--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰলৈ এতিয়া অগণন ফুটবলপ্ৰেমীৰ সোঁত বৈছে। আহিছে প্ৰাক্তন তাৰকা ফুটবলাৰসকলো। ইয়াৰ ভিতৰত অন্যতম হৈছে এসময়ৰ গ্লেমাৰাছ ফুটবলাৰ ডেভিড বেকহাম।

জানিব পৰা মতে, বিশ্বকাপৰ এক সপ্তাহ পূৰ্বেই কাটাৰত আহি উপস্থিত হৈছিল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকী। ৰাজধানী দোহাৰ এখন বিলাসবহুল হোটেলত তেওঁ বাহৰ পাতিছে। হোটেলখনত প্ৰতি ৰাতিৰ ভাড়া হিচাপে তেওঁ দিব লগা হৈছে ২০ হাজাৰ পাউণ্ড, ভাৰতীয় মূল্যত ২০ লাখ টকা।

বিলাসবহুল হোটেলখনত বেকহামক অতিথি হিচাপে লাভ কৰি উল্লাস প্ৰকাশ কৰিছে হোটেলখনৰ কৰ্মীসকলে। এগৰাকী কৰ্মীয়ে কৈছে যে ডেভিড বেকহামৰ দৰে এগৰাকী ফুটবলাৰক সেৱা আগবঢ়াই তেওঁ বিৰাট সুখ অনুভৱ কৰিছে।

''বেকহামে অত্যন্ত নম্ৰ ব্যৱহাৰ কৰিছে আমাৰ স’তে। মাজ মাজে ধেমালিও কৰিছে।’’- কৰ্মীগৰাকীয়ে কয়।

হোটেলৰ কোঠাৰ পৰা বেকহামে কেৱল বিশ্বকাপৰ মেচসমূহ চাবলৈহে বাহিৰ হৈছে। বাকীখিনি সময় তেওঁ হোটেলতে সোমাই আছে। সাংবাদিকৰ পৰাও দূৰত আছে মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন তাৰকাগৰাকী। হোটেলৰ ৰান্ধনীকো নিজৰ পচন্দৰ খাদ্যৰ বিষয়ে জনাইছে বেকহামে। বিভিন্ন ধৰণৰ পাস্তা খাইছে বেকহামে।

ডোহাত ঘূৰা পকা কৰিবলৈ এখন ক’লা ৰঙৰ বিলাসী গাড়ী ভাড়া কৰি লৈছে বেকহামে। খেল চোৱাৰ উপৰিও কাটাৰৰ বিভিন্ন স্থানত গৈ দেশখনৰ সংস্কৃতি, ইতিহাসৰ বিষয়ে জ্ঞান লৈছে তাৰকাগৰাকীয়ে। দোহাৰ মিউজিয়াম অব ইচলামিক আৰ্টটো ভূমুকি মাৰিছে তেওঁ।

উল্লেখ্য যে ১০ বছৰৰ চুক্তিত কাটাৰৰ এম্বেচাদৰ হিচাপে আছে বেকহাম। সেয়ে বিশ্বকাপ চাবলৈ তেওঁ অকলেই দেশখনলৈ আহিছে। লগত পত্নী আৰু সন্তানক অনা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু