--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তান আৰু ইংলেণ্ডৰ মাজত  দেওবাৰে মেলবৰ্ণত অনুষ্ঠিত হ’ব  টি-২০ বিশ্বকাপৰ ফাইনেল । আইচিচিয়ে খেলখনৰ আগতে ফাইনেলৰ নিয়মৰ  কেইবাটাও পৰিৱৰ্তন কৰিছে। তেওঁলোকে কি সলনি কৰিছে?

এই বিশ্বকাপত বৰষুণে  মেচত যিদৰে প্ৰভাৱ পেলাইছে তাক লৈ আইচিচি চিন্তিত। গতিকে ফাইনেলৰ আগতে খেলৰ নিয়মত কিছু পৰিৱৰ্তন কৰা  হৈছে। 

আগতে, এখন টি-২০  মেচ সমাপ্ত কৰিবলৈ মুঠ ৫ ঘণ্টা ১০  মিনিট সময় ধৰি দিয়া হৈছিল। এইবাৰ ফাইনেলৰ বাবে  অতিৰিক্ত দুঘণ্টা ৰখা হৈছে। অৰ্থাৎ, খেলখন সমাপ্ত কৰিবলৈ ৭ ঘণ্টা ১০  মিনিট সময়  থাকিব।

অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞান বিভাগে কৈছে  যে দেওবাৰে বৰষুণৰ ১০০ শতাংশ সম্ভাৱনা আছে। মেলবৰ্ণত গাজনিৰে সৈতে  ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি পূৰ্বানুমাণ কৰা হৈছে। প্ৰায় গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে ৮ ৰ পৰা ২০ মিলিমিটাৰ বৰষুণ হ'ব পাৰে। চহৰখনৰ বহু পথ জলমগ্ন হ'ব পাৰে। দুপৰীয়াৰ পৰা বৰষুণৰ পৰিমাণ বৃদ্ধি পাব। ইয়াৰ সৈতে বতাহো থাকিব । বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ২৫ ৰ পৰা ৩৫ কিলোমিটাৰ হ'ব পাৰে। সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ১৬ আৰু ২৬ ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে ।

ফাইনেলখন দেওবাৰে মেলবৰ্ণত ভাৰতীয় সময় মতে দুপৰীয়া ১:৩০ বজাত আৰম্ভ হ'ব। তাৰ ৩০  মিনিট আগতে, দুপৰীয়া ১  বজাত, দুয়োটা দলৰ  অধিনায়ক বাটলাৰ আৰু বাবৰে টছ কৰিব। কিন্তু যদি বৰষুণ হয় টছ পৰ্ব  পিছুৱাই দিয়া হ'ব। আৰু যদি টছৰ পিছত বৰষুণ আৰম্ভ হয় খেল আৰম্ভ হোৱাত পলম হ'ব। বৰষুণ হ’লে ফলাফলৰ বাবে দুয়োটা দলে কমেও ১০ অভাৰ খেলিব লাগিব। সাধাৰণতে, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ফলাফলৰ বাবে দুয়োটা দলে ৫ অভাৰ বেটিং কৰিব লগা হয়। এইবাৰৰ বিশ্বকাপৰ বাবে ১০ অভাৰত তেনে কৰা হ’ব।

যদি বৰষুণৰ বাবে দেওবাৰে ফাইনেল খন খেলা নহয়  সোমবাৰে খেলখন অনুষ্ঠিত হ'ব। আইচিচিয়ে ইতিমধ্যে ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে অতিৰিক্ত দিন হাতত ৰাখিছে। যদি দেওবাৰে অলপ খেল হয়, বাকী খেল সোমবাৰৰ  হ'ব। অৰ্থাৎ খেলখন পুনৰ আৰম্ভ নহ'ব। য'ত ই বন্ধ হয়, খেলখন পিছদিনা তাৰে পৰাই আৰম্ভ হ'ব।

মেলবৰ্ণত সোমবাৰে আকাশত ক'লা ডাৱৰ থাকিব। অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞানীসকলে কৈছে যে ১৪ নৱেম্বৰত বৰষুণৰ সম্ভাৱনা ৯৫ শতাংশ। ৫ ৰ পৰা ১০ মিলিমিটাৰ বৰষুণ হ'ব পাৰে। পুৱা আৰু আবেলি মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হ'ব। আবেলিৰ পিছত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰলৈ বৃদ্ধি হ'ব পাৰে। সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ১৯ আৰু ১৪ ডিগ্ৰী চেলচিয়াছ হ'ব।

যদি বৰষুণৰ বাবে ফাইনেল খেলা সম্ভৱ নহয়, আইচিচিৰ নিয়ম অনুসৰি দুয়োটা দলক যুটীয়া চেম্পিয়ন ঘোষণা কৰা হ'ব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক