--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয়ৰ পাছতে লিঅ’নেল মেছিক অভিনন্দন জনালে ৰোণাল্ডোৱে। অৱশ্যে ক্ৰিষ্টিয়ানো ৰোণাল্ডো নহয়, ব্ৰাজিলৰ ৰোণাল্ডো নাজাৰিঅ’ইহে মেছিক শুভেচ্ছা জনাইছে। মেছিৰ খেলাই মুগ্ধ কৰিছে ব্ৰাজিলৰ বিশ্বকাপবিজয়ী তাৰকাগৰাকীক।

উল্লেখযোগ্য যে ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত ফুটবলক লৈ শত্ৰুতা অনেক পুৰণি। দুয়োখন চুবুৰীয়া দেশে লেটিন আমেৰিকান ফুটবলত বিশেষ প্ৰতিদ্বন্দিতা আগবঢ়ায়। কিন্তু এই সকলো শত্ৰুতা পাহৰি মেছিক শুভেচ্ছা জনালে ৰোণাল্ডোৱে।

ইনষ্টাগ্ৰামত ৰোণাল্ডোৱে লিখিছে- “ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত ফুটবলক লৈ দ্বন্দ থাকিলেও মই ব্ৰাজিলৰ বহুতো মানুহক বিশ্বকাপৰ ফাইনেল চোৱা দেখিছো। কেৱল সেয়াই নহয়, ব্ৰাজিল আৰু সমগ্ৰ বিশ্বৰ প্ৰচুৰ মানুহে মেছিৰ বাবে চিঞৰিছে। ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈৰ হাতত ইমানদিনলৈকে বিশ্বকাপ ট্ৰফীটো নাছিল। সেয়া এইবাৰ পূৰণ হ’ল। এটা বৃত্ত সম্পূৰ্ণ হ’ল।”

ইনষ্টাগ্ৰাম প’ষ্টটোত ডিয়েগ’ মাৰাডোনাৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰে ৰোণাল্ডোৱে। লিখে- “মাৰাডোনাই সৰগত উল্লাস কৰা মই দেখিবলৈ পাইছো। তেওঁ আজি সকলোতকৈ সুখী।”

উল্লেখ্য যে এসময়ত ব্ৰাজিলৰ ৰোণাল্ডোৱে ফুটবল বিশ্ব শাসন কৰিছিল। খেলপথাৰত অনবদ্য প্ৰদৰ্শনৰ বাবে তেওঁক কিংম্বদন্তিৰ শাৰীত ধৰা হয়। ২০০২ চনৰ বিশ্বকাপত নায়ক হৈছিল ৰোণাল্ডো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ