--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী শংকৰ মহাদেৱনক ইংলেণ্ডৰ বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটি (বিচিইউ)ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে।  সংগীত আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।

শনিবাৰে বাৰ্মিংহামত অনুষ্ঠিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ফিলিপ প্ল’ডেনৰ পৰা এই সন্মান লাভ কৰে ৫৬ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে।

বিশ্বব্যাপী প্ৰশংসিত বলীউডৰ গায়ক, সুৰকাৰ তথা অভিনেতা শংকৰ মহাদেৱনে সংগীত আৰু কলাক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটিৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে বুলি বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৱেষ্ট মিডলেণ্ডছৰ মেয়ৰ এণ্ডি ষ্ট্ৰীটৰ নেতৃত্বত মুম্বাইলৈ বাণিজ্যিক প্ৰতিনিধি দলৰ সময়ত এই বঁটা ঘোষণা কৰা হৈছিল।

ডক্টৰেট সন্মান লাভ কৰি মহাদেৱনে কয়- ''সঁচাকৈয়ে মোৰ বাবে এইটো এটা বিশেষ মুহূৰ্ত। নতুন কথা আৰু এই অনুভৱ হজম কৰিবলৈ মোৰ কিছু সময় লাগিব। কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত মই কেতিয়াও ভবা নাছিলো যে এদিন মোক সংগীতৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। মই প্ৰতিনিধিত্ব কৰা ভাৰতীয় সংগীতজ্ঞ আৰু ৱেষ্ট মিডলেণ্ডছৰ সংগীতজ্ঞসকলৰ মাজত কিছুমান আচৰিত সংগীতৰ সৃষ্টি হ’বলৈ আগ্ৰহী।’’

উল্লেখ্য যে এজন নিপুণ অভিযন্তাৰ পৰা সংগীতজ্ঞলৈ পৰিণত হোৱা মহাদেৱনে ইণ্ডিপপ, চলচ্চিত্ৰ, লোক আৰু আধ্যাত্মিক সংগীতৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীত, জাজ আৰু বিশ্ব সংগীতকো সামৰি লৈ বলিউডত খোপনি পুতিছিল। ২০১৯ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। বলিউডৰ কেইবাখনো চিনেমাৰ জনপ্ৰিয় সংগীতৰ স্ৰষ্টা শংকৰ মহাদেৱন 'শংকৰ-এহছান-লয়’ গ্ৰুপৰো সদস্য।



\

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক