--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন অধ্যাপকৰ কাণ্ডই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছাত্ৰ-ছাত্ৰীক 'ভায়েক -ভনীয়েকে যৌন সম্ভোগ কৰাটো ঠিক নেকি' শীৰ্ষক বিষয়ত ৰচনা লিখিবলৈ দি অধ্যাপকজন গৰিহণাৰ পাত্ৰ হৈ পৰিছে৷ বিষয়টোকলৈ হুলস্থূলৰ হোৱাৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে অধ্যাপকজনক বৰ্খাস্ত কৰিছে  ৷ ঘটনাটো ঘটিছে পাকিস্তানত৷ পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ  এজন অধ্যাপকে   শিক্ষাৰ্থীসকলক অবৈধ যৌনাচাৰৰ  বিষয়ত এটা প্ৰবন্ধ লিখিবলৈ উৎসাহিত কৰিছিল৷ 

বিষয়টো   ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত  হুলস্থূলৰ সৃষ্টি হয় । প্ৰশ্নকাকতখনত শিক্ষাৰ্থীসকলক এজন ভাতৃ আৰু ভগ্নীৰ মাজৰ অবৈধ সম্পৰ্কৰ বিষয়ে এটাপ্ৰবন্ধ লিখিবলৈ কোৱা হৈছিল। প্ৰশ্ন কাকতখনৰ ছবি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দাবানলৰ দৰে বিয়পি পৰিছে৷ নেটিজেনসকলে শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। 

এই হুলস্থূলৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে বিজ্ঞান মন্ত্ৰালয়ক বিষয়টো অৱগত কৰে আৰু  ইংৰাজী ৰচনা পৰীক্ষাত বিতৰ্কিত প্ৰশ্ন সোধা অধ্যাপক জনক বৰ্খাস্ত কৰে৷ বিশ্ববিদ্যালয় খনে অধ্যাপক জনক ব্লেকলিষ্টোডো কৰিছে৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৈছে  "প্ৰশ্নৰ বিষয়বস্তু অত্যন্ত আপত্তিজনক আৰু সম্পূৰ্ণৰূপে পাকিস্তান গণৰাজ্যৰ পাঠ্যক্ৰম আইনৰ বিৰোধী আৰু ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিছে," । 



বিশ্ব বিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক নাভিদ আহমেদ খানে স্বীকাৰ কৰিছে  যে বিইইৰ ইংৰাজী ৰচনাত শিক্ষাৰ্থীসকলক এটা "অতি অশালীন  প্ৰশ্ন" সোধা হৈছিল। তেওঁ দাবী কৰিছিল যে ৰেক্টৰে পিছদিনা এখন সভা অনুষ্ঠিত কৰিছিল আৰু অধ্যাপক জনক  তেওঁ কিয় শিক্ষাৰ্থীসকলক এনে "মূৰ্খ প্ৰশ্ন" সুধিছিল বুজাবলৈ অনুৰোধ কৰিছিল। অধ্যাপকজনে  তেওঁৰ ভুল স্বীকাৰ কৰিছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা