--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টি২০ মেচত চালু হয় আই চি চিৰ এটা নতুন নিয়ম। মঙলবাৰে টি-২০ মেচখনত চালু হোৱা আই চি চিৰ নিয়মটোৰ নাম- ‘ষ্টপ ক্লক’ নিয়ম। আইচিচিয়ে এই নিয়ম প্ৰৱৰ্তন কৰিব বিচাৰিছে যাতে সময়মতে মেচ সম্পূৰ্ণ কৰিব পৰা যায়।

আই চি চিৰ ষ্টপ ক্লক নিয়ম অনুসৰি ফিল্ডিং দলটোৱে দুটা অভাৰৰ মাজত ৬০ ছেকেণ্ড সময় প্ৰস্তুতি চলাবলৈ অনুমতি দিয়ে। মেচত যদি কোনো দলে তিনিবাৰ পলম কৰে তেন্তে বেটিং দলটোক পেনাল্টি হিচাপে পাঁচটা ৰান দিয়া হ’ব।

আইচিচিৰ জেনেৰেল ক্ৰিকেট মেনেজাৰ ৱাছিম ​​খানে কয়, ‘আমি খেলখন কেনেকৈ সোনকালে সমাপ্ত কৰিব পাৰি তাৰ ওপৰত চকু ৰাখিছো। বগা বল ক্ৰিকেটত এই ষ্টপ ক্লক নিয়ম প্ৰৱৰ্তন কৰা হৈছে। ২০২২ চনৰ পৰা ফিল্ডিং দলটোৱে যদি দেৰি কৰে তেন্তে এজন অতিৰিক্ত ফিল্ডাৰক ৩০ গজৰ ভিতৰত ৰাখিব লাগিব। এই নিয়মৰ পিছতে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে।”

এদিনীয়া খেল এখন সম্পূৰ্ণ হ’বলৈ আঠৰ পৰা সাড়ে আঠ ঘণ্টা সময় লাগে। এখন টি-২০ মেচ সম্পূৰ্ণ হ’বলৈ সাড়ে চাৰি ঘণ্টা সময় লাগে। কিন্তু বিভিন্ন সময়ত অতিৰিক্ত সময়ৰ প্ৰয়োজন হোৱা দেখা গৈছে। সময় শেষ কিন্তু খেল শেষ হোৱা নাই। ৫৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ট্ৰাইল হিচাপে ব্যৱহাৰ কৰা হ’ব ‘ষ্টপ ক্লক’ নিয়ম। এই ডিচেম্বৰৰ পৰা অহা বছৰৰ এপ্ৰিললৈকে বিভিন্ন মেচত এই ষ্টপ ক্লক নিয়ম প্ৰযোজ্য হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক