--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল ফুটবলৰ মহাৰণ। এতিয়া এমাহজোৰা উৎকণ্ঠাৰে পাৰ কৰিব বিশ্বৰ অগণন ফুটবলপ্ৰেমীয়ে। জাকজমক অনুষ্ঠানেৰে কাটাৰৰ ৰাজধানী দোহাৰ আল বায়াত ষ্টেডিয়ামৰ ফিফা বিশ্বকাপৰ শুভাৰম্ভণী কৰা হয়।

ঐক্য- সাম্যৰ বাৰ্তাৰে উদ্বোধনী অনুষ্ঠানটো সজাই তোলা হ। ফুটবলে পৃথিৱীখনক এক কৰাৰ বাৰ্তা দিয়া হ’ল আৰৱৰ পৰা।

নিৰ্ধাৰিত সময়মতেই কাটাৰৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল-মাখতুমে ষ্টেডিয়ামত ভৰি থয়। তাৰপাছতে আৰম্ভ হয় সংগীতানুষ্ঠান।

সংগীত পৰিৱেশন কৰে প্ৰখ্যাত কোৰিয়ান বেণ্ড বিটিএছৰ মূল শিল্পী জান কুকে। তাৰপাছতে কাটাৰৰ জনপ্ৰিয় গায়ক ফাহাদ-আল-কুৱায়চিয়ে সংগীত পৰিৱেশন কৰে।

পূৰ্বৰ বিশ্বকাপৰ গানসমূহো অনুষ্ঠানটোত বাজি উঠে। ১৯৯৮ চনৰ ৰিকী মাৰ্টিনৰ 'ওলে ওলে’ৰ পৰা ২০১০ চনৰ শ্বাকিৰাৰ 'ৱাকা ৱাকা’ৰ তালত নাচি উঠে সকলো।

সংগীতানুষ্ঠানৰ পাছতে হলিউডৰ অভিনেতা মৰ্গান ফ্ৰীমেনে ষ্টেডিয়ামত উপস্থিত হৈ ফুটবলৰ মহত্ব প্ৰকাশ কৰে। অভিনেতাজনে ফুটবলক ঐক্য-শান্তিৰ প্ৰতীক হিচাপে আখ্যা দিয়ে। তেওঁক মঞ্চত সংগ দিয়ে কাটাৰৰ বিশেষভাৱে সক্ষম শিল্পী ঘানেম আল-মুফতাহে।

উদ্বোধনী অনুষ্ঠানৰ পাছতে এতিয়া লেটিন আমেৰিকান দেশ ইকুৱেডৰ আৰু আয়োজক কাটাৰৰ মাজত প্ৰথমখন খেল চলি আছে। বৰ্তমানলৈকে ইকুৱেডৰে প্ৰথমাৰ্ধত দুটাকৈ গ’ল কৰিছে। দুয়োটা গ’লেই কৰিবলৈ সক্ষম হৈছে ইকুৱেডৰৰ এলাৰ ভেলেন্সিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু