--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি   লিঅ’নেল মেছিৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল। দেওবাৰে তেওঁ কাটাৰত ফ্ৰান্সক পৰাস্ত কৰি বিশ্বকাপ জয় কৰাৰ পিছত ট্ৰফীৰ সৈতে ভিডিঅ’ কলিং কৰিছিল ।

মেছিয়ে ২০০৬ চনৰ পৰা বিশ্বকাপ খেলি আছে। কিন্তু তেওঁ জিকিব পৰা নাছিল। ফাইনেল খেলিলেও তেওঁ ট্ৰফী স্পৰ্শ কৰিব পৰা নাছিল। সেই সকলো অনুশোচনা কাটাৰত দূৰ  হৈছে। বিশ্বকাপ মেছিৰ হাতলৈ আহিছে। আনন্দিত হৈছে  আৰ্জেণ্টিনাবাসী। উৰুগুৱেৰ ষ্ট্ৰাইকাৰ চুয়াৰেজেও এই  উদযাপনত  এতিয়া যোগদান কৰিছে। মেছিয়ে তেওঁক এটা ভিডিঅ' কল কৰি ট্ৰফীটো দেখুৱাই আনন্দ প্ৰকাশ কৰিছিল।

মেছি আৰু চুয়াৰেজে বাৰ্চিলোনাৰ হৈ একেলগে ছয়টা ছিজন খেলিছে। ক্লাব ফুটবলত এই দুই তাৰকাক অতি  বিপজ্জনক বুলি গণ্য কৰা হয়। দুয়োখন দেশৰ ফুটবল খেলুৱৈ দুগৰাকীৰ  মাজত বন্ধুত্ব গঢ়ি উঠিছিল। দুয়োজনে ক্লাব এৰি যোৱাৰ পিছতো সেই বন্ধুত্ব অটুত আছে। সুৱাৰেজে নিজেই ইনষ্টাগ্ৰামত মেছিৰ সৈতে এটা ভিডিঅ' কলৰ ফটো পোষ্ট কৰিছে। তাত দেখা গৈছে যে মেছিয়ে চুয়াৰেজক বিশ্বকাপৰ ট্ৰফীটো  দেখুৱাই আছে।

আৰ্জেণ্টিনাই দেওবাৰে ফ্ৰান্সক পৰাস্ত কৰি ৩৬ বছৰৰ পিছত বিশ্বকাপ জিকিবলৈ সক্ষম হৈছে। আৰম্ভণিতে চৌদি আৰৱৰ হাতত পৰাজিত হোৱাৰ পিছত আৰ্জেণ্টিনাই বিশ্বকাপ জিকিব পাৰিব নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছিল।

আৰ্জেণ্টিনাই  মেক্সিকো আৰু পোলেণ্ডক পৰাস্ত কৰিছিল। ইয়াৰ পিছত, তেওঁলোকে প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াক ২-১ গ’লৰ  ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত মেছিৰ দলে  নেডাৰলেণ্ডক পৰাস্ত কৰে। ছেমি ফাইনেলত আৰ্জেণ্টিনাই ক্ৰোৱেছিয়াৰ বিৰুদ্ধে খেলিছিল। ফাইনেলত টাইব্ৰেকাৰত আৰ্জেণ্টিনাই ফ্ৰান্সৰ বিৰুদ্ধে খেলখন জিকিবলৈ সক্ষম হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু