--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ মাতৃ হৈছে। অৱশ্যে সন্তান জন্মৰ দুদিন পিছতহে তেওঁ অনুৰাগীসকলক এই ভাল খবৰটো জনাইছে। শ্বৰাই  তেওঁৰ নৱজাতক কন্যাৰ এখন ফটোও শ্বেয়াৰ কৰিছে আৰু প্ৰকাশ কৰিছে যে তেওঁ কন্যাৰ  নাম 'ৰাবিয়া' ৰাখিছে।দীঘলীয়া পোষ্টত কন্যা সন্তানৰ আগমনৰ কথা প্ৰকাশ কৰি স্বৰাই কৈছে যে ফাৱাদ আৰু তেওঁ  কন্যাৰ নাম  ৰাবিয়া ৰাখিবলৈ সিদ্ধান্ত লৈছে। 

চিকিৎসালয়খনৰ পৰা কেইবাখনো ছবি শ্বেয়াৰ কৰি স্বৰাই লিখিছে, "আমাৰ প্ৰাৰ্থনা সঁচা হৈছে। মই আশীৰ্বাদপ্ৰাপ্ত হৈছো । মোৰ কাণৰ কাষত বাজি উঠিছে  এটা মিঠা গান । মই এটি কন্যা সন্তানৰ মাতৃ হৈছো। আমি তেওঁৰ  নাম ৰাবিয়া  ৰাখিছো। আপোনাৰ মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ। "

চলিত বৰ্ষৰ ৬ জানুৱাৰীত স্বৰাই দীৰ্ঘদিনীয়া বন্ধু আৰু প্ৰেমিক ৰাজনৈতিক কৰ্মী ফাহাদ আহমেদৰ সৈতে  বিবাহ পঞ্জীয়ন কৰিছিল। তাৰ পিছত ১৬ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীয়ে  তেওঁৰ পৰিয়ালক সাক্ষী হিচাপে ৰাখি আনুষ্ঠানিকভাবে  সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।প্ৰথমে, তেওঁ এই বিবাহৰ কথা গোপনে ৰাখিছিল। স্বৰাই ছচিয়েল মিডিয়াৰ জৰিয়তে বিয়াৰ খবৰটো পিছত ঘোষণা কৰিছিল।উল্লেখ্য  স্বৰাই ফাহাদক এটা ৰেলীত লগ পাইছিল।তাৰ পিছতেই আৰম্ভ হৈছিল প্ৰেম। 

বিয়াৰ খবৰটো  শ্বেয়াৰ কৰি স্বৰাই লিখিছিল, "বহু সময়ত আমি বহুদূৰত কিবা বিচাৰো। কিন্তু বেছিভাগ সময়তে, জীৱনৰ ভাললগা বস্তুটো কাষত থাকে। আমি প্ৰেম বিচাৰো। কিন্তু আমি প্ৰথমে বন্ধু হৈ পৰিছিলো। ’’ মোৰ হৃদয়লৈ স্বাগতম, ফাহাদ। এতিয়া এগৰাকী নতুন সদস্য স্বৰা আৰু ফাৱাদৰ পৰিয়াললৈ আহিছে।

উল্লেখ্য স্বৰা ভাস্কৰক এতিয়াও সামাজিক মাধ্যমত বহুতে  বিয়াকলৈয়েই উপহাস কৰিছিল । ইয়াৰ একমাত্ৰ কাৰণ হ'ল ফাহাদ আহমেদ ৷ ফাহাদৰ সৈতে স্বৰা ভাস্কৰে বিয়াত বহাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল।  কাৰণ স্বৰা আৰু ফাহাদ  একে ধৰ্মৰ নহয়। স্বৰা-ফাহাদৰ বিয়া বিশেষ বিবাহ আইনৰ অধীনত সম্পন্ন হৈছিল৷ কিন্তু তাৰ পাছতো ধৰ্মৰ বিতৰ্ক দূৰ হোৱা নাছিল৷ স্বৰাৰ সৈতে জড়িত হৈ পৰিছিল   দুটা শব্দ 'চুটকেচ' আৰু 'ফ্ৰীজ' ।বহুতে হয়তো বুজি পাইছে যে এই দুটা শব্দৰ আঁৰত কি ঘটনাৰ  ইংগিত লুকাই আছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু