--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টি২০ মেচত চালু হয় আই চি চিৰ এটা নতুন নিয়ম। মঙলবাৰে টি-২০ মেচখনত চালু হোৱা আই চি চিৰ নিয়মটোৰ নাম- ‘ষ্টপ ক্লক’ নিয়ম। আইচিচিয়ে এই নিয়ম প্ৰৱৰ্তন কৰিব বিচাৰিছে যাতে সময়মতে মেচ সম্পূৰ্ণ কৰিব পৰা যায়।

আই চি চিৰ ষ্টপ ক্লক নিয়ম অনুসৰি ফিল্ডিং দলটোৱে দুটা অভাৰৰ মাজত ৬০ ছেকেণ্ড সময় প্ৰস্তুতি চলাবলৈ অনুমতি দিয়ে। মেচত যদি কোনো দলে তিনিবাৰ পলম কৰে তেন্তে বেটিং দলটোক পেনাল্টি হিচাপে পাঁচটা ৰান দিয়া হ’ব।

আইচিচিৰ জেনেৰেল ক্ৰিকেট মেনেজাৰ ৱাছিম ​​খানে কয়, ‘আমি খেলখন কেনেকৈ সোনকালে সমাপ্ত কৰিব পাৰি তাৰ ওপৰত চকু ৰাখিছো। বগা বল ক্ৰিকেটত এই ষ্টপ ক্লক নিয়ম প্ৰৱৰ্তন কৰা হৈছে। ২০২২ চনৰ পৰা ফিল্ডিং দলটোৱে যদি দেৰি কৰে তেন্তে এজন অতিৰিক্ত ফিল্ডাৰক ৩০ গজৰ ভিতৰত ৰাখিব লাগিব। এই নিয়মৰ পিছতে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে।”

এদিনীয়া খেল এখন সম্পূৰ্ণ হ’বলৈ আঠৰ পৰা সাড়ে আঠ ঘণ্টা সময় লাগে। এখন টি-২০ মেচ সম্পূৰ্ণ হ’বলৈ সাড়ে চাৰি ঘণ্টা সময় লাগে। কিন্তু বিভিন্ন সময়ত অতিৰিক্ত সময়ৰ প্ৰয়োজন হোৱা দেখা গৈছে। সময় শেষ কিন্তু খেল শেষ হোৱা নাই। ৫৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ট্ৰাইল হিচাপে ব্যৱহাৰ কৰা হ’ব ‘ষ্টপ ক্লক’ নিয়ম। এই ডিচেম্বৰৰ পৰা অহা বছৰৰ এপ্ৰিললৈকে বিভিন্ন মেচত এই ষ্টপ ক্লক নিয়ম প্ৰযোজ্য হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু