--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোপ ফ্ৰান্সিছে চেৰ’গেচিৰ ওপৰত বিশ্বব্যাপী নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছে। পোপে চেৰ’গেচি ব্যৱস্থাটোক ‘দুখজনক’ বুলিও অভিহিত কৰে।

আজি ভেটিকান চহৰৰ পৰা ৪৫ মিনিটৰ ভাষণত পোপ ফ্ৰান্সিছে কয় যে শিশুৰ জন্ম উপহাৰ, যিটো কেতিয়াও ব্যৱসায়িক চুক্তি হ’ব নোৱাৰে। সেই ভাষণত তেওঁ এই প্ৰথাৰ ওপৰত বিশ্বব্যাপী নিষেধাজ্ঞাৰো আহ্বান জনায়। কেথলিক গীৰ্জাই দীৰ্ঘদিন ধৰি চেৰ’গেচিৰ লগতে আইভিএফৰ বিৰোধিতা কৰি আহিছে।

২০১৩ চনত ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা পোপে কয় যে তেওঁ কেইবাটাও বিষয়ত পূৰ্বৰ চিন্তাধাৰাক একাষৰীয়া কৰি ৰাখিছে। শেহতীয়াকৈ ফ্ৰান্সিছে পুৰোহিতসকলক এটা বাৰ্তা দিছিল যে "এলজিবিটিকিউ" সম্প্ৰদায়ৰ দম্পতীৰ বিবাহক আশীৰ্বাদ দিবলৈ কোনো বাধা নাই। মাত্ৰ কেইদিনমানৰ পিছতে বহুতে ভাবে যে পোপে ‘ছাৰ’গেচি’ৰ ওপৰত কৰা মন্তব্যই আচলতে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ত আঘাত হানে।

চেৰ’গেচি মূলতঃ সমলিংগ দম্পতী আৰু স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰা দম্পতীৰ বাবে উপযোগী। এই পদ্ধতিয়ে বিগত কেইবাবছৰ ধৰি বিশ্বৰ বিভিন্ন দেশতো জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু ইটালীকে ধৰি বহু দেশত চেৰ’গেচি অবৈধ। শেহতীয়াকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে সংসদত চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিবলৈ বিদেশলৈ যোৱা দম্পতীক শাস্তি প্ৰদানৰ বাবে এখন বিধেয়ক গৃহীত কৰিবলৈ আগবাঢ়িছে। আমেৰিকাৰ কেইবাখনো ৰাজ্যতো এই পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পোপ ফ্ৰান্সিছৰ বক্তব্যৰ পিছতে টেনিছ তাৰকা ছেৰেনা উইলিয়ামছৰ প্ৰাক্তন প্ৰশিক্ষক ৰেনে ষ্টাউবে ক্ষোভ প্ৰকাশ কৰে। ছচিয়েল মিডিয়াত লিখিছে, "ক'বলৈ একো নাই"! বহুতে ভাবে যে পোপৰ এনে মন্তব্যত বিশ্বৰ বহু দম্পতীয়ে বিপদত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে