--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে। দেশৰ দুশৰো অধিক বিশ্ববিদ্যালয়ৰ প্ৰায় চাৰি হেজাৰ খেলুৱৈয়ে মুঠ ২১ বিধ খেলত অংশ লৈ কেবাটাও নতুন অভিলেখো গঢ়িছে। এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ গুৰুত্বপূৰ্ণ দিশটো আছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতা হোৱাৰ পাছতো কেবাজনো অলিম্পিয়ান তথা বিশ্ব চেম্পিয়ন ক্রীড়াবিদে অংশগ্রহণ লোৱাটো ।

 ইফালে, তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গৌৰৱময় সফলতা লাভ কৰিছে অসমৰ খেলুৱৈয়ে। তাৰকা শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বর্ণজয়ৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰাৰ পাছত আজি অন্তিম দিনাও অসমৰ মহিলা ফেন্সিং খেলুৱৈ ছুমি দত্তই সোণ লাভ কৰি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ৰাজ্যৰ সাফল্যৰ গৌৰৱ যাত্ৰাৰ সামৰণি কৰে ৷ উল্লেখ্য যে অসমৰ মহিলা ফেন্সিং খেলুৱৈ ছুমিয়ে পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক দেব বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লৈছিল । আজি লক্ষ্ণৌৰ ইকানা স্প'ৰ্টছ চিটীৰ ইনড'ৰ ষ্টেডিয়ামত হোৱা ফেন্সিং প্রতিযোগিতাৰ মহিলাৰ দলীয় ইপী শাখাত সোণ লাভ কৰে অসম কন্যা ছুমিয়ে প্রতিনিধিত্ব কৰা গুৰুনানক দেব বিশ্ববিদ্যালয়ে। আনহাতে, মনিপুৰ বিশ্ববিদ্যালয়ে ৰূপ তথা পঞ্জাৱ বিশ্ববিদ্যালয় আৰু ছৰ্ডাৰ পেটেল বিশ্ববিদ্যালয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। 

অসমৰ তিনিচুকীয়াৰ প্ৰতিভাবান মহিলা ফেন্সিং খেলুৱৈ ছুমিয়ে প্রথমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ খেলাৰ অগ্ৰহ প্ৰকাশ কৰিছিল যদিও সঁহাৰি নাপালে। সেয়ে পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক দেব বিশ্ববিদ্যালয়ৰ অনুৰোধত সকলো সুবিধা লাভ কৰি তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লয়। তেওঁৰ প্ৰশিক্ষক অনির্বান বেনাৰ্জী। প্ৰনৱ দত্ত আৰু প্ৰনতি দত্তৰ কন্যা ছুমিয়ে তিনিচুকীয়াৰ অনির্বান ফেন্সিং স্প'ৰ্টছ একাডেমীতে প্রশিক্ষণ লৈ আছে। 

ইফালে, তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পদক তালিকাত শীৰ্ষস্থানত থাকে পঞ্জাৱ বিশ্ববিদ্যালয় দল। বিশ্ববিদ্যালয়খনে ২৬ টা সোণ, ১৭ টা ৰূপ আৰু ২৬ টা ব্ৰঞ্জসহ মুঠ ৬৯ টা পদক লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয় স্থানত থকা পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক দেব বিশ্ববিদ্যালয়ে ২৪ টা সোণ, ২৭ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জ অৰ্জন কৰিবলৈ সক্ষম হয়। ইফালে, ১৬ টা সোণ, ১০ টা ৰূপ আৰু ছটা ব্ৰঞ্জ লাভ কৰি তৃতীয় স্থানত থাকে কৰ্ণাটকৰ জৈন বিশ্ববিদ্যালয়। 

ইফালে, আজি বেনাৰসীত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কেন্দ্রীয় ক্রীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথ যোগী। সামৰণি অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে শ্রেষ্ঠ অৰ্জন কৰা বিশ্ববিদ্যালয় আৰু খেলুৱৈক ট্ৰফী প্ৰদান কৰা হয় ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে