--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ সময়তে শলঠেকত পৰিছে  ইংলেণ্ড দলটো। খেলৰ মাজতে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে  ইংলেণ্ড দলৰ  অধিনায়ক হেৰী কেন। আপাততঃ তেনে আশংকাই ঘনীভূত হৈছে। আজি ইংলেণ্ডে বিশ্বকাপৰ প্ৰথমখন খেলত ইৰাণৰ বিৰুদ্ধে খেলিব। কিন্তু খেল আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডৰ অধিনায়ক হেৰী কেনক গ্ৰেপ্তাৰকৰা হ’ব পাৰে বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰিছে।

কিন্তু কিয়? উল্লেখ্য যোৱা বিশ্বকাপত হেৰী কেন সৰ্বাধিক গোলদাতা আছিল। এইবাৰো ইংলেণ্ডে তেওঁৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰিছে। ইংলেণ্ডে বিশ্বকাপত ইৰাণৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথমখন খেল খেলিব। কিন্তু তাৰ আগতে তেওঁলোক সমস্যাত পৰিছে। খবৰ অনুসৰি সমকামিতাৰ  সমৰ্থনত ইংলেণ্ডৰ অধিনায়কজনে এটা বিশেষ আৰ্মবেণ্ড পিন্ধি খেলপথাৰত নমাৰ কথা। যদি তেওঁ তেনে  কৰে তেন্তে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত।

কাটাৰৰ আইন অনুসৰি সমকামিতা সেই দেশত এক অপৰাধ। কেইবাটাও এলজিবিটিকিউ সংগঠনে বিশ্বকাপৰ আগৰে পৰা কাটাৰৰ স্থিতিৰ  বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। কেইবাখনো ইউৰোপীয় দেশে এই প্ৰতিবাদত ইন্ধন যোগাইছে। ইংলেণ্ড, নেডাৰলেণ্ড, ফ্ৰান্স, ডেনমাৰ্ক, বেলজিয়াম, জাৰ্মানী, চুইডেন, নৰৱে, চুইজাৰলেণ্ড আৰু ৱেলছে সমকামিতাক সমৰ্থন কৰি আহিছে।  এইদেশসমূহৰ বহু খেলুৱৈয়ে এইবাৰ বিশ্বকাপত   এটা বিশেষ আৰ্মবেণ্ড পিন্ধাৰ সিদ্ধান্ত লৈছে।  সেই দেশসমূহৰ অধিনায়কসকলে কৈছে যে তেওঁলোকে বিশ্বকাপৰ খেলত এই আৰ্মবেণ্ড পিন্ধিব। তেওঁলোকে কৈছে যে  সমকামী প্ৰেমক সমৰ্থন কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

যদি কেনৰ হাতত ইৰাণৰ বিৰুদ্ধে খেলোতে এই বিশেষ আৰ্মবেণ্ড থাকে, তেন্তে তেওঁ ইয়াৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব। কাৰণ, ফিফাই স্পষ্ট কৰি দিছে যে বিশ্বকাপ অনুষ্ঠিত হোৱা দেশখনৰ আইন আৰু সংস্কৃতি অনুসৰি চলিব লাগিব। সেইকাৰণে কাটাৰ বিশ্বকাপৰ সময়ত বিয়েৰৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপৰ  স্বত্বেও ফিফাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে ফিফাৰ সভাপতিগৰাকীয়ে দাবী কৰে যে তিনি ঘণ্টা বীয়েৰ নাখালে কাৰো একো ক্ষতি নহয়।

ফিফাই ইতিমধ্যে ফুটবল এছ'চিয়েশ্যনক (এফএ) জনাইছে যে নিয়ম অনুসৰি  কোনো অধিনায়কে সেই বিশেষ আৰ্মবেণ্ড পিন্ধিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে ফিফাই একতা আৰু সমতাৰ বাৰ্তা দিবলৈ এক বিশেষ আৰ্মবেণ্ড প্ৰৱৰ্তন কৰিছে। প্ৰতিটো ৰাউণ্ডত, সেই আৰ্মবেণ্ডৰ 'শ্লোগান' সলনি হ'ব। কিন্তু ইয়াৰ বাহিৰে একো পিন্ধিব নোৱাৰিব। গতিকে যদি তেওঁ ইৰাণৰ বিৰুদ্ধে খেলোতে বিশেষ আৰ্মবেণ্ড পিন্ধে  তেন্তে খেল আৰম্ভ হোৱাৰ আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে।

নেডাৰলেণ্ডৰ সৈতে  ছেনেগালৰ আজি এখন খেল আছে। নেডাৰলেণ্ডৰ অধিনায়ক ভাৰ্জিল ভান ডিজকেও সেই খেলখনত এটা বিশেষ আৰ্মবেণ্ড পিন্ধিব নেকি? তেওঁ কৈছে যে তেওঁ সেয়া  পিন্ধিব। খেল আৰম্ভ হোৱাৰ আগতে তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু