--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিঃসন্দেহে বিৰাট কোহলী বৰ্তমান সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট তাৰকা। যাদুকৰী বেটিঙেৰে কিং কোহলীয়ে মোহিত কৰি আহিছে কিং কোহলী। অগণন ক্ৰিকেট ফেনৰ প্ৰিয় ক্ৰিকেটাৰ কিং কোহলী। কিন্তু কোহলীৰ প্ৰিয় ক্ৰিকেটাৰ কোন?

ইতিমধ্যে বহু সাক্ষাৎকাৰত কোহলীয়ে শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী, এ বি ডি ভিলিয়াৰ্ছৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে। দক্ষিণ আফ্ৰিকাৰ লিজেণ্ড হাৰ্চেল গিবছৰো অনুৰাগী কোহলী। কিন্তু এইসমূহ ক্ৰিকেটাৰে বৰ্তমান সক্ৰিয় ৰূপত নাই। তেনেস্থলত বৰ্তমান সময়ত খেলি থকা কোনজন ক্ৰিকেটাৰৰ খেল ভাল পায় কোহলীয়ে?

শেহতীয়াকৈ ষ্টাৰ স্পৰ্টছক কোহলীয়ে জনায় যে সমসাময়িক খেলুৱৈৰ ভিতৰত বেন ষ্ট’কছক ভাল পায় তেওঁ। কহলীয়ে কয়- ''বন ষ্ট’কছ এই সময়ৰ মোৰ প্ৰিয় ক্ৰিকেটাৰ।’’

উল্লেখ্য যে ইংলেণ্ডৰ ক্ৰিকেটত জোৱাৰ অনা অন্যতম খেলুৱৈ হৈছে বেন ষ্ট’কছ। আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা ষ্ট’কছ বৰ্তমান ইংলেণ্ড টেষ্ট টীমৰ কেপ্টেইন। ষ্ট’কছৰ অধিনায়কত্বতে ইংলেণ্ডে শেহতীয়া এচেজ শৃংখলা ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০২২ চনৰ টি২০ বিশ্বকাপত ইংলেণ্ডৰ বিজয়তো অনবদ্য বৰঙণি আগবঢ়াইছিল অলৰাউণ্ডাৰজনে।

ষ্ট’কছে এতিয়ালৈকে  ৯৭ খন টেষ্ট খেলি ৬,১১৭ ৰাণ আৰু ১৯৭ টা উইকেট দখল কৰিছে। ১০৫খন এদিনীয়াত সংগ্ৰহ কৰিছে ২,৯২৪ ৰাণ আৰু ৭৪ টা উইকেট। ৪৩ খন টি২০ মেচত সংগ্ৰহ কৰিছে ৫৮৫ ৰাণ আৰু ২৬ টা উইকেট।





FOLLOW US F
POPULAR
FEATURE
TRENDY
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
মাত্ৰ দুসপ্তাহৰ বাবে চেনি এৰি দিলে আপুনি বহুতো পৰিৱৰ্তন দেখিবলৈ পাব
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে