--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি   লিঅ’নেল মেছিৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল। দেওবাৰে তেওঁ কাটাৰত ফ্ৰান্সক পৰাস্ত কৰি বিশ্বকাপ জয় কৰাৰ পিছত ট্ৰফীৰ সৈতে ভিডিঅ’ কলিং কৰিছিল ।

মেছিয়ে ২০০৬ চনৰ পৰা বিশ্বকাপ খেলি আছে। কিন্তু তেওঁ জিকিব পৰা নাছিল। ফাইনেল খেলিলেও তেওঁ ট্ৰফী স্পৰ্শ কৰিব পৰা নাছিল। সেই সকলো অনুশোচনা কাটাৰত দূৰ  হৈছে। বিশ্বকাপ মেছিৰ হাতলৈ আহিছে। আনন্দিত হৈছে  আৰ্জেণ্টিনাবাসী। উৰুগুৱেৰ ষ্ট্ৰাইকাৰ চুয়াৰেজেও এই  উদযাপনত  এতিয়া যোগদান কৰিছে। মেছিয়ে তেওঁক এটা ভিডিঅ' কল কৰি ট্ৰফীটো দেখুৱাই আনন্দ প্ৰকাশ কৰিছিল।

মেছি আৰু চুয়াৰেজে বাৰ্চিলোনাৰ হৈ একেলগে ছয়টা ছিজন খেলিছে। ক্লাব ফুটবলত এই দুই তাৰকাক অতি  বিপজ্জনক বুলি গণ্য কৰা হয়। দুয়োখন দেশৰ ফুটবল খেলুৱৈ দুগৰাকীৰ  মাজত বন্ধুত্ব গঢ়ি উঠিছিল। দুয়োজনে ক্লাব এৰি যোৱাৰ পিছতো সেই বন্ধুত্ব অটুত আছে। সুৱাৰেজে নিজেই ইনষ্টাগ্ৰামত মেছিৰ সৈতে এটা ভিডিঅ' কলৰ ফটো পোষ্ট কৰিছে। তাত দেখা গৈছে যে মেছিয়ে চুয়াৰেজক বিশ্বকাপৰ ট্ৰফীটো  দেখুৱাই আছে।

আৰ্জেণ্টিনাই দেওবাৰে ফ্ৰান্সক পৰাস্ত কৰি ৩৬ বছৰৰ পিছত বিশ্বকাপ জিকিবলৈ সক্ষম হৈছে। আৰম্ভণিতে চৌদি আৰৱৰ হাতত পৰাজিত হোৱাৰ পিছত আৰ্জেণ্টিনাই বিশ্বকাপ জিকিব পাৰিব নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছিল।

আৰ্জেণ্টিনাই  মেক্সিকো আৰু পোলেণ্ডক পৰাস্ত কৰিছিল। ইয়াৰ পিছত, তেওঁলোকে প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াক ২-১ গ’লৰ  ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত মেছিৰ দলে  নেডাৰলেণ্ডক পৰাস্ত কৰে। ছেমি ফাইনেলত আৰ্জেণ্টিনাই ক্ৰোৱেছিয়াৰ বিৰুদ্ধে খেলিছিল। ফাইনেলত টাইব্ৰেকাৰত আৰ্জেণ্টিনাই ফ্ৰান্সৰ বিৰুদ্ধে খেলখন জিকিবলৈ সক্ষম হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক