--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অনুৰাগীৰ বাবে ভিডিঅ’ বাৰ্তা দিলে ৰোহিত শৰ্মাই। তেওঁৰ আই পি এল দল মুম্বাই ইণ্ডিয়ানছে এই ভিডিঅ’টো পোষ্ট কৰে। বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছতো তেওঁৰ কাষত থিয় দিয়াৰ বাবে তেওঁ অনুৰাগীসকলক ধন্যবাদ জনায়। লগতে তেওঁ কয় যে বিশ্বকাপত ভাৰতীয় দলটোৱে কেনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ৰোহিতে কয়, বিশ্বকাপৰ পাছত স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো কঠিন হৈ পৰিছিল। কি কৰিম মই নাজানিছিলোঁ। গতিকে ক্ৰিকেটৰ পৰা আঁতৰি আছিলো। কিন্তু সমৰ্থকসকল মোৰ ওচৰলৈ আহিল, তেওঁলোক মোৰ কাষত আছিল। আমি বিশ্বকাপ জয় কৰাৰ সপোন দেখি আছিলো।’

ৰোহিতে লগতে কয়, ‘বিশ্বকাপৰ সময়ত আমি য’তেই গৈছিলো, সকলোৱে আমাক সমৰ্থন কৰিছিল। খেলপথাৰলৈ অহাসকল, ঘৰত চাই থকাসকল, সকলো আমাৰ কাষতে আছিল। সকলোকে ধন্যবাদ। কিন্তু কেৱল ভাবিলেই মোৰ মনটো হতাশ হৈ পৰে। আমি শেষলৈকে এই অনুৰাগীসকলক সন্তুষ্ট কৰিব পৰা নাছিলো।’

ৰোহিতে কয় যে তেওঁলোকে সমগ্ৰ দেশৰ আশাৰে প্ৰতিখন মেচতে খেলপথাৰত প্ৰৱেশ কৰিছিল। ৰোহিতে কয়, ‘ক্ৰিকেটাৰৰ ওপৰত যি হেঁচা আছে সেয়া অনুৰাগীসকলেও বুজিব লাগিব। আমি বহুত ভাগ্যৱান যে এনে হেৰুৱাৰ পিছতো অনুৰাগীয়ে কোনো খং দেখুৱাব পৰা নাছিল। বৰঞ্চ প্ৰেম দেখুৱাইছিল। বৰ ভাল লাগিল দেখি। আমি আকৌ আৰম্ভ কৰিম।’’

ৰোহিতে কয়, ‘মই ৫০ অভাৰৰ বিশ্বকাপ চাই ডাঙৰ হৈছো। মোৰ বাবে সেইটোৱেই ক্ৰিকেটৰ শ্ৰেষ্ঠ প্ৰতিযোগিতা। কেৱল এই বিশ্বকাপ জয়ৰ বাবেই ইমান বছৰ কষ্ট কৰিলোঁ। শেষত যদি এনেকুৱাই ফল হয় তেন্তে হতাশাজনক হ’বই। ইমান বছৰে যি সপোন দেখি আছিলো, সেয়া বাস্তৱ নহ’ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক