--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্যাপী ক্ষুধা সূচকত ভাৰতৰ স্থান  পূৰ্বৰ ১০১ ৰ পৰা ১০৭ লৈ অৱনমিত হৈছে। বিশ্বৰ ১২১ খন দেশৰ গ্লোবেল হাংগাৰ ইণ্ডেক্স (জিএইচআই)ত ২০২২ ত  ভাৰতৰ স্থান ১০৭ সংখ্যক স্থানলৈ অৱনমিত হোৱাৰ কথাই বিগত এটা বছৰত যে দেশত পেটৰ ভাতমুঠি নোপোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে তাকেই প্ৰতীয়মান কৰিছে। বিশ্বব্যাপী ক্ষুধা সূচকত ২০২১ চনত ভাৰতৰ স্থান আছিল  ১০১ । লক্ষ্যণীয় কথাটো হ’ল বিশ্বব্যাপী ক্ষুধা সূচকত ভাৰত  চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু নেপালৰো পিছত আছে।

চীন, তুৰস্ক আৰু কুৱেইটকে ধৰি ১৭ খন দেশে বিশ্বব্যাপী ক্ষুধা সূচকত  শীৰ্ষ স্থানত আছে।  গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ ৱেবছাইটত এই তথ্য প্ৰকাশ পাইছে। বিশ্বব্যাপী ক্ষুধা সূচকত ভাৰতৰ স্থান পূৰ্বতকৈও অৱনমিত হোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ  দিনত ২০১৪ চনৰে পৰা আমাৰ ক্ষিধা সূচকৰ অধিক অৱনতি ঘটিছে। 

তেওঁ টুইটাৰত প্ৰশ্ন কৰে, "মাননীয় প্ৰধানমন্ত্ৰীয়ে কেতিয়া পুষ্টিহীনতা, ভোক, আৰু শিশুসকলৰ  অপচয়ৰ দৰে প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব?" আইৰিছ সাহায্য সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু জাৰ্মান সংগঠন ৱেল্ট হাংগাৰ হিলফে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনে ভাৰতত ভোকৰ স্তৰক "গুৰুতৰ" বুলি অভিহিত কৰিছে।

২০২১ চনত ভাৰত বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক  স্থানত আছিল। এতিয়া তালিকাত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭ সংখ্যক  স্থানলৈ অৱনমিত হৈছে।  উল্লেখ্য এই তালিকাত ভাৰত ১০০ সংখ্যক  স্থানৰ তললৈ নামি যোৱাৰ বুলি প্ৰকাশ পোৱাৰ পিছতে ভাৰত  চৰকাৰে যোৱা বছৰ প্ৰতিবেদনখনক সমালোচনা কৰি -  "আচৰিত" আৰু "বাস্তৱতাবিহীন" বুলি অভিহিত কৰিছিল। চৰকাৰে দাবী কৰিছিল যে গ্লোবেল হাংগাৰ ইণ্ডেক্স গণনা কৰিবলৈ ব্যৱহৃত পদ্ধতিটো অবৈজ্ঞানিক।  গ্লোবেল হাংগাৰ ৰিপ'ৰ্ট, কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু ৱেল্ট হাংগাৰ হিলফেৰ প্ৰকাশন সংস্থাসমূহে প্ৰতিবেদনখন মুকলি কৰাৰ আগতে  যথাযথ পৰিশ্ৰম কৰা নাই বুলিও ভাৰত চৰকাৰে এৰ বিবৃতি প্ৰকাশ কৰিছিল।

ৱেল্ট হাংগাৰ হিলফে  নতুন দিল্লীৰ দাবী খণ্ডন কৰি কৈছিল  যে ভাৰতৰ ৰেংকিঙৰ পতন গেলপৰ দ্বাৰা পৰিচালিত এক জনমত জৰীপৰ ওপৰত আধাৰিত আছিল। 

ডব্লিউ.এইচ.এইচ.-য়ে কৈছিল যে গেলপ জনমত জৰীপটো জি.এইচ.আই.-ৰ দ্বাৰা ব্যৱহাৰ কৰা নহয়, তাৰ পৰিৱৰ্তে ভাৰতৰ দ্বাৰা ৰাষ্ট্ৰসংঘত আনুষ্ঠানিকভাৱে উপস্থাপন কৰা তথ্য ব্যৱহাৰ কৰি অপুষ্টি জোখা হয়।
"গ্লোবেল হাংগাৰ ইণ্ডেক্সে কেৱল 'অপুষ্টিৰ মাত্ৰাৰ' সূচক ব্যৱহাৰ কৰে। বুলি  গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ উপদেষ্টা মিৰিয়াম ৱেইমাৰ্ছে মন্তব্য কৰিছিল।

এই সূচক নম্বৰ কেতবোৰ কাৰকৰ ওপৰত  ভিত্তি কৰি গণনা কৰা হয় - অপুষ্টি; শিশুৰ অপচয় (পাঁচ বছৰৰ তলৰ শিশুৰ সেই  অংশ যাৰ অপচয় হয় অৰ্থাৎ যাৰ কম ওজন থাকে, তীব্ৰ পুষ্টিহীনতাত ভোগে আদি ); বিকাশ স্তব্ধ হৈ পৰা শিশু  (পাঁচ বছৰৰ তলৰ শিশু যাৰ বয়স অনুসৰি উচ্চতা কম, দীৰ্ঘম্যাদী পুষ্টিহীনতা প্ৰতিফলিত কৰে) আৰু শিশু মৃত্যুৰ হাৰ (পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ)।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু