ডিজিটেল ডেস্ক: “বিশ্বগুৰু ভাৰত”- সমগ্ৰ দেশবাসীৰ সন্মুখত এতিয়া এই শ্ল’গানেৰে চমক। কেন্দ্ৰৰ শাসনাধিষ্ঠ মোদী চৰকাৰে বিজ্ঞাপনৰ অভিলাসী চমকেৰে দেশবাসীৰ চকুৰ সন্মুখত এনে এক ধাৰণাই গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। প্ৰথম অৱস্থাত ২০২২ চনৰ ভিতৰতে ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অৱশ্যে বিগত স্বাধীনতা দিবসত এই বিশ্বগুৰুৰ সপোন ২০৪৭ চনলৈ পিছুৱাই দিয়ে। বিশ্বগুৰু ৰূপে ভাৰতক থিয় কৰোৱাৰ বাবে বিজেপি চৰকাৰে ‘বিকাশ’ নীতিৰ শ্ল’গান ২০১৪ চনৰ পৰাই আওৰাই আহিছে।
পিছে কাৰ্যক্ষেত্ৰত এইয়া হৈ পৰিছে ফুটুকাৰ ফেন। বিকাশ, বিশ্বগুৰু এই সকলো শ্ল’গানৰ অভিনৱ বিজ্ঞাপনৰ বাদে বিজেপি চৰকাৰৰ কাৰ্যকালত সমুখলৈ আহিছে সম্পূৰ্ণ এক ওলোটা ছবিহে। মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি দাৰিদ্ৰতা, বৰ্দ্ধিত নিবনুৱা সমস্যাৰ পৰা ক্ৰমবৰ্ধমান ভোকাতুৰৰ সংখ্যালৈ- এই সকলো তথ্যই ‘বিশ্বগুৰু ভাৰত’ৰ বিজ্ঞাপনৰ আঁৰত থকা প্ৰকৃত ভাৰতৰ ছবিখন স্পষ্টকৈ তুলি ধৰিছে।
বিজেপি চৰকাৰে প্ৰথমে যেতিয়া ২০২২ চনৰ ভিতৰত দেশক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰঙীন স্বপ্ন দেশবাসীক দেখুৱাইছিল, তেতিয়াই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে ২০২২ চনৰ ভিতৰত দেশৰ পৰা পুষ্টিহীনতা সম্পূৰ্ণৰূপে অন্ত পৰিব বুলি ঘোষণা কৰিছিল। পিছে সেয়াও চৰকাৰৰ আন ঘোষণাৰ দৰে কেৱল ঘোষণাতেই ৰ’ল। ২০২১ চনৰ শেষৰ ফালে প্ৰকাশ পোৱা গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতে লাভ কৰিছিল ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক স্থান।
পিছে চৰকাৰে দেশৰ অৱস্থাই উৰ্ধমুখী গতিত ধাৱমান হোৱা বুলি ঢোল পিটি ঘোষণা কৰাৰ সময়তে এই বৰ্ষৰ গ্ল’বেল হাংগাৰ ইনডেস্ক সমীক্ষাই এই মিথ্যাচাৰিতা ফাদিল কৰিছে। বিগত বৰ্ষতকৈও শোচনীয় অৱস্থালৈ গতি কৰা ভাৰতে এইবাৰৰ গ্ল’বেল হাংগাৰ ইনডেক্সত পূৰ্বৰ ১০১ নং স্থানৰ পৰা অৱনমিত হৈ ১০৭ নং স্থান লাভ কৰিছে। ১২১ খন দেশৰ মাজত চলোৱা গ্লোবেল হাংগাৰ ইনডেক্সৰ এই সমীক্ষাত ভাৰতে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু নেপালতকৈও নিম্ন স্থানত আছে।
হাংগাৰ ইনডেক্সৰ এই তালিকাত নেপাল ৮১ সংখ্যক স্থানত থকাৰ বিপৰীতে পাকিস্তান আছে ৯৯ সংখ্যক স্থানত। আনহাতে তালিকাত ৮৪ সংখ্যক স্থানত আছে বাংলাদেশ। ইফালে অৰ্থনৈতিক সংকটে জুৰুলা কৰাৰ পিছত গৃহবিদ্ৰোহৰ সূচনা হোৱা ভাৰতৰ আন এখন চুবুৰীয়া দেশ শ্ৰীলংকাও তালিকাত ভাৰততকৈ ওপৰত আছে। শ্ৰীলংকা তালিকাত ৬৪ তম স্থানত আছে।
গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ ৱেবছাইটত আজি প্ৰকাশ কৰা বিবৃতিত চীন, তুৰস্ক আৰু কুৱেইটকে ধৰি ১৭ খন দেশে শীৰ্ষ স্থানত স্থান পাইছে। আইৰিছ সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু জাৰ্মান সংগঠন ৱেল্ট হাংগাৰ হিলফে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনে ভাৰতত ভোকাতুৰৰ এই বৰ্ধিত স্তৰক যথেষ্ট গুৰুতৰ বুলি অভিহিত কৰিছে। কেৱল স্থান অৱনমিত হোৱাই নহয়, ভোকাতুৰৰ ক্ষেত্ৰত ভাৰতৰ গ্ল’বেল হাংগাৰ ইনডেক্স নম্বৰৰো পতন ঘটিছে। ২০০০ চনত থকা ভাৰতৰ ৩৮.৮ গ্ল’বেল হাংগাৰ ইনডেক্স নম্বৰৰ পৰা হ্ৰাস পাই ২০১৪-২০২২ বৰ্ষৰ ভিতৰত ২৮.২-২৯.১ লৈ পতন ঘটিছে।
ইফালে এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে কংগ্ৰেছৰ সাংসদ তথা পূৰ্বৰ ইউ পি এ চৰকাৰৰ বিত্তমন্ত্ৰী পি চিদাম্বৰমে প্ৰতিবেদনখনৰ উদ্ধৃতি দি শাসনাধিষ্ঠ বিজেপি চৰকাৰক সমালোচনা কৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালত ২০১৪ চনৰ পৰা ভাৰতৰ স্থান অধিক অৱনতি হৈছে বুলি আঙুলিয়াই দি চিদাম্বৰমে এক টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়া পুষ্টিহীনতা আৰু ভোকৰ দৰে প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব বুলি প্ৰশ্ন কৰে।
উল্লেখ্য যে ২০২১ বৰ্ষত গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্থান শতকৰ ঘৰৰ পৰা তললৈ নামি যোৱাৰ পিছতে ভাৰত চৰকাৰে প্ৰতিবেদনখনক সমালোচনা কৰিছিল। চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে প্ৰতিবেদনখনক বাস্তৱতাবিহীন বুলি অভিহিত কৰি গ্ল’বেল হাংগাৰ ইনডেক্স গণনা কৰাত ব্যৱহৃত পদ্ধতিক অবৈজ্ঞানিক আখ্যা দিছিল। পিছে এইবাৰ পুনৰ এই বিশ্বস্তৰীয় সমীক্ষাত ভাৰতৰ এই দ্ৰুত অৱনতিক ভাৰত চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।