--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকেতিয়াও গৰম অনুভৱ নকৰা লণ্ডনৰ বাসিন্দাসকলে চলিত বৰ্ষত যেনে ধৰণৰ গৰমৰ সন্মুখীন হ’ল সেয়া তেওঁলোকে কেতিয়াও ভাবিব নোৱাৰা এক ঘটনা। গৰম নপৰাৰ বাবেই লণ্ডনৰ প্ৰায়ভাগ লোকৰ ঘৰতে নাই ফেন বা এয়াৰ কুলাৰৰ ব্যৱস্থা। কিন্তু তেনে এখন গৰম নপৰা চহৰতেই গৰমে  প্ৰাণ হানি ঘটালে কেইবাজনো লোকৰ, মমৰ দৰে গলি গ’ল ৰে’লৰ ছিগনেল আদি। এনেবোৰ অভাৱনীয় ঘটনা কিয় ঘটিছে ? বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ উষ্ণতা প্ৰতি বছৰে বৃদ্ধি পাই গৈ আছে।

তাৰেই প্ৰভাৱত এতিয়া পৃথিৱীৰ জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা আন এটা ভয়াৱহ খবৰ হৈছে মেৰুৰ উষ্ণতা বৃদ্ধি।শেহতীয়াকৈ  প্ৰকাশিত গৱেষণা অনুসৰি যোৱা ৪০ বছৰত আৰ্কটিক এলেকাত পৃথিৱীৰ বাকী অংশতকৈ প্ৰায় চাৰিগুণ দ্ৰুতগতিত উষ্ণতা বৃদ্ধি হৈছে। 

এই কথাই  সূচায় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ  মেৰুৰ ওপৰত ভালকৈয়ে পৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু বিজ্ঞান পেনেলে ২০১৯ চনত এক বিশেষ প্ৰতিবেদনত কৈছিল যে আৰ্কটিক এম্প্লিফিকেচন নামৰ এক প্ৰক্ৰিয়াৰ বাবে আৰ্কটিক "বিশ্বব্যাপী গড়ৰ দুগুণতকৈও অধিক" গৰম হৈ আছে। এইটো তেতিয়া হয় যেতিয়া সাগৰীয় বৰফত প্ৰাকৃতিকভাৱে সূৰ্যৰ তাপ প্ৰতিফলিত হয় তেতিয়া  বৰফ গলা পানী  সাগৰৰ পানীত মিলি গৈ থাকে।  নৰৱে আৰু ফিনলেণ্ডস্থিত গৱেষকৰ এটা দলে ১৯৭৯ চনৰ পৰা উপগ্ৰহ অধ্যয়নৰ দ্বাৰা সংগ্ৰহ কৰা চাৰিটা উষ্ণতাৰ তথ্য বিশ্লেষণ কৰি মেৰুৰ উষ্ণতা বৃদ্ধিৰ বিষয়ত নিশ্চিত হৈছে।

 তেওঁলোকে লাভ কৰা তথ্যই দেখুৱাইছে যে আৰ্কটিক প্ৰতি দশকত ০.৭৫  চেণ্টিগ্ৰেড গৰম হৈছে, যি  গ্ৰহটোৰ বাকী ঠাইত হোৱা উষ্ণতাৰ বৃদ্ধিতকৈ  প্ৰায় চাৰিগুণ দ্ৰুতহাৰত হৈছে।কমিউনিকেশ্বন আৰ্থ এণ্ড এনভায়ৰনমেণ্ট আলোচনীত প্ৰকাশিত এই অধ্যয়নটোত আৰ্কটিক বৃত্তৰ ভিতৰত উষ্ণতাৰ হাৰত গুৰুত্বপূৰ্ণ আঞ্চলিক তাৰতম্য পোৱা গৈছে। উদাহৰণ স্বৰূপে, স্ভালবাৰ্ড আৰু নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ ওচৰত থকা আৰ্কটিক মহাসাগৰৰ ইউৰেচিয়ান খণ্ডই প্ৰতি দশকত ১.২৫ চেণ্টিগ্ৰেড গৰম হৈছে -  এই বৃদ্ধি বাকী বিশ্বৰ আন ঠাইতকৈ সাত গুণ দ্ৰুত।

 ভয়াৱহ কথাটো হ’ল মেৰু গৰম হোৱাৰ লগে লগে ইয়াৰ হিমবাহবোৰ গলি যাব আৰু ই বিশ্বব্যাপী সাগৰৰ স্তৰবৃদ্ধি পাব। ফলত পানীৰ তলত নিমজ্জিত হ’ব বিশ্বৰ বহু ঠাই।সাগৰৰ পাৰত থকা চহৰ সমূহৰ চিন-চাব নোহোৱা হৈ পৰিব। মেৰুৰ বৰফৰ দ্ৰুত গলনলৈ লক্ষ্য কৰি তেনে ভয়াৱহ দিনলৈ আৰু বেছি দিন নাই বুলি আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement