--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দা সুৰকাৰ, গায়ক জয়দীপ গোস্বামীয়ে হিন্দী চিনেমা ‘গিন্তি’ (The Countdown)ৰ জৰিয়তে ছবি প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি সমালোচক আৰু দৰ্শকক মোহিত কৰি তুলিছে। কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ দ্বাৰা নিৰ্বাচিত এই মনস্তাত্ত্বিক ভৌতিক থ্ৰিলাৰ ছবিখনে অলপতে কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত প্ৰদৰ্শন হোৱাৰ উপৰিও শেহতীয়াকৈ, সন্মানীয় লিফ্ট-অফ চলচ্চিত্ৰ মহোৎসৱ 2023ত প্ৰদৰ্শিত হৈ যায়। ইয়াৰ অনন্য কাহিনী, সুন্দৰ পৰিচালনাৰ লগতে শক্তিশালী অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। থ্ৰিলাৰখনত চিত্ৰিত কৰা হৈছে এজন স্কিজ'ফ্ৰেনিয়াত ভোগা পেছাদাৰী হত্যাকাৰীৰ অতীত আৰু যিসকলক তেও হত্যা   কৰিছে তাৰ পীড়াদায়ক স্মৃতি। হাবিত লুকাই থাকোতে তেওঁ সংঘটিত কৰা পৈশাচিক কাৰ্যকলাপবোৰৰ কথাই তেওঁক বিদ্ধ কৰা কাহিনীও মননশীলভাৱে ছবিখনত উপস্থাপন কৰা হৈছে।

জে ডি মোচন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ‘গিন্টী’ (দ্য কাউণ্টডাউন)'ৰ পৰিচালনা কৰিছে এম দুৰ্গা প্ৰসাদে।

মুম্বাইৰ গায়ক-সুৰকাৰ জয়দীপ গোস্বামীয়ে জে ডি নামেৰে প্ৰায় দহ বছৰৰ আগতে টাইমছ মিউজিকে মুক্তি দিয়া ‘দাস্তান’ এলবামৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এলবামটোৰ জনপ্ৰিয় সংগীত ভিডিঅ 'জী ভাৰ গয়া' এমটিভি ইণ্ডিজৰ (ভায়াকম 18) দ্বাৰা মুকলি কৰা হৈছিল, আৰু পিছলৈ টাইমছ মিউজিকে ইয়াক পুনৰ মুকলি কৰে।

অতি কম সময়ৰ ভিতৰতে ভাৰতৰ অন্যতম জনপ্ৰিয় মিউজিক গোষ্ঠী টি-ছিৰিজে তেওঁৰ অতি জনপ্ৰিয় একক গীত 'চোন লে বেখবৰ' মুকলি কৰে, আৰু এই গীতটিয়েই তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে বিবেচিত কৰিব পাৰি। লকডাউনৰ সময়ছোৱাত তেওঁ এম দুৰ্গা প্ৰসাদৰ সৈতে হোৱা এক সাক্ষাতৰ পিছত তেওঁৰ প্ৰথম ছবি ‘গিন্টী’ (The Countdown)ৰ নিৰ্মাণৰ ধাৰণাটোৰ জন্ম হৈছিল।

নিজৰ দৃষ্টিভংগীৰে গোস্বামীয়ে নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত কেৱল আৰ্থিকভাৱেই নহয়, কলাত্মকভাৱেও জড়িত হৈ পৰিছিল। তেওঁ ছবিখনত ব্যৱহৃত প্ৰায় প্ৰতিটো দিশৰ তত্বাৱধান কৰিছিল, সকলো সময়তে তেওঁক কাৰিকৰীভাৱে উদ্ভাৱনীমূলক আৰু মেধাৱী সৃষ্টিশীল দল এটাই সহায় কৰিছিল।

 

স্থানীয় জামছেদপুৰৰ শিল্পী আৰু কলা কুশলীৰ অপৰিসীম সহায় আৰু সহযোগিতাৰে নিৰ্মিত ‘গিন্টি’ (দ্য কাউণ্টডাউন)ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ‘গেংছ অৱ ৱাছেইপুৰ’ আৰু ‘শ্বেৰনী’খ্যাত সত্যকম আনন্দে, আৰু তেওঁক সহযোগ কৰে বিশাল সিং, লাইক খান, শ্বুৰু চৰ্দাৰ, আদিল ইজাজ, আদিয়ে। বাপী মুৰ্মুৰ দ্বাৰা সম্পাদিত, ‘গিন্টি’ (দ্য কাউণ্টডাউন)ৰ চিত্ৰগ্ৰহণ কৰিছে আখালক মানজাৰে, আনহাতে সংগীত পৰিচালনা আশীষৰ, সংগীত ৰচনা নাশ94'ৰ, আৰু কলা পৰিচালনা হৰি পদ মুখীৰ।

                 

 

  

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু