--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সংঘটিত হৈ আচৰিত কাণ্ড!২২ ফেব্ৰুৱাৰীত বৰেলীত ইউ পি ব’ৰ্ডৰ পৰীক্ষাৰ প্ৰথম দিনটোত হিজাব পিন্ধি পৰীক্ষাগৃহত উপস্থিত হোৱা ছাত্ৰীক প্ৰৱেশত বাধা দিয়া হয়। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে। মুছলমান সংগঠনসমূহে এই বিষয়ৰ বিৰোধিতা কৰিছিল। হিজাব পৰিধান কৰা ছাত্ৰীক হাৰাশাস্তি আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ প্ৰতিবাদত ৰাজা একচন কমিটীয়ে জিলা দণ্ডাধীশৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আৰ এ চিৰ নাইব সদৰ মৌলানা আদনান ৰাজা কাদ্ৰীয়ে কয় যে, উত্তৰ প্ৰদেশ ব’ৰ্ডৰ পৰীক্ষাত দিবলৈ অহা কন্যা ছাত্ৰীৰ হিজাব এগৰাকী শিক্ষয়িত্ৰীয়ে আঁতৰাই পেলাইছে । মুছলমান সমাজৰ পৰম্পৰাগত সাজ-পোছাকৰ ওপৰত অশ্লীল মন্তব্য কৰা হৈছিল।কাদ্ৰীয়ে ৰামপুৰ, ৰাজস্থান আৰু কৰ্ণাটকৰ ঘটনাৰ কথাও উল্লেখ কৰে। তদুপৰি এনে কাৰ্যত শীঘ্ৰে নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰে।

ৰাজা একচন কমিটীৰ পাছত ২৫ ফেব্ৰুৱাৰীত আই এম চিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ নফিম খানৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জিলা আয়ুক্তক সাক্ষাৎ কৰে। হিজাব বিতৰ্ক সন্দৰ্ভত আয়ুক্তৰ সৈতে প্ৰতিনিধি দলটোৱে আলোচনা কৰে। আইএমচিৰ স্থানীয় সংমণ্ডলৰ সভাপতি মহম্মদ নদীম খানে কয় যে আয়ুক্তৰ নিৰ্দেশ অনুসৰি এতিয়া মহানগৰীৰ যিকোনো বিদ্যালয় বা মহাবিদ্যালয়ত ছোৱালীয়ে হিজাব পৰিধান কৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ