--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল ফুটবলৰ মহাৰণ। এতিয়া এমাহজোৰা উৎকণ্ঠাৰে পাৰ কৰিব বিশ্বৰ অগণন ফুটবলপ্ৰেমীয়ে। জাকজমক অনুষ্ঠানেৰে কাটাৰৰ ৰাজধানী দোহাৰ আল বায়াত ষ্টেডিয়ামৰ ফিফা বিশ্বকাপৰ শুভাৰম্ভণী কৰা হয়।

ঐক্য- সাম্যৰ বাৰ্তাৰে উদ্বোধনী অনুষ্ঠানটো সজাই তোলা হ। ফুটবলে পৃথিৱীখনক এক কৰাৰ বাৰ্তা দিয়া হ’ল আৰৱৰ পৰা।

নিৰ্ধাৰিত সময়মতেই কাটাৰৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল-মাখতুমে ষ্টেডিয়ামত ভৰি থয়। তাৰপাছতে আৰম্ভ হয় সংগীতানুষ্ঠান।

সংগীত পৰিৱেশন কৰে প্ৰখ্যাত কোৰিয়ান বেণ্ড বিটিএছৰ মূল শিল্পী জান কুকে। তাৰপাছতে কাটাৰৰ জনপ্ৰিয় গায়ক ফাহাদ-আল-কুৱায়চিয়ে সংগীত পৰিৱেশন কৰে।

পূৰ্বৰ বিশ্বকাপৰ গানসমূহো অনুষ্ঠানটোত বাজি উঠে। ১৯৯৮ চনৰ ৰিকী মাৰ্টিনৰ 'ওলে ওলে’ৰ পৰা ২০১০ চনৰ শ্বাকিৰাৰ 'ৱাকা ৱাকা’ৰ তালত নাচি উঠে সকলো।

সংগীতানুষ্ঠানৰ পাছতে হলিউডৰ অভিনেতা মৰ্গান ফ্ৰীমেনে ষ্টেডিয়ামত উপস্থিত হৈ ফুটবলৰ মহত্ব প্ৰকাশ কৰে। অভিনেতাজনে ফুটবলক ঐক্য-শান্তিৰ প্ৰতীক হিচাপে আখ্যা দিয়ে। তেওঁক মঞ্চত সংগ দিয়ে কাটাৰৰ বিশেষভাৱে সক্ষম শিল্পী ঘানেম আল-মুফতাহে।

উদ্বোধনী অনুষ্ঠানৰ পাছতে এতিয়া লেটিন আমেৰিকান দেশ ইকুৱেডৰ আৰু আয়োজক কাটাৰৰ মাজত প্ৰথমখন খেল চলি আছে। বৰ্তমানলৈকে ইকুৱেডৰে প্ৰথমাৰ্ধত দুটাকৈ গ’ল কৰিছে। দুয়োটা গ’লেই কৰিবলৈ সক্ষম হৈছে ইকুৱেডৰৰ এলাৰ ভেলেন্সিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক