--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদী খেলুৱৈসকলৰ ওপৰত দিল্লী আৰক্ষীয়ে চলোৱা দমনমূলক আচৰণক লৈ সৃষ্টি হোৱা বিতৰ্ক সম্প্ৰতি কেৱল দেশৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই, এই বিতৰ্কই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চিত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাসমূহেও ভাৰতৰ প্ৰতিবাদৰ মল্লযুঁজাৰুসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই তেওঁলোকক কৰা অপমানজনিত আচৰণৰ তীব্ৰ নিন্দা কৰিছে।

মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় মুৰব্বী সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে ইতিপূৰ্বে যোৱা দেওবাৰৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক তীব্ৰ নিন্দা কৰি নিষেধাজ্ঞা আৰোপৰ ভাবুকি দিয়াৰ পিছত এইবাৰ আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ভাৰতীয় মল্লযুঁজাৰুসকলৰ সৈতে দিল্লী আৰক্ষীয়ে কৰা ব্যৱহাৰক তীব্ৰ গৰিহণা দিয়ে আৰু এনে কাৰ্যক অতি বিৰক্তিকৰ আখ্যা দিয়ে।

ভাৰতৰ মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰি মল্লযুঁজাৰুসকলে অব্যাহত ৰখা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে মল্লযুঁজাৰুসকলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ভাৰতীয় আইন অনুসৰি পক্ষপাতহীন, অপৰাধমূলক তদন্ত কৰিবলৈ আহ্বান জনাইছে।

এক বিবৃতিত কমিটীয়ে কয় যে, এনে অপৰাধমূলক তদন্তৰ দিশত প্ৰথম পদক্ষেপ লোৱা হৈছে যদিও এই ক্ষেত্ৰত আৰু অধিক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। “আমি আহ্বান জনাইছো যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত এই খেলুৱৈসকলৰ সুৰক্ষা আৰু মংগলৰ বিষয়ে যথাযথভাৱে বিবেচনা কৰা হওক আৰু এই তদন্ত দ্ৰুতভাৱে সমাপ্ত হ’ব।”- অলিম্পিক কমিটীয়ে লগতে কয়।

ইফালে মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় মুৰব্বী সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ সৈতে এই বিষয়ত ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি চলা বুলি উল্লেখ কৰি অলিম্পিক কমিটীয়ে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনক দেশৰ ক্ৰীড়াবিদসকলক সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে