--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰত এডাল সাপে প্ৰৱেশ কৰাকলৈ আতংক বিয়পি পৰে। সাপডাল প্ৰথমে  নিৰাপত্তাৰক্ষীসকলৰ দৃষ্টিত ধৰা পৰে। ইয়াৰ পিছতে বন বিভাগক লগে লগে অৱগত কৰা হয়। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে  সাপডাল বিষাক্ত নহয়। 

 অমিত শ্বাহৰ ঘৰত সাপ প্ৰৱেশ কৰাত বহু লোক আচৰিত হৈছে। শ্বাহৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা   গৃহমন্ত্ৰীৰ ঘৰৰ চৌহদত সাপডাল দেখা পোৱাৰ লগে লগে  হুলস্থূলৰ সৃষ্টি হয়। এক মুহূৰ্তৰ পলম নকৰাকৈ খবৰটো বন বিভাগক জনোৱা হৈছিল। বন বিভাগৰ  দুজন কৰ্মী আহি সাপডাল উদ্ধাৰ কৰে। পাঁচ ফুট দীঘল সাপডালৰ নাম হৈছে 'এছিয়াটিক ৱাটাৰ স্নেক'  ।

 সাপডাল নিৰাপত্তাৰক্ষীৰ কোঠাৰ ওচৰত এখন কাঠৰ তক্তাৰ তলত  লুকাই আছিল। জানিব পৰা মতে এনে সাপ সাধাৰণতে পুখুৰী বা ডুবিৰ দৰে সৰু জলাশয়ত দেখা যায়। ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনত এই প্ৰজাতিৰ সাপৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। 

 দিল্লীৰ দৰে জনবসতিপূৰ্ণ এলেকাত অৱস্থিত অমিত শ্বাহৰ বাসভৱনত  সাপডালে  কেনেকৈ সোমাল তাকে লৈ বহুতৰে মাজত আলোচনা চলিছে। দিল্লী প্ৰশাসনৰ এজন বিষয়াৰ মতে বাৰিষা ঋতুত দিল্লীত এয়া অস্বাভাৱিক ঘটনা  নহয়। ইতিমধ্যে ৰাজধানীৰ বিভিন্ন অংশৰ পৰা এনে ৭০ ডাল  সাপ উদ্ধাৰ কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু