--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সংঘটিত হৈ আচৰিত কাণ্ড!২২ ফেব্ৰুৱাৰীত বৰেলীত ইউ পি ব’ৰ্ডৰ পৰীক্ষাৰ প্ৰথম দিনটোত হিজাব পিন্ধি পৰীক্ষাগৃহত উপস্থিত হোৱা ছাত্ৰীক প্ৰৱেশত বাধা দিয়া হয়। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে। মুছলমান সংগঠনসমূহে এই বিষয়ৰ বিৰোধিতা কৰিছিল। হিজাব পৰিধান কৰা ছাত্ৰীক হাৰাশাস্তি আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ প্ৰতিবাদত ৰাজা একচন কমিটীয়ে জিলা দণ্ডাধীশৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আৰ এ চিৰ নাইব সদৰ মৌলানা আদনান ৰাজা কাদ্ৰীয়ে কয় যে, উত্তৰ প্ৰদেশ ব’ৰ্ডৰ পৰীক্ষাত দিবলৈ অহা কন্যা ছাত্ৰীৰ হিজাব এগৰাকী শিক্ষয়িত্ৰীয়ে আঁতৰাই পেলাইছে । মুছলমান সমাজৰ পৰম্পৰাগত সাজ-পোছাকৰ ওপৰত অশ্লীল মন্তব্য কৰা হৈছিল।কাদ্ৰীয়ে ৰামপুৰ, ৰাজস্থান আৰু কৰ্ণাটকৰ ঘটনাৰ কথাও উল্লেখ কৰে। তদুপৰি এনে কাৰ্যত শীঘ্ৰে নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰে।

ৰাজা একচন কমিটীৰ পাছত ২৫ ফেব্ৰুৱাৰীত আই এম চিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ নফিম খানৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জিলা আয়ুক্তক সাক্ষাৎ কৰে। হিজাব বিতৰ্ক সন্দৰ্ভত আয়ুক্তৰ সৈতে প্ৰতিনিধি দলটোৱে আলোচনা কৰে। আইএমচিৰ স্থানীয় সংমণ্ডলৰ সভাপতি মহম্মদ নদীম খানে কয় যে আয়ুক্তৰ নিৰ্দেশ অনুসৰি এতিয়া মহানগৰীৰ যিকোনো বিদ্যালয় বা মহাবিদ্যালয়ত ছোৱালীয়ে হিজাব পৰিধান কৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী