--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদী খেলুৱৈসকলৰ ওপৰত দিল্লী আৰক্ষীয়ে চলোৱা দমনমূলক আচৰণক লৈ সৃষ্টি হোৱা বিতৰ্ক সম্প্ৰতি কেৱল দেশৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই, এই বিতৰ্কই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চিত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাসমূহেও ভাৰতৰ প্ৰতিবাদৰ মল্লযুঁজাৰুসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই তেওঁলোকক কৰা অপমানজনিত আচৰণৰ তীব্ৰ নিন্দা কৰিছে।

মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় মুৰব্বী সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে ইতিপূৰ্বে যোৱা দেওবাৰৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক তীব্ৰ নিন্দা কৰি নিষেধাজ্ঞা আৰোপৰ ভাবুকি দিয়াৰ পিছত এইবাৰ আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ভাৰতীয় মল্লযুঁজাৰুসকলৰ সৈতে দিল্লী আৰক্ষীয়ে কৰা ব্যৱহাৰক তীব্ৰ গৰিহণা দিয়ে আৰু এনে কাৰ্যক অতি বিৰক্তিকৰ আখ্যা দিয়ে।

ভাৰতৰ মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰি মল্লযুঁজাৰুসকলে অব্যাহত ৰখা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে মল্লযুঁজাৰুসকলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ভাৰতীয় আইন অনুসৰি পক্ষপাতহীন, অপৰাধমূলক তদন্ত কৰিবলৈ আহ্বান জনাইছে।

এক বিবৃতিত কমিটীয়ে কয় যে, এনে অপৰাধমূলক তদন্তৰ দিশত প্ৰথম পদক্ষেপ লোৱা হৈছে যদিও এই ক্ষেত্ৰত আৰু অধিক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। “আমি আহ্বান জনাইছো যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত এই খেলুৱৈসকলৰ সুৰক্ষা আৰু মংগলৰ বিষয়ে যথাযথভাৱে বিবেচনা কৰা হওক আৰু এই তদন্ত দ্ৰুতভাৱে সমাপ্ত হ’ব।”- অলিম্পিক কমিটীয়ে লগতে কয়।

ইফালে মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় মুৰব্বী সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ সৈতে এই বিষয়ত ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি চলা বুলি উল্লেখ কৰি অলিম্পিক কমিটীয়ে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনক দেশৰ ক্ৰীড়াবিদসকলক সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু