--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে এখন মহাৰণ হ’ব। কেৱল কাটাৰ বিশ্বকাপৰ ফাইনেলেই নহয়, ফুটবলৰ ইতিহাসতে সোণালী আখৰেৰে খোদিত হ’ব আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মহাৰণ। কোনে শেষ হাঁহি মাৰিব? মেছি নে এমবাপে? কোনে বিশ্ব জয় কৰিব? লেটিন আমেৰিকান ফুটবলে নে ইউৰোপিয়ান ফুটবলে?

এয়া এতিয়া কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে। বিশ্বকাপৰ ফাইনেলক লৈ জুৱাৰ বজাৰো গৰম হৈ পৰিছে। কোন চেম্পিয়ন হ’ব, কোনে বিশ্বকাপৰ সৰ্বাধিক গ’লদাতা হ’ব, কিমান হালধিয়া কাৰ্ড দেখুওৱা হ’ব- এইসমূহে এতিয়া জুৱাৰ বজাৰ উত্তাল কৰি ৰাখিছে।

জানিব পৰামতে, জুৱাৰ বাজিত আৰ্জেণ্টিনাতকৈ আগত আছে ফ্ৰান্স। এমবাপেই পাছ পেলাইছে মেছিক। বিশেষকৈ ইংলেণ্ডৰ জুৱা সংস্থাসমূহত এয়া পৰিস্ফূট হৈছে। যদি ফ্ৰান্স পৰাজীত হয়, তেন্তে বৃহৎ আৰ্থিক লোকচান হ’ব জুৱাৰীসকলৰ।

বিশ্বৰ প্ৰাচীনতম জুৱা সংস্থা ফিটজডাৰেছৰ চিইঅ’ উইলিয়াম উডহামে এই সম্পৰ্কত মুখ খুলিছে। আৰ্জেণ্টিনা জয়ী হ’লে বৃহৎ লোকচান হ’ব সংস্থাটোৰ। চিইঅ’গৰাকীয়ে কয়- “আমি মেছিলৈ ভয় খাই আছো। দেওবাৰে আমি সকলোৱে ফ্ৰান্সকেই সমৰ্থন জনাম।”

উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰথমভাগত কিলিয়ান এমবাপেই কেইবাটাও গ’ল কৰিছিল। কিন্তু মাজভাগৰ পৰা এমবাপেৰ গ’ল কমি গৈছে। তাক লৈও আশংকাত ভুগিছে সংস্থাটো। ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ গ’ল্ডেন বুট। এই সন্মানৰ বাবে এমবাপেই শীৰ্ষত আছিল যদিও এতিয়া অন্যতম দাবীদাৰ হৈ পৰিছে মেছি। আৰ্জেণ্টাইন তাৰকাগৰাকীক লৈ বাজি ধৰিছে জুৱাৰীসকলে। এতিয়া যদি মেছিয়ে গ’ল্ডেন বুট জয় কৰে তেন্তে সংস্থাটোৱে ভৰিব লাগিব ৫ লাখ পাউণ্ড। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হৈছে ৫ কোটি ২ লাখ টকাৰো বেছি।

একে মত প্ৰকাশ কৰিছে আন এটা জুৱা সংস্থা কোৰাল বুকমেকাৰ্চ। সংস্থাটোৱে কয় যে ফাইনেলৰ মেচখন টাইব্ৰেকাৰলৈ গ’লে তেওঁলোকৰ বৃহৎ ক্ষতি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু