--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অনুৰাগীৰ বাবে ভিডিঅ’ বাৰ্তা দিলে ৰোহিত শৰ্মাই। তেওঁৰ আই পি এল দল মুম্বাই ইণ্ডিয়ানছে এই ভিডিঅ’টো পোষ্ট কৰে। বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছতো তেওঁৰ কাষত থিয় দিয়াৰ বাবে তেওঁ অনুৰাগীসকলক ধন্যবাদ জনায়। লগতে তেওঁ কয় যে বিশ্বকাপত ভাৰতীয় দলটোৱে কেনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ৰোহিতে কয়, বিশ্বকাপৰ পাছত স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো কঠিন হৈ পৰিছিল। কি কৰিম মই নাজানিছিলোঁ। গতিকে ক্ৰিকেটৰ পৰা আঁতৰি আছিলো। কিন্তু সমৰ্থকসকল মোৰ ওচৰলৈ আহিল, তেওঁলোক মোৰ কাষত আছিল। আমি বিশ্বকাপ জয় কৰাৰ সপোন দেখি আছিলো।’

ৰোহিতে লগতে কয়, ‘বিশ্বকাপৰ সময়ত আমি য’তেই গৈছিলো, সকলোৱে আমাক সমৰ্থন কৰিছিল। খেলপথাৰলৈ অহাসকল, ঘৰত চাই থকাসকল, সকলো আমাৰ কাষতে আছিল। সকলোকে ধন্যবাদ। কিন্তু কেৱল ভাবিলেই মোৰ মনটো হতাশ হৈ পৰে। আমি শেষলৈকে এই অনুৰাগীসকলক সন্তুষ্ট কৰিব পৰা নাছিলো।’

ৰোহিতে কয় যে তেওঁলোকে সমগ্ৰ দেশৰ আশাৰে প্ৰতিখন মেচতে খেলপথাৰত প্ৰৱেশ কৰিছিল। ৰোহিতে কয়, ‘ক্ৰিকেটাৰৰ ওপৰত যি হেঁচা আছে সেয়া অনুৰাগীসকলেও বুজিব লাগিব। আমি বহুত ভাগ্যৱান যে এনে হেৰুৱাৰ পিছতো অনুৰাগীয়ে কোনো খং দেখুৱাব পৰা নাছিল। বৰঞ্চ প্ৰেম দেখুৱাইছিল। বৰ ভাল লাগিল দেখি। আমি আকৌ আৰম্ভ কৰিম।’’

ৰোহিতে কয়, ‘মই ৫০ অভাৰৰ বিশ্বকাপ চাই ডাঙৰ হৈছো। মোৰ বাবে সেইটোৱেই ক্ৰিকেটৰ শ্ৰেষ্ঠ প্ৰতিযোগিতা। কেৱল এই বিশ্বকাপ জয়ৰ বাবেই ইমান বছৰ কষ্ট কৰিলোঁ। শেষত যদি এনেকুৱাই ফল হয় তেন্তে হতাশাজনক হ’বই। ইমান বছৰে যি সপোন দেখি আছিলো, সেয়া বাস্তৱ নহ’ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু