--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ মাতৃ হৈছে। অৱশ্যে সন্তান জন্মৰ দুদিন পিছতহে তেওঁ অনুৰাগীসকলক এই ভাল খবৰটো জনাইছে। শ্বৰাই  তেওঁৰ নৱজাতক কন্যাৰ এখন ফটোও শ্বেয়াৰ কৰিছে আৰু প্ৰকাশ কৰিছে যে তেওঁ কন্যাৰ  নাম 'ৰাবিয়া' ৰাখিছে।দীঘলীয়া পোষ্টত কন্যা সন্তানৰ আগমনৰ কথা প্ৰকাশ কৰি স্বৰাই কৈছে যে ফাৱাদ আৰু তেওঁ  কন্যাৰ নাম  ৰাবিয়া ৰাখিবলৈ সিদ্ধান্ত লৈছে। 

চিকিৎসালয়খনৰ পৰা কেইবাখনো ছবি শ্বেয়াৰ কৰি স্বৰাই লিখিছে, "আমাৰ প্ৰাৰ্থনা সঁচা হৈছে। মই আশীৰ্বাদপ্ৰাপ্ত হৈছো । মোৰ কাণৰ কাষত বাজি উঠিছে  এটা মিঠা গান । মই এটি কন্যা সন্তানৰ মাতৃ হৈছো। আমি তেওঁৰ  নাম ৰাবিয়া  ৰাখিছো। আপোনাৰ মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ। "

চলিত বৰ্ষৰ ৬ জানুৱাৰীত স্বৰাই দীৰ্ঘদিনীয়া বন্ধু আৰু প্ৰেমিক ৰাজনৈতিক কৰ্মী ফাহাদ আহমেদৰ সৈতে  বিবাহ পঞ্জীয়ন কৰিছিল। তাৰ পিছত ১৬ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীয়ে  তেওঁৰ পৰিয়ালক সাক্ষী হিচাপে ৰাখি আনুষ্ঠানিকভাবে  সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।প্ৰথমে, তেওঁ এই বিবাহৰ কথা গোপনে ৰাখিছিল। স্বৰাই ছচিয়েল মিডিয়াৰ জৰিয়তে বিয়াৰ খবৰটো পিছত ঘোষণা কৰিছিল।উল্লেখ্য  স্বৰাই ফাহাদক এটা ৰেলীত লগ পাইছিল।তাৰ পিছতেই আৰম্ভ হৈছিল প্ৰেম। 

বিয়াৰ খবৰটো  শ্বেয়াৰ কৰি স্বৰাই লিখিছিল, "বহু সময়ত আমি বহুদূৰত কিবা বিচাৰো। কিন্তু বেছিভাগ সময়তে, জীৱনৰ ভাললগা বস্তুটো কাষত থাকে। আমি প্ৰেম বিচাৰো। কিন্তু আমি প্ৰথমে বন্ধু হৈ পৰিছিলো। ’’ মোৰ হৃদয়লৈ স্বাগতম, ফাহাদ। এতিয়া এগৰাকী নতুন সদস্য স্বৰা আৰু ফাৱাদৰ পৰিয়াললৈ আহিছে।

উল্লেখ্য স্বৰা ভাস্কৰক এতিয়াও সামাজিক মাধ্যমত বহুতে  বিয়াকলৈয়েই উপহাস কৰিছিল । ইয়াৰ একমাত্ৰ কাৰণ হ'ল ফাহাদ আহমেদ ৷ ফাহাদৰ সৈতে স্বৰা ভাস্কৰে বিয়াত বহাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল।  কাৰণ স্বৰা আৰু ফাহাদ  একে ধৰ্মৰ নহয়। স্বৰা-ফাহাদৰ বিয়া বিশেষ বিবাহ আইনৰ অধীনত সম্পন্ন হৈছিল৷ কিন্তু তাৰ পাছতো ধৰ্মৰ বিতৰ্ক দূৰ হোৱা নাছিল৷ স্বৰাৰ সৈতে জড়িত হৈ পৰিছিল   দুটা শব্দ 'চুটকেচ' আৰু 'ফ্ৰীজ' ।বহুতে হয়তো বুজি পাইছে যে এই দুটা শব্দৰ আঁৰত কি ঘটনাৰ  ইংগিত লুকাই আছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক