--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৃহস্পতিবাৰে টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত ভাৰতৰ ১০ উইকেটৰ পৰাজয়ৰ পিছতে এতিয়া ক্ৰোধান্বিত হৈ আছে ভাৰতৰ ক্ৰিকেটপ্ৰেমী ৰাইজ। সমালোচনাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া৷  এইবাৰ আকৌ অনুৰাগীয়েই নহয়, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক তীব্ৰ আক্ৰমণ কৰিলে ভাৰতৰ প্ৰাক্তন খেলুৱৈ অজয় জাদেজাই৷ 

দলটোক সমালোচনা কৰি জাদেজাই কয় যে, ভাৰতে বিশ্বকাপত  বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ এটা মুখ্য কাৰক- হৈছে বৃদ্ধ দলটো।

'ঘৰ কা এক হি বুজুৰ্গ হোনা চাহিয়ে, সাত বুজুৰ্গ হোংগে তো ভি দিক্কাত হে।” এনেদৰেই জাদেজাই বিশ্বকাপলৈ আগবাঢ়ি যোৱাৰ পূৰ্বে  ৰোহিত শৰ্মাৰ অধিনায়কত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

জাদেজাৰ বক্তব্যই কেপ্তেইন হিচাপে ৰোহিত শৰ্মাক অযোগ্য প্ৰতিফলিত কৰিছিল৷ প্ৰাক্তন খেলুৱৈজনে কয় যে,  “মই এটা কথা ক'ম যিটোৱে ৰোহিত শৰ্মাক আঘাত কৰিব পাৰে। যদি আপুনি অধিনায়ক হিচাপে এটা দল বনাব লগা হয়, আপুনি গোটেই বছৰটো দলটোৰ সৈতে থাকিব লাগিব। ৰোহিত শৰ্মাই এই বছৰ কিমানটা শৃংখলা খেলিছিল?” 

জাদেজাৰ এনে স্পষ্ট তথা আক্ৰমণাত্মক ভাষ্যই টীম ইণ্ডিয়াৰ প্ৰতি অনুৰাগীৰ আস্থা হ্ৰাস কৰাৰো আশংকা আছে৷ আনফালে এনে ব্যক্তব্যৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই অধিনায়ক ৰোহিত শৰ্মাই৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু