--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈ পৰিছে মায়ানগৰী বলিউড। এজনৰ পাছত আনজন বলিউড তাৰকা কাটাৰ অভিমুখে ৰাওনা হৈছে। বেছিভাগ তাৰকাৰে প্ৰিয় দল আৰ্জেণ্টিনা।

বিশ্বকাপৰ ফাইনেলৰ আগমুহূৰ্তত ইনষ্টাগ্ৰামত এটা সৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেতা অৰ্জুন কাপুৰে। লিঅ’নেল মেছিৰ জাৰ্চি পৰিহিত অৰ্জুন কাপুৰক ভিডিঅ’টোত আৰ্জেণ্টিনাৰ হৈ বিজয়োল্লাস কৰা দেখা গৈছে। কেপচন হিচাপে লিখিছে- “তোমাৰ বাবে প্ৰাৰ্থনা কৰিছো মেছি। আৰু কাৰো নহয়, বিশ্বকাপ তোমাৰেই প্ৰাপ্য।”
বৰুণ ধৱনৰো প্ৰিয় ফুটবলাৰ মেছি। শেহতীয়াকৈ বৰুণে ফুটবল খেলি থকাৰ ফটো শ্বেয়াৰ কৰিছে। গাত আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি তেওঁ সাগৰৰ পাৰত ফুটবল খেলিছে। জনাইছে যে তেওঁৰ প্ৰিয় মেছি।

শনিবাৰে ৰাতি শ্বাহৰুখ খানে ইনষ্টাগ্ৰামযোগে অনুৰাগীসকলৰ স’তে ভাৱ বিনিময় কৰে। তাত তেওঁ জনায় যে মেছি তেওঁৰ হৃদয়ত আছে। এইবাৰৰ বিশ্বকাপ মেছিয়েই জিকাটো তেওঁ বিচাৰে। কিন্তু এমবাপেৰ খেলা চাইও বেয়া নালাগে বুলি শ্বাহৰুখে জনায়। 

বিশ্বকাপৰ ফাইনেল চাবলৈ বলিউডৰ কেইবাগৰাকীও তাৰকা কাটাৰলৈ ৰাওনা হৈছে। ইয়াৰ ভিতৰত দীপিকা পৰাডুকন, নোৰা ফাটেহি বিশ্বকাপৰ অনুষ্ঠানৰ স’তে জড়িত আছে। আনহাতে ৰণবীৰ সিং, কাৰ্তিক আৰিয়ান, কৰিশ্মা কাপুৰেও কাটাৰলৈ ৰাওনা হৈছে। এওঁলোকৰ প্ৰিয় দল আৰ্জেণ্টনা। প্ৰিয় দল বিজয়ী হোৱাটো বিচাৰে এওঁলোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক