--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৃহস্পতিবাৰে টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত ভাৰতৰ ১০ উইকেটৰ পৰাজয়ৰ পিছতে এতিয়া ক্ৰোধান্বিত হৈ আছে ভাৰতৰ ক্ৰিকেটপ্ৰেমী ৰাইজ। সমালোচনাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া৷  এইবাৰ আকৌ অনুৰাগীয়েই নহয়, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক তীব্ৰ আক্ৰমণ কৰিলে ভাৰতৰ প্ৰাক্তন খেলুৱৈ অজয় জাদেজাই৷ 

দলটোক সমালোচনা কৰি জাদেজাই কয় যে, ভাৰতে বিশ্বকাপত  বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ এটা মুখ্য কাৰক- হৈছে বৃদ্ধ দলটো।

'ঘৰ কা এক হি বুজুৰ্গ হোনা চাহিয়ে, সাত বুজুৰ্গ হোংগে তো ভি দিক্কাত হে।” এনেদৰেই জাদেজাই বিশ্বকাপলৈ আগবাঢ়ি যোৱাৰ পূৰ্বে  ৰোহিত শৰ্মাৰ অধিনায়কত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

জাদেজাৰ বক্তব্যই কেপ্তেইন হিচাপে ৰোহিত শৰ্মাক অযোগ্য প্ৰতিফলিত কৰিছিল৷ প্ৰাক্তন খেলুৱৈজনে কয় যে,  “মই এটা কথা ক'ম যিটোৱে ৰোহিত শৰ্মাক আঘাত কৰিব পাৰে। যদি আপুনি অধিনায়ক হিচাপে এটা দল বনাব লগা হয়, আপুনি গোটেই বছৰটো দলটোৰ সৈতে থাকিব লাগিব। ৰোহিত শৰ্মাই এই বছৰ কিমানটা শৃংখলা খেলিছিল?” 

জাদেজাৰ এনে স্পষ্ট তথা আক্ৰমণাত্মক ভাষ্যই টীম ইণ্ডিয়াৰ প্ৰতি অনুৰাগীৰ আস্থা হ্ৰাস কৰাৰো আশংকা আছে৷ আনফালে এনে ব্যক্তব্যৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই অধিনায়ক ৰোহিত শৰ্মাই৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক