--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন অধ্যাপকৰ কাণ্ডই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছাত্ৰ-ছাত্ৰীক 'ভায়েক -ভনীয়েকে যৌন সম্ভোগ কৰাটো ঠিক নেকি' শীৰ্ষক বিষয়ত ৰচনা লিখিবলৈ দি অধ্যাপকজন গৰিহণাৰ পাত্ৰ হৈ পৰিছে৷ বিষয়টোকলৈ হুলস্থূলৰ হোৱাৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে অধ্যাপকজনক বৰ্খাস্ত কৰিছে  ৷ ঘটনাটো ঘটিছে পাকিস্তানত৷ পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ  এজন অধ্যাপকে   শিক্ষাৰ্থীসকলক অবৈধ যৌনাচাৰৰ  বিষয়ত এটা প্ৰবন্ধ লিখিবলৈ উৎসাহিত কৰিছিল৷ 

বিষয়টো   ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত  হুলস্থূলৰ সৃষ্টি হয় । প্ৰশ্নকাকতখনত শিক্ষাৰ্থীসকলক এজন ভাতৃ আৰু ভগ্নীৰ মাজৰ অবৈধ সম্পৰ্কৰ বিষয়ে এটাপ্ৰবন্ধ লিখিবলৈ কোৱা হৈছিল। প্ৰশ্ন কাকতখনৰ ছবি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দাবানলৰ দৰে বিয়পি পৰিছে৷ নেটিজেনসকলে শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। 

এই হুলস্থূলৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে বিজ্ঞান মন্ত্ৰালয়ক বিষয়টো অৱগত কৰে আৰু  ইংৰাজী ৰচনা পৰীক্ষাত বিতৰ্কিত প্ৰশ্ন সোধা অধ্যাপক জনক বৰ্খাস্ত কৰে৷ বিশ্ববিদ্যালয় খনে অধ্যাপক জনক ব্লেকলিষ্টোডো কৰিছে৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৈছে  "প্ৰশ্নৰ বিষয়বস্তু অত্যন্ত আপত্তিজনক আৰু সম্পূৰ্ণৰূপে পাকিস্তান গণৰাজ্যৰ পাঠ্যক্ৰম আইনৰ বিৰোধী আৰু ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিছে," । 



বিশ্ব বিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক নাভিদ আহমেদ খানে স্বীকাৰ কৰিছে  যে বিইইৰ ইংৰাজী ৰচনাত শিক্ষাৰ্থীসকলক এটা "অতি অশালীন  প্ৰশ্ন" সোধা হৈছিল। তেওঁ দাবী কৰিছিল যে ৰেক্টৰে পিছদিনা এখন সভা অনুষ্ঠিত কৰিছিল আৰু অধ্যাপক জনক  তেওঁ কিয় শিক্ষাৰ্থীসকলক এনে "মূৰ্খ প্ৰশ্ন" সুধিছিল বুজাবলৈ অনুৰোধ কৰিছিল। অধ্যাপকজনে  তেওঁৰ ভুল স্বীকাৰ কৰিছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ