গৰম হৈছে, যি  গ্ৰহটোৰ বাকী ঠাইত হোৱা উষ্ণতাৰ বৃদ্ধিতকৈ  প্ৰায় চাৰিগুণ দ্ৰুতহাৰত হৈছে।কমিউনিকেশ্বন আৰ্থ এণ্ড এনভায়ৰনমেণ্ট আলোচনীত প্ৰকাশিত এই অধ্যয়নটোত আৰ্কটিক বৃত্তৰ ভিতৰত উষ্ণতাৰ হাৰত গুৰুত্বপূৰ্ণ আঞ্চলিক তাৰতম্য পোৱা গৈছে। উদাহৰণ স্বৰূপে, স্ভালবাৰ্ড আৰু নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ ওচৰত থকা আৰ্কটিক মহাসাগৰৰ ইউৰেচিয়ান খণ্ডই প্ৰতি দশকত ১.২৫ চেণ্টিগ্ৰেড গৰম হৈছে -  এই বৃদ্ধি বাকী বিশ্বৰ আন ঠাইতকৈ সাত গুণ দ্ৰুত।

 ভয়াৱহ কথাটো হ’ল মেৰু গৰম হোৱাৰ লগে লগে ইয়াৰ হিমবাহবোৰ গলি যাব আৰু ই বিশ্বব্যাপী সাগৰৰ স্তৰবৃদ্ধি পাব। ফলত পানীৰ তলত নিমজ্জিত হ’ব বিশ্বৰ বহু ঠাই।সাগৰৰ পাৰত থকা চহৰ সমূহৰ চিন-চাব নোহোৱা হৈ পৰিব। মেৰুৰ বৰফৰ দ্ৰুত গলনলৈ লক্ষ্য কৰি তেনে ভয়াৱহ দিনলৈ আৰু বেছি দিন নাই বুলি আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি