--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিঃসন্দেহে বিৰাট কোহলী বৰ্তমান সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট তাৰকা। যাদুকৰী বেটিঙেৰে কিং কোহলীয়ে মোহিত কৰি আহিছে কিং কোহলী। অগণন ক্ৰিকেট ফেনৰ প্ৰিয় ক্ৰিকেটাৰ কিং কোহলী। কিন্তু কোহলীৰ প্ৰিয় ক্ৰিকেটাৰ কোন?

ইতিমধ্যে বহু সাক্ষাৎকাৰত কোহলীয়ে শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী, এ বি ডি ভিলিয়াৰ্ছৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে। দক্ষিণ আফ্ৰিকাৰ লিজেণ্ড হাৰ্চেল গিবছৰো অনুৰাগী কোহলী। কিন্তু এইসমূহ ক্ৰিকেটাৰে বৰ্তমান সক্ৰিয় ৰূপত নাই। তেনেস্থলত বৰ্তমান সময়ত খেলি থকা কোনজন ক্ৰিকেটাৰৰ খেল ভাল পায় কোহলীয়ে?

শেহতীয়াকৈ ষ্টাৰ স্পৰ্টছক কোহলীয়ে জনায় যে সমসাময়িক খেলুৱৈৰ ভিতৰত বেন ষ্ট’কছক ভাল পায় তেওঁ। কহলীয়ে কয়- ''বন ষ্ট’কছ এই সময়ৰ মোৰ প্ৰিয় ক্ৰিকেটাৰ।’’

উল্লেখ্য যে ইংলেণ্ডৰ ক্ৰিকেটত জোৱাৰ অনা অন্যতম খেলুৱৈ হৈছে বেন ষ্ট’কছ। আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা ষ্ট’কছ বৰ্তমান ইংলেণ্ড টেষ্ট টীমৰ কেপ্টেইন। ষ্ট’কছৰ অধিনায়কত্বতে ইংলেণ্ডে শেহতীয়া এচেজ শৃংখলা ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০২২ চনৰ টি২০ বিশ্বকাপত ইংলেণ্ডৰ বিজয়তো অনবদ্য বৰঙণি আগবঢ়াইছিল অলৰাউণ্ডাৰজনে।

ষ্ট’কছে এতিয়ালৈকে  ৯৭ খন টেষ্ট খেলি ৬,১১৭ ৰাণ আৰু ১৯৭ টা উইকেট দখল কৰিছে। ১০৫খন এদিনীয়াত সংগ্ৰহ কৰিছে ২,৯২৪ ৰাণ আৰু ৭৪ টা উইকেট। ৪৩ খন টি২০ মেচত সংগ্ৰহ কৰিছে ৫৮৫ ৰাণ আৰু ২৬ টা উইকেট।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক