--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয়ৰ পাছতে লিঅ’নেল মেছিক অভিনন্দন জনালে ৰোণাল্ডোৱে। অৱশ্যে ক্ৰিষ্টিয়ানো ৰোণাল্ডো নহয়, ব্ৰাজিলৰ ৰোণাল্ডো নাজাৰিঅ’ইহে মেছিক শুভেচ্ছা জনাইছে। মেছিৰ খেলাই মুগ্ধ কৰিছে ব্ৰাজিলৰ বিশ্বকাপবিজয়ী তাৰকাগৰাকীক।

উল্লেখযোগ্য যে ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত ফুটবলক লৈ শত্ৰুতা অনেক পুৰণি। দুয়োখন চুবুৰীয়া দেশে লেটিন আমেৰিকান ফুটবলত বিশেষ প্ৰতিদ্বন্দিতা আগবঢ়ায়। কিন্তু এই সকলো শত্ৰুতা পাহৰি মেছিক শুভেচ্ছা জনালে ৰোণাল্ডোৱে।

ইনষ্টাগ্ৰামত ৰোণাল্ডোৱে লিখিছে- “ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত ফুটবলক লৈ দ্বন্দ থাকিলেও মই ব্ৰাজিলৰ বহুতো মানুহক বিশ্বকাপৰ ফাইনেল চোৱা দেখিছো। কেৱল সেয়াই নহয়, ব্ৰাজিল আৰু সমগ্ৰ বিশ্বৰ প্ৰচুৰ মানুহে মেছিৰ বাবে চিঞৰিছে। ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈৰ হাতত ইমানদিনলৈকে বিশ্বকাপ ট্ৰফীটো নাছিল। সেয়া এইবাৰ পূৰণ হ’ল। এটা বৃত্ত সম্পূৰ্ণ হ’ল।”

ইনষ্টাগ্ৰাম প’ষ্টটোত ডিয়েগ’ মাৰাডোনাৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰে ৰোণাল্ডোৱে। লিখে- “মাৰাডোনাই সৰগত উল্লাস কৰা মই দেখিবলৈ পাইছো। তেওঁ আজি সকলোতকৈ সুখী।”

উল্লেখ্য যে এসময়ত ব্ৰাজিলৰ ৰোণাল্ডোৱে ফুটবল বিশ্ব শাসন কৰিছিল। খেলপথাৰত অনবদ্য প্ৰদৰ্শনৰ বাবে তেওঁক কিংম্বদন্তিৰ শাৰীত ধৰা হয়। ২০০২ চনৰ বিশ্বকাপত নায়ক হৈছিল ৰোণাল্ডো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক