--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৪ চনৰ পাছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত উপনিত হৈছে লিঅ’নেল মেছি। ফ্ৰান্সৰ বিৰুদ্ধে খেলিব লগা উত্তেজনাময় ফাইনেলখনত মেছিয় জয়ী হ’বলৈ আপ্ৰাণ চেষ্টা কৰিব।

দোহাৰ লুচাইল ষ্টেডিয়ামত খেলোৱা হ’ব ফাইনেলখন। ফাইনেলখনতে কেইবাটাও ব্যক্তিগত অভিলেখ গঢ়িবলৈও সুযোগ লাভ কৰিছে আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে। চাও আহক কি কি অভিলেখৰ গৰাকী হ’বলৈ উলাইছে মেছি!

২০০৬ চনৰ পৰা ফুটবল বিশ্বকাপত অৱতীৰ্ণ হৈছে মেছি। খেলিছে ২৫খন মেচ। ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেল খেলিলেই মেছিয়ে এইক্ষেত্ৰত জাৰ্মানীৰ বিশ্বজয়ী তাৰকা লোথাৰ মেথিউজৰ অভিলেখ ভংগ কৰিব। মেথিউজৰ নাম আছে ২৫ খন মেচ খেলাৰ অভিলেখ।


বিশ্বকাপৰ ২৫ খন মেচত এতিয়ালৈকে মেছিয়ে খেলিছে মুঠ ২১৯৪ মিনিট। সময়ৰ হিচাপত বিশ্বকাপত আটাইতকৈ বেছি সময় খেলিছে ইটালীৰ বিশ্বজয়ী তাৰকা পাওল’ মালদিনি। মালদিনিয়ে মুঠ ২২১৭ মিনিট খেলিছে। ফাইনেলৰ দিনা মেছিয়ে মালদিনিক অতিক্ৰম কৰি যাব।


বিশ্বকাপৰ ২৫ খন মেচত মেছিয়ে জয়ৰ সোৱাদ লাভ কৰিছে ১৬ খন মেচত। ১৭ খন মেচত বিজয়ী হোৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে জাৰ্মানীৰ তাৰকা মিৰোস্লাভ ক্লোজে। যদি আৰ্জেণ্টিনাই চেম্পিয়ন হ’বলৈ সক্ষম হয়, তেন্তে বিশ্বকাপৰ আটাইতকৈ বেছিসংখ্যক মেচত জয়ী হোৱাৰ অভিলেখ স্থাপন কৰিব মেছিয়ে।

এছিষ্ট দিয়াৰ ক্ষেত্ৰতো অভিলেখ গঢ়িবলৈ উলাইছে মেছি। এতিয়ালৈকে বিশ্বকাপত আটাইতকৈ বেছি এছিষ্ট আছে পেলেৰ নাম। পেলেই ১০টা এছিষ্ট কৰিছে। আনহাতে, মেছিয়ে কৰিছে ৯টা এছিষ্ট। যদি ফাইনেলত মেছিয়ে একাধিক এছিষ্ট দিয়ে, তেন্তে সৰ্বাধিক এছিষ্টদাতাৰ তালিকাৰ শীৰ্ষলৈ যাব তেওঁ।


বিশ্বকাপৰ ইতিহাসত দুবাৰকৈ গ’ল্ডেন বুট কোনেও জিকিব পৰা নাই। কিন্তু এইবাৰ এই অভিলেখ সৃষ্টি কৰিবলৈ অগ্ৰসৰ হৈছে লিঅ’নেল মেছি। ফ্ৰান্সৰ কিলিয়ান এমবাপেৰ স’তে গ’ল্ডেন বুটৰ অন্যতম দাবীদাৰ হৈ পৰিছে আৰ্জেণ্টাইন তাৰকাগৰাকী। ইয়াৰ পূৰ্বে ২০১৪ চনৰ বিশ্বকাপত এই সন্মান লাভ কৰিছিল মেছিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক