--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিলে আৰ্জেণ্টিনাই। বিশ্বকাপ জিকি বিপুল পৰিমাণৰ পুৰস্কাৰমূল্য লাভ কৰিছে মেছিবাহিনীয়ে। ৰাণাৰ্ছ আপ ফ্ৰান্সেও লাভ কৰিছে বৃহৎ অংকৰ পুৰস্কাৰমূল্য। চাও আহক, কোন দলে কিমান টকা পালে, সেই বিষয়ে সবিশেষ।

এই বছৰৰ বিশ্বকাপৰ পুৰস্কাৰমূল্যত মুঠ ৪৪ কোটি ডলাৰ খৰচ কৰিছে ফিফাই। ভাৰতীয় হিচাপত প্ৰায় ৩৫৭৩ কোটি টকা। বিশ্বকাপত জয়ী হৈ আৰ্জেণ্টিনাই লাভ কৰিছে ৪ কোটি ২০ লাখ ডলাৰ। ভাৰতীয় হিচাপত ৩৪৪ কোটি টকা। ৰাণাৰ্ছ আপ হিচাপে ফ্ৰান্সে লাভ কৰিছে ৩ কোটি ডলাৰ। ভাৰতীয় হিচাপত ২৪৫ কোটি টকা।

তৃতীয় স্থানত উপনীত হোৱা দল ক্ৰ’ৱেছিয়াই লাভ কৰিছে ২ কোটি ৭০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ২২০ কোটি টকা। চতুৰ্থ স্থানত থকা মৰক্কোৱে লাভ কৰিছে আঢ়ৈ কোটি ডলাৰ। ভাৰতীয় হিচাপত ২০৪ কোটি টকা।

বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা নেদাৰলেণ্ডছ, ব্ৰাজিল, ইংলেণ্ড আৰু পৰ্তুগালে লাভ কৰিছে ১ কোটি ৭০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ১৩৮ কোটিকৈ পাইছে প্ৰত্যেকটো দলেই।

ৰাউণ্ড অৱ চিক্সটিন অথবা প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, পোলেণ্ড, চেনেগাল, স্পেইন আৰু চুইজাৰলেণ্ডে লাভ কৰিছে ১ কোটি ৩০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ১০৬ কোটিকৈ লাভ কৰিছে প্ৰত্যেকটো দলে।

বাকী থাকিল বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱা দেশসমূহ। জাৰ্মানী, বেলজিয়ামৰ দৰে আগশাৰীৰ দলসমূহে গ্ৰুপৰ পৰা বিদায় লৈ লাভ কৰিছে ৯০ লাখ ডলাৰ। ভাৰতীয় মূল্যত ৭৪ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ