--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক-চিৰিয়াত  ভূমিকম্পই এক বিশাল এলেকাক মৃত্যু উপত্যকাত পৰিণত কৰাৰ দুস্তাহৰ পিছত  তুৰস্ক আৰু চিৰিয়াৰ সীমান্ত অঞ্চলক আন এটা ভূমিকম্পই জোাৰি গ’ল৷  ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.৪৷ নতুনকৈ অহা ভূমিকম্পটোৰ ফলত তিনি জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে৷


 উল্লেখ্য চিৰিয়া-তুৰস্কৰ ভূমিকম্পত শেহতীয়াকৈ  ৪৭,০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে৷   কেইবা হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে।ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই (ইএমএছচি) কয় যে শেহতীয়াকৈ হোৱা ভূমিকম্পটো  ৬.৪  প্ৰাবল্যৰ আছিল, ভূমিকম্পৰ কেন্দ্ৰ স্থল দক্ষিণ তুৰ্কীৰ চহৰ অন্তকিয়াৰ ওচৰত  আছিল আৰু ইজিপ্তৰ লগতে চিৰিয়াতো কম্পন  অনুভৱ কৰা হৈছিল ৷  হাটাই চহৰৰ  মেয়ৰ লুৎফু চাভাছে প্ৰকাশ কৰা মতে  শেহতীয়া ভূমিকম্পৰ পিছত পূৰ্বে ক্ষতিগ্ৰস্ত ঘৰবোৰ পুনৰ ক্ষতি হৈছে৷ 

ভূমিকম্পত  তিনিজন লোক নিহত আৰু ২০০ ৰো অধিক লোক আহত হৈছে। চামাণ্ডাগত দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষ এএফএডিয়ে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ দিছে৷  উল্লেখ্য দুসপ্তাহ আগতে হোৱা ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা তুৰস্কত  ৪১,১৫৬ লৈ বৃদ্ধি পাইছে৷ , এএফএডিয়ে কয় যে মৃতকৰ সংখ্যা আৰু অধিক বঢ়াৰ সম্ভাৱনা আছে৷  পূৰ্বৰ ভূমিকম্পত ৩,৮৫,০০০ এপাৰ্টমেণ্ট ধ্বংস বা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি জনা গৈছে ৷  বহুলোক এতিয়াও সন্ধানহীন হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ