--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে। দেশৰ দুশৰো অধিক বিশ্ববিদ্যালয়ৰ প্ৰায় চাৰি হেজাৰ খেলুৱৈয়ে মুঠ ২১ বিধ খেলত অংশ লৈ কেবাটাও নতুন অভিলেখো গঢ়িছে। এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ গুৰুত্বপূৰ্ণ দিশটো আছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতা হোৱাৰ পাছতো কেবাজনো অলিম্পিয়ান তথা বিশ্ব চেম্পিয়ন ক্রীড়াবিদে অংশগ্রহণ লোৱাটো ।

 ইফালে, তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গৌৰৱময় সফলতা লাভ কৰিছে অসমৰ খেলুৱৈয়ে। তাৰকা শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বর্ণজয়ৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰাৰ পাছত আজি অন্তিম দিনাও অসমৰ মহিলা ফেন্সিং খেলুৱৈ ছুমি দত্তই সোণ লাভ কৰি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ৰাজ্যৰ সাফল্যৰ গৌৰৱ যাত্ৰাৰ সামৰণি কৰে ৷ উল্লেখ্য যে অসমৰ মহিলা ফেন্সিং খেলুৱৈ ছুমিয়ে পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক দেব বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লৈছিল । আজি লক্ষ্ণৌৰ ইকানা স্প'ৰ্টছ চিটীৰ ইনড'ৰ ষ্টেডিয়ামত হোৱা ফেন্সিং প্রতিযোগিতাৰ মহিলাৰ দলীয় ইপী শাখাত সোণ লাভ কৰে অসম কন্যা ছুমিয়ে প্রতিনিধিত্ব কৰা গুৰুনানক দেব বিশ্ববিদ্যালয়ে। আনহাতে, মনিপুৰ বিশ্ববিদ্যালয়ে ৰূপ তথা পঞ্জাৱ বিশ্ববিদ্যালয় আৰু ছৰ্ডাৰ পেটেল বিশ্ববিদ্যালয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। 

অসমৰ তিনিচুকীয়াৰ প্ৰতিভাবান মহিলা ফেন্সিং খেলুৱৈ ছুমিয়ে প্রথমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ খেলাৰ অগ্ৰহ প্ৰকাশ কৰিছিল যদিও সঁহাৰি নাপালে। সেয়ে পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক দেব বিশ্ববিদ্যালয়ৰ অনুৰোধত সকলো সুবিধা লাভ কৰি তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লয়। তেওঁৰ প্ৰশিক্ষক অনির্বান বেনাৰ্জী। প্ৰনৱ দত্ত আৰু প্ৰনতি দত্তৰ কন্যা ছুমিয়ে তিনিচুকীয়াৰ অনির্বান ফেন্সিং স্প'ৰ্টছ একাডেমীতে প্রশিক্ষণ লৈ আছে। 

ইফালে, তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পদক তালিকাত শীৰ্ষস্থানত থাকে পঞ্জাৱ বিশ্ববিদ্যালয় দল। বিশ্ববিদ্যালয়খনে ২৬ টা সোণ, ১৭ টা ৰূপ আৰু ২৬ টা ব্ৰঞ্জসহ মুঠ ৬৯ টা পদক লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয় স্থানত থকা পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক দেব বিশ্ববিদ্যালয়ে ২৪ টা সোণ, ২৭ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জ অৰ্জন কৰিবলৈ সক্ষম হয়। ইফালে, ১৬ টা সোণ, ১০ টা ৰূপ আৰু ছটা ব্ৰঞ্জ লাভ কৰি তৃতীয় স্থানত থাকে কৰ্ণাটকৰ জৈন বিশ্ববিদ্যালয়। 

ইফালে, আজি বেনাৰসীত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কেন্দ্রীয় ক্রীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথ যোগী। সামৰণি অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে শ্রেষ্ঠ অৰ্জন কৰা বিশ্ববিদ্যালয় আৰু খেলুৱৈক ট্ৰফী প্ৰদান কৰা হয় ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ কার্যালয় থকা নতুন ভৱনটোৰ নাম কিয় ৰখা হ’ল ‘সেৱাতীৰ্থ’?
মঙলদৈত শোকাৱহ পথ দুর্ঘটনা; লাইট পোষ্টত খুন্দা মাৰি যুৱকৰ মৃত্যু
দৈনিক দুটাকৈ কণী খালে কি হ’ব? আপুনি আপোনাৰ শৰীৰত এই প্ৰভাৱবোৰ দেখিব
ইমৰান খান জীৱিত কিন্তু মানসিকভাৱে বিধ্বস্ত
দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী! অগাপিছাকৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, শোকস্তব্ধ গাঁওবাসী
ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ
কচুৱাৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন ; ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান
খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰত পূজা সেৱা; মাজুলীবাসীৰ বাবে হৈ পৰিছে নেদেখা জনেই শেষ ভৰসা
কাৰাগাৰত ইমৰান খানক 'হত্যা'ৰ বাতৰিক লৈ উত্তাল পাকিস্তান
UPI পেমেণ্টত প্ৰাথমিক বেংক একাউণ্ট ব্যৱহাৰে বৃদ্ধি কৰে ডিজিটেল জালিয়াতিৰ আশংকা : গোপাল ভিট্টাল
শ্বেয়াৰ বজাৰৰ উত্থান, ৬ লাখ কোটি টকা লাভ বিনিয়োগকাৰীৰ