--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিখন বিশ্বকাপতে নতুন নতুন তাৰকাৰ জন্ম হয়। কাটাৰ বিশ্বকাপো তাৰ ব্যতিক্ৰম নহয়। এই বিশ্বকাপতো জ্বিলিকি উঠিল কেইবাজনো উদীয়মান ফুটবলাৰ। বিশ্বকাপৰ আগলৈকে এওঁলোকৰ নাম কোনেও শুনা নাছিল, কিন্তুএতিয়া ফুটবলপ্ৰেমীৰ মুখে মুখে চাও আহক, বিশ্বকাপত অদম্য প্ৰদৰ্শন আগবঢ়োৱা কেইজনমান নতুন তাৰকাৰ নাম-

য়াছিন বোনোঃ মৰক্কোৰ এই গ’লকীপাৰগৰাকী এইবাৰৰ বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। মৰক্কোৱে চেমিফাইনেলত এটা আত্মঘাটী গ’লৰ বাদে আন কোনো গ’ল নাখালে। অৰ্থাৎ চাঞ্চল্যজনক প্ৰদৰ্শন আগবঢ়ালে বুনুৱে।

ডমিনিক লিভাকোভিচঃ ক্ৰ’ৱেশ্চিয়াৰ এই গ’লকীপাৰগৰাকীয়ে বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন কৰে। ব্ৰাজিলৰ দৰে দলক এওঁ বিমুখ কৰি পঠাইছিল। লিভাকোভিচৰ এই প্ৰদৰ্শনৰ বাবেই ক্ৰ’ৱেশ্চিয়াই বিশ্বকাপত তৃতীয় স্থান দখল কৰিলে।

ৰিৎসু দোৱানঃ জাপানৰ এইগৰাকী ষ্ট্ৰাইকাৰে বিশ্বকাপৰ চাৰিখন মেচত দুটাকৈ গ’ল কৰিছে। প্ৰতিখন মেচতে এওঁ অনবদ্য প্ৰদৰ্শন আগবঢ়ালে। জাৰ্মানী আৰু স্পেইনক জাপানে হৰুওৱাত দোৱানৰ ভূমিকা দূৰ্দান্ত।

আজ্জেদিন উনাহিঃ মৰক্কোৰ এইগৰাকী মিডফিল্ডাৰে বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে। ছেমি ফাইনেললৈকে দৌৰা মৰক্কোৰ কেইবাখনো মেচত উনাহিয়ে অনবদ্য অৰিহণা আগঢ়ালে। উনাহিৰ ভৰিৰ স্পৰ্শতে মৰক্কোৰ কেইবাটাও গ’ল ৰচনা কৰা হৈছিল।

গনচালো ৰামোছঃ বিশ্বকাপৰ প্ৰথমখন মেচতে চুইজাৰলেণ্ডৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰা এইগৰাকী পৰ্তুগীজ তাৰকা এইবাৰৰ বিশ্বকাপৰ অন্যতম আৱিষ্কাৰ। বিশ্বকাপত পৰ্তুগালে অনুৰাগীসকলক নিৰাশ কৰিলেও ৰামোছে দৃষ্টি আকৰ্ষণ কৰিছে। লুই ফিগো, ৰোণাল্ডোৰ পাছত পৰ্তুগালৰ নতুন তাৰকা হৈ পৰিছে এওঁ।

এনজ’ ফাৰ্ণান্ডেজঃ আৰ্জেণ্টিনাৰ এইগৰাকী মিডফিল্ডাৰে বিশ্বকাপত এটা দূ্ৰ্দান্ত গ’ল কৰিলে। বিশ্বকাপৰ সাতোখন মেচতে এওঁ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিলে। এনজ’ৰ এই প্ৰদৰ্শনৰ বাবেই লিঅ’নেল মেছিৰো দৃষ্টি আকৰ্ষণ কৰিছে।

মহম্মদ কুদুচঃ ঘানাৰ এইগৰাকী ষ্ট্ৰাইকাৰে এইবাৰৰ বিশ্বকাপৰ তিনিখন মেচত দুটাকৈ গ’ল কৰিলে। আফ্ৰিকাৰ অন্যতম শক্তিশালী দলটোৱে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’লেও কুদুচৰ প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছে।

চালেম আলদাওছাৰিঃ বিশ্বকাপত চৌদী আৰৱৰ হাতত আৰ্জেণ্টিনা পৰাজীত হোৱাটো এইবাৰৰ অন্যতম উল্লেখযোগ্য ঘটনা। চৌদীৰ মিডফিল্ডাৰ চালেম আলদাওছাৰিয়ে মেচখনত বিজয়সূচক গ’লটো কৰিছিল। মিডফিল্ডৰ পৰা বল উলিয়াই অনাত এওঁৰ ভূমিকা দূৰ্দান্ত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু