--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ফ্ৰান্স দলৰ তাৰকা খেলুৱৈ কৰিম বেঞ্জেমাই অৱসৰৰ কথা ঘোষণা কৰে। ফ্ৰান্সৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজয়ৰ পাছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে ফ্ৰান্সৰ তাৰকা খেলুৱৈগৰাকীয়ে।


অৱশ্যে আঘাতৰ বাবে এইবাৰৰ কাটাৰ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল বেঞ্জেমা। জানিব পৰা মতে আঘাতৰ পৰা আৰোগ্য হোৱা স্বত্বেও ফ্ৰান্সৰ মেনেজাৰ ডিডিয়াৰ ডেচচেম্পছৰ সৈতে কোনো বিবাদ হোৱাত দলৰ পৰা বাদ পৰিছিল বেঞ্জেমা।

৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’নৰ পৰাও ফাইনেল খেলখন খেলাৰ বাবে তথা বিশ্বকাপৰ ফাইনেলত উপস্থিত থাকিবলৈ আমন্ত্ৰণ লাভ কৰিছিল যদিও সেই আমন্ত্ৰণ নকৰি তেওঁ নিজৰ হতাশাৰ কথাহে ব্যক্ত কৰিছিল।

২০০৭ চনত ফুটবল কেৰিয়াৰ আৰম্ভ কৰা বেঞ্জেমাই কেৰিয়াত বহুত সফলতা লাভ কৰিছিল। বিশ্বকাপত বিশেষ সফলতা লাভ নকৰিলেও বিশেষকৈ ৰিয়েল মাদ্ৰিডৰ বাবে তাৰকা হিচাপে খ্যাত আছিল তেওঁ। ৰিলেয় মাদ্ৰিডক বহু খেলত জয় হোৱাত মুখ্য ভুমিকা পালন কৰিছিল বেঞ্জেমাই।

কৰিম বেঞ্জেমাই চলিত বৰ্ষত ফুটবল জগতৰ অন্যতম সন্মান বিলেন ডি অৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বেঞ্জেমাই ফ্ৰান্সৰ হৈ ৯৭খন খেলত ৩৭টা গল কৰিছিল। ১৯ ডিচেম্বৰ সোমবাৰে জন্মদিনৰ দিনাই ফুটবলৰ আন্তঃৰাষ্ট্ৰীয় সকলো খেলৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত কৰে যদিও ক্লাবৰ হৈ খেলিব বুলি তেওঁ প্ৰকাশ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক