--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে এছিয়াৰ দেশসমূহে। উজ্বলি উঠিছে জাপান, ইৰান, চৌদী আৰৱ, দক্ষিণ কোৰিয়া আৰু অষ্ট্ৰেলিয়া। ইয়াৰ মাজত অষ্ট্ৰেলিয়া সম্পূৰ্ণৰূপে এছিয়া মহাদেশৰ নহ’লেও দেশখন এছিয়ান ফুটবল সংস্থাৰ অধীনত আছে।

কেইবাখনো গুৰুত্বপূৰ্ণ অপ্ৰত্যাশিত বিজয়সাব্যষ্ট কৰাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে- বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডলৈ আগুৱাব পাৰিবনে এই দেশকেইখনে?

চলিত সপ্তাহৰ শুকুৰবাৰৰ ভিতৰত নিশ্চিত হ’ব প্ৰি-কোৱাৰ্টাৰ তথা ৰাউণ্ড অৱ চিক্সিটিনলৈ কোনকেইটা দল আগুৱাব পাৰিব। সেই অনুসৰি এছিয়া মহাদেশৰ পাঁচোটা দলৰ ওপৰত ফুটবলপ্ৰেমীসকলে দৃষ্টিনিৱদ্ধ কৰিছে।

এইবাৰৰ বিশ্বকাপত এছিয়াৰ পৰা ছয়খন দেশে খেলিছে। আয়োজক দেশ হিচাপে কাটাৰেও খেলাৰ সুযোগ লাভ কৰিছে। ইতিমধ্যে কাটাৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। এতিয়া আছেগৈ পাঁচখন দেশ।

গ্ৰুপ-বিত আছে ইৰান। ২ খন মেচত ইৰানৰ সংগ্ৰহ ৩ পইণ্ট। পৰৱৰ্তী মেচত আমেৰিকা যুক্তৰাষ্ট্ৰক হৰুৱাব পাৰিলেই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব ইৰাণে।

গ্ৰুপ-চিত আছে চৌদী আৰৱ। প্ৰথম মেচত আৰ্জেণ্টিনাক হৰুৱাই চমক দিয়া চৌদীয়ে ২ খন মেচত সংগ্ৰহ কৰিছে ৩ পইণ্ট। পৰৱৰ্তী মেচখনত মেক্সিকোক হৰুৱাব পাৰিলেই পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব দেশখন।

গ্ৰুপ-ডিত আছে অষ্ট্ৰেলিয়া। ২খন মেচত সংগ্ৰহ ৩ পইণ্ট। পৰৱৰ্তী মেচত ডেনমাৰ্কক হৰুৱাব পাৰিলেই গ্ৰুপৰ দ্বিতীয় দল হিচাপে পৰিগণিত হ’ব অষ্ট্ৰেলিয়া।

গ্ৰুপ-ইত আছে জাপান। ২ খন মেচত ৩ পইণ্ট লাভ কৰিছে জাপানে। পৰৱৰ্তী ৰাউণ্ডত যাবলৈ জাপানে অত্যন্ত কষ্ট কৰিব লাগিব। কাৰণ পৰৱৰ্তী মেচত তেওঁলোক সন্মুখীন হ’ব শক্তিশালী স্পেইনৰ বিৰুদ্ধে। স্পেইনৰ বিৰু্দ্দে জাপানে বিজয়সাব্য্ট কৰিবই লাগিব। যদি বিজয়াব্যষ্ট কৰিব নোৱাৰে, তেতিয়াও এটা খীন আশা ৰৈছে জাপানৰ বাবে। সেয়া হৈছে- কোষ্টাৰিকা আৰু জাপানৰ মেচ যদি ড্ৰ হয়, তেন্তে স্পেইনৰ বিৰুদ্ধে জাপানেও ড্ৰ’ খেলিব লাগিব। তেতিয়াহে পইণ্ট তালিকামতে পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব এছিয়াৰ আগশাৰীৰ দেশখন।

গ্ৰুপ-এইচত আছে দক্ষিণ কোৰিয়া। সম্ভাৱনা কম হ’লে সুযোগ আছে দক্ষিণ কোৰিয়াৰ হাতত। ২ খন মেচত ১ পইণ্ট অৰ্জন কৰা দক্ষিণ কোৰিয়াৰ বাবে পৰৱৰ্তী মেচখন অত্যন্ত কঠিন হ’ব। কাৰণ তেওঁলোকৰ সন্মুখত আছে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ পৰ্তুগাল। তদুপৰি ঘানা বনাম উৰুগুৱেৰ মেচখনৰ ওপৰতো নিৰ্ভৰ কৰিছে দক্ষিণ কোৰিয়াৰ ভাগ্য যদি মেচখন ড্ৰ’ হয় অথবা উৰুগুৱে জয়ী হয়, তেন্তে গ’ল ব্যৱধানৰ সহায়ত পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব দক্ষিণ কোৰিয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক