--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ প্ৰথমখন সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি ১৯৭১ৰ পৰা আনুষ্ঠানিকভাৱে পৰীক্ষাৰ ব্যৱস্থা কৰে সঙ্গীত সত্ৰই। বৰ্তমান সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ নামে পৰিচিত পৰিষদে অসম, ভাৰত আৰু ভাৰতৰ বাহিৰতো প্ৰতিষ্ঠা লাভ কৰিছে৷

এই বছৰ নতুন দিল্লীত মিনাক্ষী মেধিৰ নেতৃত্বত সৎকাৰ নামৰ বিদ্যালয় খনত পোন প্ৰথমবাৰৰ বাবে গুণীন বৰ্ষৰ পৰীক্ষাত ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ সক্ষম হৈছে। ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দিল্লীৰ কেন্দ্ৰৰ দ্বাৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে। সত্ৰীয়া নৃত্যৰ বাবে এয়া অতি আদৰণীয় পদক্ষেপ। পৰীক্ষা পৰিষদৰ দ্বাৰা এই বছৰ পৰীক্ষক হিচাপে লক্ষীমপুৰ সুৰজিৎত ভূঞাক দায়িত্ব দিয়া হৈছিল।

সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ অনাগত দিনৰ বাবে বিশেষ দিন হিচাপে পৰিগণিত হ'ল৷সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ পৰীক্ষাৰ্থীয়ে মুকলি কৰিলে সত্ৰীয়া সঙ্গীতৰ বাবে এক নতুন দিশ।  প্ৰথমবাৰৰ বাবে ৭বছৰৰ শিক্ষা লৈ সত্ৰীয়া গুণীন পৰীক্ষাত অৱতীৰ্ণ হৈছে বিদেশ আৰু অসমৰ বাহিৰৰ শিক্ষাৰ্থী।পদ্মশ্ৰী ঘনকান্ত পৰা বৰবায়নৰ নেতৃত্বত ৫০ বছৰীয়া সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদে সচিব ৰঞ্জুমণি শইকীয়াৰ তৎপৰতাত তদানীন্তন উপ নিয়ন্ত্ৰক সুৰজিৎ ভূঞাৰ পৰিকল্পনাত পাতনি তৰা দেশে বিদেশে সত্ৰীয়া সঙ্গীতৰ  বিদ্যায়তনিক শিক্ষাৰ আৰম্ভণি হৈছিল দিল্লী ,মুম্বাই, পুণা আৰু আমেৰিকাত। ইয়াৰে দিল্লীৰ সত্ৰীয়া নৃত্যশালা মীনাক্ষী মেধিৰ পৰিচালনাত পৰৱৰ্ত্তী সময়ত নয়দালৈ স্থানান্তৰিত হয়।৭বছৰীয়া শিক্ষাৰ প্ৰথম দলটি  চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ।৩২ গৰাকী পৰীক্ষাৰ্থীৰ কেন্দ্ৰটিৰ চূড়ান্ত তিনিগৰাকীৰ  এগৰাকী ফ্ৰান্সৰ,এগৰাকী উত্তৰ প্ৰদেশৰ ।আনহাতে অৱতীৰ্ণ  সকলৰ মাজৰ ৯গৰাকী বিদেশী আৰু NRI হোৱাৰ বিপৰীতে আন ২০ গৰাকী অনা অসমীয়া । আমষ্টাৰদাম,অকলেণ্ড, কানাডা, ডুবাই, কুৱেইট,নিউ জাৰ্ছী প্ৰভৃতিৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে অংশ লয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অফলাইন এনে গুণীন পৰীক্ষাত পৰীক্ষকৰূপে লক্ষীমপুৰৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাই পৰীক্ষা লয়।উল্লেখ্য যে আন বৰ্ষৰ পৰীক্ষা অনলাইন অফলাইন দুই পদ্ধতিৰে হয়।পৰিষদৰ ৰাজ্যৰ বাহিৰৰ আন কেন্দ্ৰ  সমূহটো তৎপৰতা চলি আছে।  সত্ৰীয়া সঙ্গীতৰ বিদ্যায়তনিক শিক্ষাৰ প্ৰসাৰতা ৰাজ্য আৰু দেশৰ সীমা পাৰ হৈ সকলোকে আকৰ্ষিত কৰাটো সঙ্গীত সত্ৰৰ এক বিপুল সফলতা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু