--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তান আৰু ইংলেণ্ডৰ মাজত  দেওবাৰে মেলবৰ্ণত অনুষ্ঠিত হ’ব  টি-২০ বিশ্বকাপৰ ফাইনেল । আইচিচিয়ে খেলখনৰ আগতে ফাইনেলৰ নিয়মৰ  কেইবাটাও পৰিৱৰ্তন কৰিছে। তেওঁলোকে কি সলনি কৰিছে?

এই বিশ্বকাপত বৰষুণে  মেচত যিদৰে প্ৰভাৱ পেলাইছে তাক লৈ আইচিচি চিন্তিত। গতিকে ফাইনেলৰ আগতে খেলৰ নিয়মত কিছু পৰিৱৰ্তন কৰা  হৈছে। 

আগতে, এখন টি-২০  মেচ সমাপ্ত কৰিবলৈ মুঠ ৫ ঘণ্টা ১০  মিনিট সময় ধৰি দিয়া হৈছিল। এইবাৰ ফাইনেলৰ বাবে  অতিৰিক্ত দুঘণ্টা ৰখা হৈছে। অৰ্থাৎ, খেলখন সমাপ্ত কৰিবলৈ ৭ ঘণ্টা ১০  মিনিট সময়  থাকিব।

অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞান বিভাগে কৈছে  যে দেওবাৰে বৰষুণৰ ১০০ শতাংশ সম্ভাৱনা আছে। মেলবৰ্ণত গাজনিৰে সৈতে  ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি পূৰ্বানুমাণ কৰা হৈছে। প্ৰায় গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে ৮ ৰ পৰা ২০ মিলিমিটাৰ বৰষুণ হ'ব পাৰে। চহৰখনৰ বহু পথ জলমগ্ন হ'ব পাৰে। দুপৰীয়াৰ পৰা বৰষুণৰ পৰিমাণ বৃদ্ধি পাব। ইয়াৰ সৈতে বতাহো থাকিব । বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ২৫ ৰ পৰা ৩৫ কিলোমিটাৰ হ'ব পাৰে। সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ১৬ আৰু ২৬ ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে ।

ফাইনেলখন দেওবাৰে মেলবৰ্ণত ভাৰতীয় সময় মতে দুপৰীয়া ১:৩০ বজাত আৰম্ভ হ'ব। তাৰ ৩০  মিনিট আগতে, দুপৰীয়া ১  বজাত, দুয়োটা দলৰ  অধিনায়ক বাটলাৰ আৰু বাবৰে টছ কৰিব। কিন্তু যদি বৰষুণ হয় টছ পৰ্ব  পিছুৱাই দিয়া হ'ব। আৰু যদি টছৰ পিছত বৰষুণ আৰম্ভ হয় খেল আৰম্ভ হোৱাত পলম হ'ব। বৰষুণ হ’লে ফলাফলৰ বাবে দুয়োটা দলে কমেও ১০ অভাৰ খেলিব লাগিব। সাধাৰণতে, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ফলাফলৰ বাবে দুয়োটা দলে ৫ অভাৰ বেটিং কৰিব লগা হয়। এইবাৰৰ বিশ্বকাপৰ বাবে ১০ অভাৰত তেনে কৰা হ’ব।

যদি বৰষুণৰ বাবে দেওবাৰে ফাইনেল খন খেলা নহয়  সোমবাৰে খেলখন অনুষ্ঠিত হ'ব। আইচিচিয়ে ইতিমধ্যে ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে অতিৰিক্ত দিন হাতত ৰাখিছে। যদি দেওবাৰে অলপ খেল হয়, বাকী খেল সোমবাৰৰ  হ'ব। অৰ্থাৎ খেলখন পুনৰ আৰম্ভ নহ'ব। য'ত ই বন্ধ হয়, খেলখন পিছদিনা তাৰে পৰাই আৰম্ভ হ'ব।

মেলবৰ্ণত সোমবাৰে আকাশত ক'লা ডাৱৰ থাকিব। অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞানীসকলে কৈছে যে ১৪ নৱেম্বৰত বৰষুণৰ সম্ভাৱনা ৯৫ শতাংশ। ৫ ৰ পৰা ১০ মিলিমিটাৰ বৰষুণ হ'ব পাৰে। পুৱা আৰু আবেলি মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হ'ব। আবেলিৰ পিছত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰলৈ বৃদ্ধি হ'ব পাৰে। সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ১৯ আৰু ১৪ ডিগ্ৰী চেলচিয়াছ হ'ব।

যদি বৰষুণৰ বাবে ফাইনেল খেলা সম্ভৱ নহয়, আইচিচিৰ নিয়ম অনুসৰি দুয়োটা দলক যুটীয়া চেম্পিয়ন ঘোষণা কৰা হ'ব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম