--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈ পৰিছে মায়ানগৰী বলিউড। এজনৰ পাছত আনজন বলিউড তাৰকা কাটাৰ অভিমুখে ৰাওনা হৈছে। বেছিভাগ তাৰকাৰে প্ৰিয় দল আৰ্জেণ্টিনা।

বিশ্বকাপৰ ফাইনেলৰ আগমুহূৰ্তত ইনষ্টাগ্ৰামত এটা সৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেতা অৰ্জুন কাপুৰে। লিঅ’নেল মেছিৰ জাৰ্চি পৰিহিত অৰ্জুন কাপুৰক ভিডিঅ’টোত আৰ্জেণ্টিনাৰ হৈ বিজয়োল্লাস কৰা দেখা গৈছে। কেপচন হিচাপে লিখিছে- “তোমাৰ বাবে প্ৰাৰ্থনা কৰিছো মেছি। আৰু কাৰো নহয়, বিশ্বকাপ তোমাৰেই প্ৰাপ্য।”
বৰুণ ধৱনৰো প্ৰিয় ফুটবলাৰ মেছি। শেহতীয়াকৈ বৰুণে ফুটবল খেলি থকাৰ ফটো শ্বেয়াৰ কৰিছে। গাত আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি তেওঁ সাগৰৰ পাৰত ফুটবল খেলিছে। জনাইছে যে তেওঁৰ প্ৰিয় মেছি।

শনিবাৰে ৰাতি শ্বাহৰুখ খানে ইনষ্টাগ্ৰামযোগে অনুৰাগীসকলৰ স’তে ভাৱ বিনিময় কৰে। তাত তেওঁ জনায় যে মেছি তেওঁৰ হৃদয়ত আছে। এইবাৰৰ বিশ্বকাপ মেছিয়েই জিকাটো তেওঁ বিচাৰে। কিন্তু এমবাপেৰ খেলা চাইও বেয়া নালাগে বুলি শ্বাহৰুখে জনায়। 

বিশ্বকাপৰ ফাইনেল চাবলৈ বলিউডৰ কেইবাগৰাকীও তাৰকা কাটাৰলৈ ৰাওনা হৈছে। ইয়াৰ ভিতৰত দীপিকা পৰাডুকন, নোৰা ফাটেহি বিশ্বকাপৰ অনুষ্ঠানৰ স’তে জড়িত আছে। আনহাতে ৰণবীৰ সিং, কাৰ্তিক আৰিয়ান, কৰিশ্মা কাপুৰেও কাটাৰলৈ ৰাওনা হৈছে। এওঁলোকৰ প্ৰিয় দল আৰ্জেণ্টনা। প্ৰিয় দল বিজয়ী হোৱাটো বিচাৰে এওঁলোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু