--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰত এডাল সাপে প্ৰৱেশ কৰাকলৈ আতংক বিয়পি পৰে। সাপডাল প্ৰথমে  নিৰাপত্তাৰক্ষীসকলৰ দৃষ্টিত ধৰা পৰে। ইয়াৰ পিছতে বন বিভাগক লগে লগে অৱগত কৰা হয়। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে  সাপডাল বিষাক্ত নহয়। 

 অমিত শ্বাহৰ ঘৰত সাপ প্ৰৱেশ কৰাত বহু লোক আচৰিত হৈছে। শ্বাহৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা   গৃহমন্ত্ৰীৰ ঘৰৰ চৌহদত সাপডাল দেখা পোৱাৰ লগে লগে  হুলস্থূলৰ সৃষ্টি হয়। এক মুহূৰ্তৰ পলম নকৰাকৈ খবৰটো বন বিভাগক জনোৱা হৈছিল। বন বিভাগৰ  দুজন কৰ্মী আহি সাপডাল উদ্ধাৰ কৰে। পাঁচ ফুট দীঘল সাপডালৰ নাম হৈছে 'এছিয়াটিক ৱাটাৰ স্নেক'  ।

 সাপডাল নিৰাপত্তাৰক্ষীৰ কোঠাৰ ওচৰত এখন কাঠৰ তক্তাৰ তলত  লুকাই আছিল। জানিব পৰা মতে এনে সাপ সাধাৰণতে পুখুৰী বা ডুবিৰ দৰে সৰু জলাশয়ত দেখা যায়। ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনত এই প্ৰজাতিৰ সাপৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। 

 দিল্লীৰ দৰে জনবসতিপূৰ্ণ এলেকাত অৱস্থিত অমিত শ্বাহৰ বাসভৱনত  সাপডালে  কেনেকৈ সোমাল তাকে লৈ বহুতৰে মাজত আলোচনা চলিছে। দিল্লী প্ৰশাসনৰ এজন বিষয়াৰ মতে বাৰিষা ঋতুত দিল্লীত এয়া অস্বাভাৱিক ঘটনা  নহয়। ইতিমধ্যে ৰাজধানীৰ বিভিন্ন অংশৰ পৰা এনে ৭০ ডাল  সাপ উদ্ধাৰ কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক