--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোপ ফ্ৰান্সিছে চেৰ’গেচিৰ ওপৰত বিশ্বব্যাপী নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছে। পোপে চেৰ’গেচি ব্যৱস্থাটোক ‘দুখজনক’ বুলিও অভিহিত কৰে।

আজি ভেটিকান চহৰৰ পৰা ৪৫ মিনিটৰ ভাষণত পোপ ফ্ৰান্সিছে কয় যে শিশুৰ জন্ম উপহাৰ, যিটো কেতিয়াও ব্যৱসায়িক চুক্তি হ’ব নোৱাৰে। সেই ভাষণত তেওঁ এই প্ৰথাৰ ওপৰত বিশ্বব্যাপী নিষেধাজ্ঞাৰো আহ্বান জনায়। কেথলিক গীৰ্জাই দীৰ্ঘদিন ধৰি চেৰ’গেচিৰ লগতে আইভিএফৰ বিৰোধিতা কৰি আহিছে।

২০১৩ চনত ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা পোপে কয় যে তেওঁ কেইবাটাও বিষয়ত পূৰ্বৰ চিন্তাধাৰাক একাষৰীয়া কৰি ৰাখিছে। শেহতীয়াকৈ ফ্ৰান্সিছে পুৰোহিতসকলক এটা বাৰ্তা দিছিল যে "এলজিবিটিকিউ" সম্প্ৰদায়ৰ দম্পতীৰ বিবাহক আশীৰ্বাদ দিবলৈ কোনো বাধা নাই। মাত্ৰ কেইদিনমানৰ পিছতে বহুতে ভাবে যে পোপে ‘ছাৰ’গেচি’ৰ ওপৰত কৰা মন্তব্যই আচলতে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ত আঘাত হানে।

চেৰ’গেচি মূলতঃ সমলিংগ দম্পতী আৰু স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰা দম্পতীৰ বাবে উপযোগী। এই পদ্ধতিয়ে বিগত কেইবাবছৰ ধৰি বিশ্বৰ বিভিন্ন দেশতো জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু ইটালীকে ধৰি বহু দেশত চেৰ’গেচি অবৈধ। শেহতীয়াকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে সংসদত চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিবলৈ বিদেশলৈ যোৱা দম্পতীক শাস্তি প্ৰদানৰ বাবে এখন বিধেয়ক গৃহীত কৰিবলৈ আগবাঢ়িছে। আমেৰিকাৰ কেইবাখনো ৰাজ্যতো এই পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পোপ ফ্ৰান্সিছৰ বক্তব্যৰ পিছতে টেনিছ তাৰকা ছেৰেনা উইলিয়ামছৰ প্ৰাক্তন প্ৰশিক্ষক ৰেনে ষ্টাউবে ক্ষোভ প্ৰকাশ কৰে। ছচিয়েল মিডিয়াত লিখিছে, "ক'বলৈ একো নাই"! বহুতে ভাবে যে পোপৰ এনে মন্তব্যত বিশ্বৰ বহু দম্পতীয়ে বিপদত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ