--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে এছিয়াৰ দেশসমূহে। উজ্বলি উঠিছে জাপান, ইৰান, চৌদী আৰৱ, দক্ষিণ কোৰিয়া আৰু অষ্ট্ৰেলিয়া। ইয়াৰ মাজত অষ্ট্ৰেলিয়া সম্পূৰ্ণৰূপে এছিয়া মহাদেশৰ নহ’লেও দেশখন এছিয়ান ফুটবল সংস্থাৰ অধীনত আছে।

কেইবাখনো গুৰুত্বপূৰ্ণ অপ্ৰত্যাশিত বিজয়সাব্যষ্ট কৰাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে- বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডলৈ আগুৱাব পাৰিবনে এই দেশকেইখনে?

চলিত সপ্তাহৰ শুকুৰবাৰৰ ভিতৰত নিশ্চিত হ’ব প্ৰি-কোৱাৰ্টাৰ তথা ৰাউণ্ড অৱ চিক্সিটিনলৈ কোনকেইটা দল আগুৱাব পাৰিব। সেই অনুসৰি এছিয়া মহাদেশৰ পাঁচোটা দলৰ ওপৰত ফুটবলপ্ৰেমীসকলে দৃষ্টিনিৱদ্ধ কৰিছে।

এইবাৰৰ বিশ্বকাপত এছিয়াৰ পৰা ছয়খন দেশে খেলিছে। আয়োজক দেশ হিচাপে কাটাৰেও খেলাৰ সুযোগ লাভ কৰিছে। ইতিমধ্যে কাটাৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। এতিয়া আছেগৈ পাঁচখন দেশ।

গ্ৰুপ-বিত আছে ইৰান। ২ খন মেচত ইৰানৰ সংগ্ৰহ ৩ পইণ্ট। পৰৱৰ্তী মেচত আমেৰিকা যুক্তৰাষ্ট্ৰক হৰুৱাব পাৰিলেই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব ইৰাণে।

গ্ৰুপ-চিত আছে চৌদী আৰৱ। প্ৰথম মেচত আৰ্জেণ্টিনাক হৰুৱাই চমক দিয়া চৌদীয়ে ২ খন মেচত সংগ্ৰহ কৰিছে ৩ পইণ্ট। পৰৱৰ্তী মেচখনত মেক্সিকোক হৰুৱাব পাৰিলেই পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব দেশখন।

গ্ৰুপ-ডিত আছে অষ্ট্ৰেলিয়া। ২খন মেচত সংগ্ৰহ ৩ পইণ্ট। পৰৱৰ্তী মেচত ডেনমাৰ্কক হৰুৱাব পাৰিলেই গ্ৰুপৰ দ্বিতীয় দল হিচাপে পৰিগণিত হ’ব অষ্ট্ৰেলিয়া।

গ্ৰুপ-ইত আছে জাপান। ২ খন মেচত ৩ পইণ্ট লাভ কৰিছে জাপানে। পৰৱৰ্তী ৰাউণ্ডত যাবলৈ জাপানে অত্যন্ত কষ্ট কৰিব লাগিব। কাৰণ পৰৱৰ্তী মেচত তেওঁলোক সন্মুখীন হ’ব শক্তিশালী স্পেইনৰ বিৰুদ্ধে। স্পেইনৰ বিৰু্দ্দে জাপানে বিজয়সাব্য্ট কৰিবই লাগিব। যদি বিজয়াব্যষ্ট কৰিব নোৱাৰে, তেতিয়াও এটা খীন আশা ৰৈছে জাপানৰ বাবে। সেয়া হৈছে- কোষ্টাৰিকা আৰু জাপানৰ মেচ যদি ড্ৰ হয়, তেন্তে স্পেইনৰ বিৰুদ্ধে জাপানেও ড্ৰ’ খেলিব লাগিব। তেতিয়াহে পইণ্ট তালিকামতে পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব এছিয়াৰ আগশাৰীৰ দেশখন।

গ্ৰুপ-এইচত আছে দক্ষিণ কোৰিয়া। সম্ভাৱনা কম হ’লে সুযোগ আছে দক্ষিণ কোৰিয়াৰ হাতত। ২ খন মেচত ১ পইণ্ট অৰ্জন কৰা দক্ষিণ কোৰিয়াৰ বাবে পৰৱৰ্তী মেচখন অত্যন্ত কঠিন হ’ব। কাৰণ তেওঁলোকৰ সন্মুখত আছে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ পৰ্তুগাল। তদুপৰি ঘানা বনাম উৰুগুৱেৰ মেচখনৰ ওপৰতো নিৰ্ভৰ কৰিছে দক্ষিণ কোৰিয়াৰ ভাগ্য যদি মেচখন ড্ৰ’ হয় অথবা উৰুগুৱে জয়ী হয়, তেন্তে গ’ল ব্যৱধানৰ সহায়ত পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব দক্ষিণ কোৰিয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু