--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী শংকৰ মহাদেৱনক ইংলেণ্ডৰ বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটি (বিচিইউ)ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে।  সংগীত আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।

শনিবাৰে বাৰ্মিংহামত অনুষ্ঠিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ফিলিপ প্ল’ডেনৰ পৰা এই সন্মান লাভ কৰে ৫৬ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে।

বিশ্বব্যাপী প্ৰশংসিত বলীউডৰ গায়ক, সুৰকাৰ তথা অভিনেতা শংকৰ মহাদেৱনে সংগীত আৰু কলাক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটিৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে বুলি বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৱেষ্ট মিডলেণ্ডছৰ মেয়ৰ এণ্ডি ষ্ট্ৰীটৰ নেতৃত্বত মুম্বাইলৈ বাণিজ্যিক প্ৰতিনিধি দলৰ সময়ত এই বঁটা ঘোষণা কৰা হৈছিল।

ডক্টৰেট সন্মান লাভ কৰি মহাদেৱনে কয়- ''সঁচাকৈয়ে মোৰ বাবে এইটো এটা বিশেষ মুহূৰ্ত। নতুন কথা আৰু এই অনুভৱ হজম কৰিবলৈ মোৰ কিছু সময় লাগিব। কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত মই কেতিয়াও ভবা নাছিলো যে এদিন মোক সংগীতৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। মই প্ৰতিনিধিত্ব কৰা ভাৰতীয় সংগীতজ্ঞ আৰু ৱেষ্ট মিডলেণ্ডছৰ সংগীতজ্ঞসকলৰ মাজত কিছুমান আচৰিত সংগীতৰ সৃষ্টি হ’বলৈ আগ্ৰহী।’’

উল্লেখ্য যে এজন নিপুণ অভিযন্তাৰ পৰা সংগীতজ্ঞলৈ পৰিণত হোৱা মহাদেৱনে ইণ্ডিপপ, চলচ্চিত্ৰ, লোক আৰু আধ্যাত্মিক সংগীতৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীত, জাজ আৰু বিশ্ব সংগীতকো সামৰি লৈ বলিউডত খোপনি পুতিছিল। ২০১৯ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। বলিউডৰ কেইবাখনো চিনেমাৰ জনপ্ৰিয় সংগীতৰ স্ৰষ্টা শংকৰ মহাদেৱন 'শংকৰ-এহছান-লয়’ গ্ৰুপৰো সদস্য।



\

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু