--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ হ্ৰেয়াংশ  ডেকা আৰু প্ৰজ্ঞান বসুমতাৰীয়ে গুৱাহাটী দবা চেম্পিয়নশ্বিপ-২০২৩ত ৭ বছৰ অনুৰ্ধৰ শাখাত উন্নত প্ৰদৰ্শন কৰি সকলোৰে  দৃষ্টি আকৰ্ষণ কৰে।  ৫ ৰাউণ্ডৰ পৰা সম্পূৰ্ণ ৫ পইণ্ট লাভ কৰি আৰু সমগ্ৰ প্ৰতিযোগিতাখনত  অপৰাজিত হৈ  হ্ৰেয়াং ডেকা চেম্পিয়ন হয়।

 ৩ পইণ্ট লাভ কৰি প্ৰজ্ঞান বসুমতাৰীয়ে তৃতীয় স্থান লাভ। ৰেবংশ শৰ্মাই ৪ পইণ্ট সংগ্ৰহ কৰি  দ্বিতীয় স্থান লাভ কৰে। হ্ৰেয়াংশ আৰু প্ৰজ্ঞান দুয়োজনেই আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে।

গুৱাহাটী দবা সন্থাৰ উদ্যোগত অহা ২৬ মে’ৰ পৰা ২৮ মে’লৈ গুৱাহাটীৰ শান্তিপুৰ এথলেটিক ক্লাবত এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈছিল।

হ্ৰেয়াংশ আৰু প্ৰজ্ঞান  বৰ্তমান  ফিডে প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত গুৱাহাটী দবা একাডেমীত প্ৰশিক্ষণ লৈ আছে ।  গুৱাহাটী দবা একাডেমীয়ে দুয়োকে তেওঁলোকৰ এই  কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে