--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দা সুৰকাৰ, গায়ক জয়দীপ গোস্বামীয়ে হিন্দী চিনেমাগিন্তি’ (The Countdown)ৰ জৰিয়তে ছবি প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি সমালোচক আৰু দৰ্শকক মোহিত কৰি তুলিছে কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ দ্বাৰা নিৰ্বাচিত এই মনস্তাত্ত্বিক ভৌতিক থ্ৰিলাৰ ছবিখনে অলপতে কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত প্ৰদৰ্শন হোৱাৰ উপৰিও শেহতীয়াকৈ, সন্মানীয় লিফ্ট-অফ চলচ্চিত্ৰ মহোৎসৱ 2023ত প্ৰদৰ্শিত হৈ যায় ইয়াৰ অনন্য কাহিনী, সুন্দৰ পৰিচালনাৰ লগতে শক্তিশালী অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে থ্ৰিলাৰখনত চিত্ৰিত কৰা হৈছে এজন স্কিজ'ফ্ৰেনিয়াত ভোগা পেছাদাৰী হত্যাকাৰীৰ অতীত আৰু যিসকলক তেও হত্যা   কৰিছে তাৰ পীড়াদায়ক স্মৃতি হাবিত লুকাই থাকোতে তেওঁ সংঘটিত কৰা পৈশাচিক কাৰ্যকলাপবোৰৰ কথাই তেওঁক বিদ্ধ কৰা কাহিনীও মননশীলভাৱে ছবিখনত উপস্থাপন কৰা হৈছে

জে ডি মোচন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিতগিন্টী’ (দ্য কাউণ্টডাউন)'ৰ পৰিচালনা কৰিছে এম দুৰ্গা প্ৰসাদে

মুম্বাইৰ গায়ক-সুৰকাৰ জয়দীপ গোস্বামীয়ে জে ডি নামেৰে প্ৰায় দহ বছৰৰ আগতে টাইমছ মিউজিকে মুক্তি দিয়াদাস্তানএলবামৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এলবামটোৰ জনপ্ৰিয় সংগীত ভিডিঅ 'জী ভাৰ গয়া' এমটিভি ইণ্ডিজৰ (ভায়াকম 18) দ্বাৰা মুকলি কৰা হৈছিল, আৰু পিছলৈ টাইমছ মিউজিকে ইয়াক পুনৰ মুকলি কৰে

অতি কম সময়ৰ ভিতৰতে ভাৰতৰ অন্যতম জনপ্ৰিয় মিউজিক গোষ্ঠী টি-ছিৰিজে তেওঁৰ অতি জনপ্ৰিয় একক গীত 'চোন লে বেখবৰ' মুকলি কৰে, আৰু এই গীতটিয়েই তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে বিবেচিত কৰিব পাৰি লকডাউনৰ সময়ছোৱাত তেওঁ এম দুৰ্গা প্ৰসাদৰ সৈতে হোৱা এক সাক্ষাতৰ পিছত তেওঁৰ প্ৰথম ছবিগিন্টী’ (The Countdown)ৰ নিৰ্মাণৰ ধাৰণাটোৰ জন্ম হৈছিল

নিজৰ দৃষ্টিভংগীৰে গোস্বামীয়ে নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত কেৱল আৰ্থিকভাৱেই নহয়, কলাত্মকভাৱেও জড়িত হৈ পৰিছিল তেওঁ ছবিখনত ব্যৱহৃত প্ৰায় প্ৰতিটো দিশৰ তত্বাৱধান কৰিছিল, সকলো সময়তে তেওঁক কাৰিকৰীভাৱে উদ্ভাৱনীমূলক আৰু মেধাৱী সৃষ্টিশীল দল এটাই সহায় কৰিছিল

 

স্থানীয় জামছেদপুৰৰ শিল্পী আৰু কলা কুশলীৰ অপৰিসীম সহায় আৰু সহযোগিতাৰে নিৰ্মিতগিন্টি’ (দ্য কাউণ্টডাউন)ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছেগেংছ অৱ ৱাছেইপুৰআৰুশ্বেৰনীখ্যাত সত্যকম আনন্দে, আৰু তেওঁক সহযোগ কৰে বিশাল সিং, লাইক খান, শ্বুৰু চৰ্দাৰ, আদিল ইজাজ, আদিয়ে বাপী মুৰ্মুৰ দ্বাৰা সম্পাদিত, ‘গিন্টি’ (দ্য কাউণ্টডাউন)ৰ চিত্ৰগ্ৰহণ কৰিছে আখালক মানজাৰে, আনহাতে সংগীত পৰিচালনা আশীষৰ, সংগীত ৰচনা নাশ94', আৰু কলা পৰিচালনা হৰি পদ মুখীৰ

                 

 

  

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement