--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে এখন মহাৰণ হ’ব। কেৱল কাটাৰ বিশ্বকাপৰ ফাইনেলেই নহয়, ফুটবলৰ ইতিহাসতে সোণালী আখৰেৰে খোদিত হ’ব আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মহাৰণ। কোনে শেষ হাঁহি মাৰিব? মেছি নে এমবাপে? কোনে বিশ্ব জয় কৰিব? লেটিন আমেৰিকান ফুটবলে নে ইউৰোপিয়ান ফুটবলে?

এয়া এতিয়া কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে। বিশ্বকাপৰ ফাইনেলক লৈ জুৱাৰ বজাৰো গৰম হৈ পৰিছে। কোন চেম্পিয়ন হ’ব, কোনে বিশ্বকাপৰ সৰ্বাধিক গ’লদাতা হ’ব, কিমান হালধিয়া কাৰ্ড দেখুওৱা হ’ব- এইসমূহে এতিয়া জুৱাৰ বজাৰ উত্তাল কৰি ৰাখিছে।

জানিব পৰামতে, জুৱাৰ বাজিত আৰ্জেণ্টিনাতকৈ আগত আছে ফ্ৰান্স। এমবাপেই পাছ পেলাইছে মেছিক। বিশেষকৈ ইংলেণ্ডৰ জুৱা সংস্থাসমূহত এয়া পৰিস্ফূট হৈছে। যদি ফ্ৰান্স পৰাজীত হয়, তেন্তে বৃহৎ আৰ্থিক লোকচান হ’ব জুৱাৰীসকলৰ।

বিশ্বৰ প্ৰাচীনতম জুৱা সংস্থা ফিটজডাৰেছৰ চিইঅ’ উইলিয়াম উডহামে এই সম্পৰ্কত মুখ খুলিছে। আৰ্জেণ্টিনা জয়ী হ’লে বৃহৎ লোকচান হ’ব সংস্থাটোৰ। চিইঅ’গৰাকীয়ে কয়- “আমি মেছিলৈ ভয় খাই আছো। দেওবাৰে আমি সকলোৱে ফ্ৰান্সকেই সমৰ্থন জনাম।”

উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰথমভাগত কিলিয়ান এমবাপেই কেইবাটাও গ’ল কৰিছিল। কিন্তু মাজভাগৰ পৰা এমবাপেৰ গ’ল কমি গৈছে। তাক লৈও আশংকাত ভুগিছে সংস্থাটো। ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ গ’ল্ডেন বুট। এই সন্মানৰ বাবে এমবাপেই শীৰ্ষত আছিল যদিও এতিয়া অন্যতম দাবীদাৰ হৈ পৰিছে মেছি। আৰ্জেণ্টাইন তাৰকাগৰাকীক লৈ বাজি ধৰিছে জুৱাৰীসকলে। এতিয়া যদি মেছিয়ে গ’ল্ডেন বুট জয় কৰে তেন্তে সংস্থাটোৱে ভৰিব লাগিব ৫ লাখ পাউণ্ড। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হৈছে ৫ কোটি ২ লাখ টকাৰো বেছি।

একে মত প্ৰকাশ কৰিছে আন এটা জুৱা সংস্থা কোৰাল বুকমেকাৰ্চ। সংস্থাটোৱে কয় যে ফাইনেলৰ মেচখন টাইব্ৰেকাৰলৈ গ’লে তেওঁলোকৰ বৃহৎ ক্ষতি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক