--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৪ চনৰ পাছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত উপনিত হৈছে লিঅ’নেল মেছি। ফ্ৰান্সৰ বিৰুদ্ধে খেলিব লগা উত্তেজনাময় ফাইনেলখনত মেছিয় জয়ী হ’বলৈ আপ্ৰাণ চেষ্টা কৰিব।

দোহাৰ লুচাইল ষ্টেডিয়ামত খেলোৱা হ’ব ফাইনেলখন। ফাইনেলখনতে কেইবাটাও ব্যক্তিগত অভিলেখ গঢ়িবলৈও সুযোগ লাভ কৰিছে আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে। চাও আহক কি কি অভিলেখৰ গৰাকী হ’বলৈ উলাইছে মেছি!

২০০৬ চনৰ পৰা ফুটবল বিশ্বকাপত অৱতীৰ্ণ হৈছে মেছি। খেলিছে ২৫খন মেচ। ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেল খেলিলেই মেছিয়ে এইক্ষেত্ৰত জাৰ্মানীৰ বিশ্বজয়ী তাৰকা লোথাৰ মেথিউজৰ অভিলেখ ভংগ কৰিব। মেথিউজৰ নাম আছে ২৫ খন মেচ খেলাৰ অভিলেখ।


বিশ্বকাপৰ ২৫ খন মেচত এতিয়ালৈকে মেছিয়ে খেলিছে মুঠ ২১৯৪ মিনিট। সময়ৰ হিচাপত বিশ্বকাপত আটাইতকৈ বেছি সময় খেলিছে ইটালীৰ বিশ্বজয়ী তাৰকা পাওল’ মালদিনি। মালদিনিয়ে মুঠ ২২১৭ মিনিট খেলিছে। ফাইনেলৰ দিনা মেছিয়ে মালদিনিক অতিক্ৰম কৰি যাব।


বিশ্বকাপৰ ২৫ খন মেচত মেছিয়ে জয়ৰ সোৱাদ লাভ কৰিছে ১৬ খন মেচত। ১৭ খন মেচত বিজয়ী হোৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে জাৰ্মানীৰ তাৰকা মিৰোস্লাভ ক্লোজে। যদি আৰ্জেণ্টিনাই চেম্পিয়ন হ’বলৈ সক্ষম হয়, তেন্তে বিশ্বকাপৰ আটাইতকৈ বেছিসংখ্যক মেচত জয়ী হোৱাৰ অভিলেখ স্থাপন কৰিব মেছিয়ে।

এছিষ্ট দিয়াৰ ক্ষেত্ৰতো অভিলেখ গঢ়িবলৈ উলাইছে মেছি। এতিয়ালৈকে বিশ্বকাপত আটাইতকৈ বেছি এছিষ্ট আছে পেলেৰ নাম। পেলেই ১০টা এছিষ্ট কৰিছে। আনহাতে, মেছিয়ে কৰিছে ৯টা এছিষ্ট। যদি ফাইনেলত মেছিয়ে একাধিক এছিষ্ট দিয়ে, তেন্তে সৰ্বাধিক এছিষ্টদাতাৰ তালিকাৰ শীৰ্ষলৈ যাব তেওঁ।


বিশ্বকাপৰ ইতিহাসত দুবাৰকৈ গ’ল্ডেন বুট কোনেও জিকিব পৰা নাই। কিন্তু এইবাৰ এই অভিলেখ সৃষ্টি কৰিবলৈ অগ্ৰসৰ হৈছে লিঅ’নেল মেছি। ফ্ৰান্সৰ কিলিয়ান এমবাপেৰ স’তে গ’ল্ডেন বুটৰ অন্যতম দাবীদাৰ হৈ পৰিছে আৰ্জেণ্টাইন তাৰকাগৰাকী। ইয়াৰ পূৰ্বে ২০১৪ চনৰ বিশ্বকাপত এই সন্মান লাভ কৰিছিল মেছিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু