--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ফ্ৰান্স দলৰ তাৰকা খেলুৱৈ কৰিম বেঞ্জেমাই অৱসৰৰ কথা ঘোষণা কৰে। ফ্ৰান্সৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজয়ৰ পাছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে ফ্ৰান্সৰ তাৰকা খেলুৱৈগৰাকীয়ে।


অৱশ্যে আঘাতৰ বাবে এইবাৰৰ কাটাৰ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল বেঞ্জেমা। জানিব পৰা মতে আঘাতৰ পৰা আৰোগ্য হোৱা স্বত্বেও ফ্ৰান্সৰ মেনেজাৰ ডিডিয়াৰ ডেচচেম্পছৰ সৈতে কোনো বিবাদ হোৱাত দলৰ পৰা বাদ পৰিছিল বেঞ্জেমা।

৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’নৰ পৰাও ফাইনেল খেলখন খেলাৰ বাবে তথা বিশ্বকাপৰ ফাইনেলত উপস্থিত থাকিবলৈ আমন্ত্ৰণ লাভ কৰিছিল যদিও সেই আমন্ত্ৰণ নকৰি তেওঁ নিজৰ হতাশাৰ কথাহে ব্যক্ত কৰিছিল।

২০০৭ চনত ফুটবল কেৰিয়াৰ আৰম্ভ কৰা বেঞ্জেমাই কেৰিয়াত বহুত সফলতা লাভ কৰিছিল। বিশ্বকাপত বিশেষ সফলতা লাভ নকৰিলেও বিশেষকৈ ৰিয়েল মাদ্ৰিডৰ বাবে তাৰকা হিচাপে খ্যাত আছিল তেওঁ। ৰিলেয় মাদ্ৰিডক বহু খেলত জয় হোৱাত মুখ্য ভুমিকা পালন কৰিছিল বেঞ্জেমাই।

কৰিম বেঞ্জেমাই চলিত বৰ্ষত ফুটবল জগতৰ অন্যতম সন্মান বিলেন ডি অৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বেঞ্জেমাই ফ্ৰান্সৰ হৈ ৯৭খন খেলত ৩৭টা গল কৰিছিল। ১৯ ডিচেম্বৰ সোমবাৰে জন্মদিনৰ দিনাই ফুটবলৰ আন্তঃৰাষ্ট্ৰীয় সকলো খেলৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত কৰে যদিও ক্লাবৰ হৈ খেলিব বুলি তেওঁ প্ৰকাশ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ