--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ সময়তে শলঠেকত পৰিছে  ইংলেণ্ড দলটো। খেলৰ মাজতে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে  ইংলেণ্ড দলৰ  অধিনায়ক হেৰী কেন। আপাততঃ তেনে আশংকাই ঘনীভূত হৈছে। আজি ইংলেণ্ডে বিশ্বকাপৰ প্ৰথমখন খেলত ইৰাণৰ বিৰুদ্ধে খেলিব। কিন্তু খেল আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডৰ অধিনায়ক হেৰী কেনক গ্ৰেপ্তাৰকৰা হ’ব পাৰে বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰিছে।

কিন্তু কিয়? উল্লেখ্য যোৱা বিশ্বকাপত হেৰী কেন সৰ্বাধিক গোলদাতা আছিল। এইবাৰো ইংলেণ্ডে তেওঁৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰিছে। ইংলেণ্ডে বিশ্বকাপত ইৰাণৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথমখন খেল খেলিব। কিন্তু তাৰ আগতে তেওঁলোক সমস্যাত পৰিছে। খবৰ অনুসৰি সমকামিতাৰ  সমৰ্থনত ইংলেণ্ডৰ অধিনায়কজনে এটা বিশেষ আৰ্মবেণ্ড পিন্ধি খেলপথাৰত নমাৰ কথা। যদি তেওঁ তেনে  কৰে তেন্তে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত।

কাটাৰৰ আইন অনুসৰি সমকামিতা সেই দেশত এক অপৰাধ। কেইবাটাও এলজিবিটিকিউ সংগঠনে বিশ্বকাপৰ আগৰে পৰা কাটাৰৰ স্থিতিৰ  বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। কেইবাখনো ইউৰোপীয় দেশে এই প্ৰতিবাদত ইন্ধন যোগাইছে। ইংলেণ্ড, নেডাৰলেণ্ড, ফ্ৰান্স, ডেনমাৰ্ক, বেলজিয়াম, জাৰ্মানী, চুইডেন, নৰৱে, চুইজাৰলেণ্ড আৰু ৱেলছে সমকামিতাক সমৰ্থন কৰি আহিছে।  এইদেশসমূহৰ বহু খেলুৱৈয়ে এইবাৰ বিশ্বকাপত   এটা বিশেষ আৰ্মবেণ্ড পিন্ধাৰ সিদ্ধান্ত লৈছে।  সেই দেশসমূহৰ অধিনায়কসকলে কৈছে যে তেওঁলোকে বিশ্বকাপৰ খেলত এই আৰ্মবেণ্ড পিন্ধিব। তেওঁলোকে কৈছে যে  সমকামী প্ৰেমক সমৰ্থন কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

যদি কেনৰ হাতত ইৰাণৰ বিৰুদ্ধে খেলোতে এই বিশেষ আৰ্মবেণ্ড থাকে, তেন্তে তেওঁ ইয়াৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব। কাৰণ, ফিফাই স্পষ্ট কৰি দিছে যে বিশ্বকাপ অনুষ্ঠিত হোৱা দেশখনৰ আইন আৰু সংস্কৃতি অনুসৰি চলিব লাগিব। সেইকাৰণে কাটাৰ বিশ্বকাপৰ সময়ত বিয়েৰৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপৰ  স্বত্বেও ফিফাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে ফিফাৰ সভাপতিগৰাকীয়ে দাবী কৰে যে তিনি ঘণ্টা বীয়েৰ নাখালে কাৰো একো ক্ষতি নহয়।

ফিফাই ইতিমধ্যে ফুটবল এছ'চিয়েশ্যনক (এফএ) জনাইছে যে নিয়ম অনুসৰি  কোনো অধিনায়কে সেই বিশেষ আৰ্মবেণ্ড পিন্ধিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে ফিফাই একতা আৰু সমতাৰ বাৰ্তা দিবলৈ এক বিশেষ আৰ্মবেণ্ড প্ৰৱৰ্তন কৰিছে। প্ৰতিটো ৰাউণ্ডত, সেই আৰ্মবেণ্ডৰ 'শ্লোগান' সলনি হ'ব। কিন্তু ইয়াৰ বাহিৰে একো পিন্ধিব নোৱাৰিব। গতিকে যদি তেওঁ ইৰাণৰ বিৰুদ্ধে খেলোতে বিশেষ আৰ্মবেণ্ড পিন্ধে  তেন্তে খেল আৰম্ভ হোৱাৰ আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে।

নেডাৰলেণ্ডৰ সৈতে  ছেনেগালৰ আজি এখন খেল আছে। নেডাৰলেণ্ডৰ অধিনায়ক ভাৰ্জিল ভান ডিজকেও সেই খেলখনত এটা বিশেষ আৰ্মবেণ্ড পিন্ধিব নেকি? তেওঁ কৈছে যে তেওঁ সেয়া  পিন্ধিব। খেল আৰম্ভ হোৱাৰ আগতে তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক