--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিলে আৰ্জেণ্টিনাই। বিশ্বকাপ জিকি বিপুল পৰিমাণৰ পুৰস্কাৰমূল্য লাভ কৰিছে মেছিবাহিনীয়ে। ৰাণাৰ্ছ আপ ফ্ৰান্সেও লাভ কৰিছে বৃহৎ অংকৰ পুৰস্কাৰমূল্য। চাও আহক, কোন দলে কিমান টকা পালে, সেই বিষয়ে সবিশেষ।

এই বছৰৰ বিশ্বকাপৰ পুৰস্কাৰমূল্যত মুঠ ৪৪ কোটি ডলাৰ খৰচ কৰিছে ফিফাই। ভাৰতীয় হিচাপত প্ৰায় ৩৫৭৩ কোটি টকা। বিশ্বকাপত জয়ী হৈ আৰ্জেণ্টিনাই লাভ কৰিছে ৪ কোটি ২০ লাখ ডলাৰ। ভাৰতীয় হিচাপত ৩৪৪ কোটি টকা। ৰাণাৰ্ছ আপ হিচাপে ফ্ৰান্সে লাভ কৰিছে ৩ কোটি ডলাৰ। ভাৰতীয় হিচাপত ২৪৫ কোটি টকা।

তৃতীয় স্থানত উপনীত হোৱা দল ক্ৰ’ৱেছিয়াই লাভ কৰিছে ২ কোটি ৭০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ২২০ কোটি টকা। চতুৰ্থ স্থানত থকা মৰক্কোৱে লাভ কৰিছে আঢ়ৈ কোটি ডলাৰ। ভাৰতীয় হিচাপত ২০৪ কোটি টকা।

বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা নেদাৰলেণ্ডছ, ব্ৰাজিল, ইংলেণ্ড আৰু পৰ্তুগালে লাভ কৰিছে ১ কোটি ৭০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ১৩৮ কোটিকৈ পাইছে প্ৰত্যেকটো দলেই।

ৰাউণ্ড অৱ চিক্সটিন অথবা প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, পোলেণ্ড, চেনেগাল, স্পেইন আৰু চুইজাৰলেণ্ডে লাভ কৰিছে ১ কোটি ৩০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ১০৬ কোটিকৈ লাভ কৰিছে প্ৰত্যেকটো দলে।

বাকী থাকিল বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱা দেশসমূহ। জাৰ্মানী, বেলজিয়ামৰ দৰে আগশাৰীৰ দলসমূহে গ্ৰুপৰ পৰা বিদায় লৈ লাভ কৰিছে ৯০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ৭৪ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক