--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক-চিৰিয়াত  ভূমিকম্পই এক বিশাল এলেকাক মৃত্যু উপত্যকাত পৰিণত কৰাৰ দুস্তাহৰ পিছত  তুৰস্ক আৰু চিৰিয়াৰ সীমান্ত অঞ্চলক আন এটা ভূমিকম্পই জোাৰি গ’ল৷  ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.৪৷ নতুনকৈ অহা ভূমিকম্পটোৰ ফলত তিনি জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে৷


 উল্লেখ্য চিৰিয়া-তুৰস্কৰ ভূমিকম্পত শেহতীয়াকৈ  ৪৭,০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে৷   কেইবা হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে।ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই (ইএমএছচি) কয় যে শেহতীয়াকৈ হোৱা ভূমিকম্পটো  ৬.৪  প্ৰাবল্যৰ আছিল, ভূমিকম্পৰ কেন্দ্ৰ স্থল দক্ষিণ তুৰ্কীৰ চহৰ অন্তকিয়াৰ ওচৰত  আছিল আৰু ইজিপ্তৰ লগতে চিৰিয়াতো কম্পন  অনুভৱ কৰা হৈছিল ৷  হাটাই চহৰৰ  মেয়ৰ লুৎফু চাভাছে প্ৰকাশ কৰা মতে  শেহতীয়া ভূমিকম্পৰ পিছত পূৰ্বে ক্ষতিগ্ৰস্ত ঘৰবোৰ পুনৰ ক্ষতি হৈছে৷ 

ভূমিকম্পত  তিনিজন লোক নিহত আৰু ২০০ ৰো অধিক লোক আহত হৈছে। চামাণ্ডাগত দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষ এএফএডিয়ে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ দিছে৷  উল্লেখ্য দুসপ্তাহ আগতে হোৱা ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা তুৰস্কত  ৪১,১৫৬ লৈ বৃদ্ধি পাইছে৷ , এএফএডিয়ে কয় যে মৃতকৰ সংখ্যা আৰু অধিক বঢ়াৰ সম্ভাৱনা আছে৷  পূৰ্বৰ ভূমিকম্পত ৩,৮৫,০০০ এপাৰ্টমেণ্ট ধ্বংস বা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি জনা গৈছে ৷  বহুলোক এতিয়াও সন্ধানহীন হৈ আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে