--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ প্ৰথমখন সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি ১৯৭১ৰ পৰা আনুষ্ঠানিকভাৱে পৰীক্ষাৰ ব্যৱস্থা কৰে সঙ্গীত সত্ৰই। বৰ্তমান সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ নামে পৰিচিত পৰিষদে অসম, ভাৰত আৰু ভাৰতৰ বাহিৰতো প্ৰতিষ্ঠা লাভ কৰিছে৷

এই বছৰ নতুন দিল্লীত মিনাক্ষী মেধিৰ নেতৃত্বত সৎকাৰ নামৰ বিদ্যালয় খনত পোন প্ৰথমবাৰৰ বাবে গুণীন বৰ্ষৰ পৰীক্ষাত ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ সক্ষম হৈছে। ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দিল্লীৰ কেন্দ্ৰৰ দ্বাৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে। সত্ৰীয়া নৃত্যৰ বাবে এয়া অতি আদৰণীয় পদক্ষেপ। পৰীক্ষা পৰিষদৰ দ্বাৰা এই বছৰ পৰীক্ষক হিচাপে লক্ষীমপুৰ সুৰজিৎত ভূঞাক দায়িত্ব দিয়া হৈছিল।

সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ অনাগত দিনৰ বাবে বিশেষ দিন হিচাপে পৰিগণিত হ'ল৷সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ পৰীক্ষাৰ্থীয়ে মুকলি কৰিলে সত্ৰীয়া সঙ্গীতৰ বাবে এক নতুন দিশ।  প্ৰথমবাৰৰ বাবে ৭বছৰৰ শিক্ষা লৈ সত্ৰীয়া গুণীন পৰীক্ষাত অৱতীৰ্ণ হৈছে বিদেশ আৰু অসমৰ বাহিৰৰ শিক্ষাৰ্থী।পদ্মশ্ৰী ঘনকান্ত পৰা বৰবায়নৰ নেতৃত্বত ৫০ বছৰীয়া সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদে সচিব ৰঞ্জুমণি শইকীয়াৰ তৎপৰতাত তদানীন্তন উপ নিয়ন্ত্ৰক সুৰজিৎ ভূঞাৰ পৰিকল্পনাত পাতনি তৰা দেশে বিদেশে সত্ৰীয়া সঙ্গীতৰ  বিদ্যায়তনিক শিক্ষাৰ আৰম্ভণি হৈছিল দিল্লী ,মুম্বাই, পুণা আৰু আমেৰিকাত। ইয়াৰে দিল্লীৰ সত্ৰীয়া নৃত্যশালা মীনাক্ষী মেধিৰ পৰিচালনাত পৰৱৰ্ত্তী সময়ত নয়দালৈ স্থানান্তৰিত হয়।৭বছৰীয়া শিক্ষাৰ প্ৰথম দলটি  চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ।৩২ গৰাকী পৰীক্ষাৰ্থীৰ কেন্দ্ৰটিৰ চূড়ান্ত তিনিগৰাকীৰ  এগৰাকী ফ্ৰান্সৰ,এগৰাকী উত্তৰ প্ৰদেশৰ ।আনহাতে অৱতীৰ্ণ  সকলৰ মাজৰ ৯গৰাকী বিদেশী আৰু NRI হোৱাৰ বিপৰীতে আন ২০ গৰাকী অনা অসমীয়া । আমষ্টাৰদাম,অকলেণ্ড, কানাডা, ডুবাই, কুৱেইট,নিউ জাৰ্ছী প্ৰভৃতিৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে অংশ লয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অফলাইন এনে গুণীন পৰীক্ষাত পৰীক্ষকৰূপে লক্ষীমপুৰৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাই পৰীক্ষা লয়।উল্লেখ্য যে আন বৰ্ষৰ পৰীক্ষা অনলাইন অফলাইন দুই পদ্ধতিৰে হয়।পৰিষদৰ ৰাজ্যৰ বাহিৰৰ আন কেন্দ্ৰ  সমূহটো তৎপৰতা চলি আছে।  সত্ৰীয়া সঙ্গীতৰ বিদ্যায়তনিক শিক্ষাৰ প্ৰসাৰতা ৰাজ্য আৰু দেশৰ সীমা পাৰ হৈ সকলোকে আকৰ্ষিত কৰাটো সঙ্গীত সত্ৰৰ এক বিপুল সফলতা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান