--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সতীৰ্থক গোমাংস ৰান্ধি খুৱালে লিঅ’নেল মেছিয়ে। মেক্সিকোৰ বিৰুদ্ধে বিশ্বকাপৰ নিৰ্ণায়ক মেচখনত দূৰ্দান্ত বিজয়ৰ পাছতে গোমাসংৰে আনন্দ উৎসৱ উদযাপন কৰিলে মেছিবাহিনীয়ে।

মেচখনত বিজয়সাব্যষ্ট কৰাৰ পাছদিনা আৰ্জেণ্টিনাৰ খেলুৱৈসকলে বিশ্ৰাম লয়। কাটাৰ বিশ্ববিদ্যালয় কেম্পাচত খেলুৱৈসকলে অৱসৰ বিনোদন উদযাপন কৰে। তেনে সময়তে মেছিয়ে ৰন্ধা বঢ়াত সময় দিয়ে। সতীৰ্থসকলৰ বাবে তৈয়াৰ কৰে গোমাংসৰ বাৰ্বিকিউ।

উল্লেখ্য যে মেছিৰ অন্যতম চখ হৈছে ৰন্ধা-বঢ়া কৰাত। গোমাংস মেছিৰ প্ৰিয় খাদ্য। কেইবাবাৰো এই কথা তেওঁ নিজেই প্ৰকাশ কৰিছে। এতিয়া মেক্সিকোৰ বিৰুদ্ধে বিজয়সাব্যষ্ট কৰাৰ পাছত মেছিয়ে গোমাংস ৰন্ধাৰ ফটোসমূহে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কেৱল মেছিয়ে নহয়, আৰ্জেণ্টিনাৰ সকলো খেলুৱৈৰে প্ৰিয় গোমাংসৰ বাৰ্বিকিউ। নিজৰ দেশত উৎপাদিত গৰুৰ মাংস কাটাৰলৈ লৈ আহিছে দলটোৱে। কাটাৰত যাতে তেওঁলোকে নিজৰ দেশৰ সোৱাদৰ পৰা বঞ্চিত নহয়, তাৰ বাবে প্ৰায় ৯০০ কেজি গৰুৰ মাংস দলটোৱে লগত লৈ আনিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু