--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰলৈ এতিয়া অগণন ফুটবলপ্ৰেমীৰ সোঁত বৈছে। আহিছে প্ৰাক্তন তাৰকা ফুটবলাৰসকলো। ইয়াৰ ভিতৰত অন্যতম হৈছে এসময়ৰ গ্লেমাৰাছ ফুটবলাৰ ডেভিড বেকহাম।

জানিব পৰা মতে, বিশ্বকাপৰ এক সপ্তাহ পূৰ্বেই কাটাৰত আহি উপস্থিত হৈছিল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকী। ৰাজধানী দোহাৰ এখন বিলাসবহুল হোটেলত তেওঁ বাহৰ পাতিছে। হোটেলখনত প্ৰতি ৰাতিৰ ভাড়া হিচাপে তেওঁ দিব লগা হৈছে ২০ হাজাৰ পাউণ্ড, ভাৰতীয় মূল্যত ২০ লাখ টকা।

বিলাসবহুল হোটেলখনত বেকহামক অতিথি হিচাপে লাভ কৰি উল্লাস প্ৰকাশ কৰিছে হোটেলখনৰ কৰ্মীসকলে। এগৰাকী কৰ্মীয়ে কৈছে যে ডেভিড বেকহামৰ দৰে এগৰাকী ফুটবলাৰক সেৱা আগবঢ়াই তেওঁ বিৰাট সুখ অনুভৱ কৰিছে।

''বেকহামে অত্যন্ত নম্ৰ ব্যৱহাৰ কৰিছে আমাৰ স’তে। মাজ মাজে ধেমালিও কৰিছে।’’- কৰ্মীগৰাকীয়ে কয়।

হোটেলৰ কোঠাৰ পৰা বেকহামে কেৱল বিশ্বকাপৰ মেচসমূহ চাবলৈহে বাহিৰ হৈছে। বাকীখিনি সময় তেওঁ হোটেলতে সোমাই আছে। সাংবাদিকৰ পৰাও দূৰত আছে মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন তাৰকাগৰাকী। হোটেলৰ ৰান্ধনীকো নিজৰ পচন্দৰ খাদ্যৰ বিষয়ে জনাইছে বেকহামে। বিভিন্ন ধৰণৰ পাস্তা খাইছে বেকহামে।

ডোহাত ঘূৰা পকা কৰিবলৈ এখন ক’লা ৰঙৰ বিলাসী গাড়ী ভাড়া কৰি লৈছে বেকহামে। খেল চোৱাৰ উপৰিও কাটাৰৰ বিভিন্ন স্থানত গৈ দেশখনৰ সংস্কৃতি, ইতিহাসৰ বিষয়ে জ্ঞান লৈছে তাৰকাগৰাকীয়ে। দোহাৰ মিউজিয়াম অব ইচলামিক আৰ্টটো ভূমুকি মাৰিছে তেওঁ।

উল্লেখ্য যে ১০ বছৰৰ চুক্তিত কাটাৰৰ এম্বেচাদৰ হিচাপে আছে বেকহাম। সেয়ে বিশ্বকাপ চাবলৈ তেওঁ অকলেই দেশখনলৈ আহিছে। লগত পত্নী আৰু সন্তানক অনা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক