--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত ছোৱেইব আখটাৰৰ নাম শুনিলে বিশ্বৰ আগশাৰীৰ বেটাৰসকলৰো বুকু কঁপি উঠিছিল। আখটাৰৰ হাতৰ পৰা উলাই অহা বিধ্বংসী ফাষ্ট বলিঙে তচ নচ কৰি দিছিল তেওঁলোকৰ ইনিংছ। যাদুকৰৰ দৰেই মিডল ষ্টাম্প উফৰাই আখটাৰে পেভিলিঅ’নমুখী কৰিছিল অনেকক।

শচীন টেণ্ডুলকাৰ আৰু ছোৱেইব আখটাৰৰ যুঁজৰ কথা ক্ৰিকেটপ্ৰেমীসকলে এতিয়াও সুঁৱৰে। বহুবাৰ প্ৰতিদ্বন্দী হিচাপে অৱতীৰ্ণ হৈছিল দুয়োগৰাকী তাৰকা। খেলপথাৰৰ উপৰিও ব্যক্তিগত পৰ্যায়লৈ গৈছিল শচীন-ছোৱেইবৰ যুঁজ। শেহতীয়াকৈ শচীনৰ সতীৰ্থ তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগে এনেধৰণৰ এটা স্মৃতি সোঁৱৰণ কৰিছে।

ছেহৱাগে জানিবলৈ দিছে যে ছোৱেইবে শচীনৰ আগত ক্ষমা বিচাৰিছিল। কিন্তু কিয়? ৬ ফুট ওখ শ্বোয়াইবে ৫ ফুট ৪ ইঞ্চি শচীনক কিয় ক্ষমা খুজিছিল? লক্ষ্যণীয়ভাৱে এই ঘটনা ক্ৰিকেটৰ বাবে হোৱা নাছিল। আন কাৰণতহে।

অৱশ্যে কেতিয়া এই কাণ্ড হৈছিল সেয়া ছেহৱাগে সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই। অৱশ্যে ঘটনাৰ সবিশেষহে আলোকপাত কৰিছে। ছেহৱাগে কয় যে লক্ষ্ণৌত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ এবাৰ এটা পাৰ্টি অনুষ্ঠিত হৈছিল। তাতে এটা সৰস কাণ্ড সংঘটিত হৈছিল।

পাৰ্টিটোত ছোৱেইবে শচীনক কোলাত ল’ব বিচাৰিছিল। কিন্তু শচীনৰ ওজন সহ্য কৰিব নোৱাৰিলে ৰাৱালপিণ্ডি এক্সপ্ৰেছে। ছোৱেইবে দাঙিবই নোৱাৰিলে শচীনক। দুয়ো মজিয়াত পৰি গৈছিল। ছেহৱাগৰ ভাষাত "এবাৰ লক্ষ্ণৌত ভাৰতীয় আৰু পাকিস্তানী ক্ৰিকেটাৰৰ মাজত পাৰ্টি চলিছিল। শ্বোয়াইবে তাত বহুত মদ খাইছিল।’’

সেই মদ্যপ অৱস্থাতে ছোৱেইবে শচীনক কোলাত ল’ব বিচাৰিছিল। কিন্তু ছোৱেইব আৰু শচীন দুয়ো মজিয়াত পৰি গৈছিল। সেই অৱস্থাত ক্ৰিকেট জগতৰ ছুপাৰষ্টাৰ দুগৰাকীক এই অৱস্থা হোৱা দেখি হাঁহি ৰখাব পৰা নাছিল ছেহৱাগে।

পৰিস্থিতি চম্ভালিবলৈ অপ্ৰস্তুত হৈ শ্বোৱেইবে তেতিয়া কয় যে শচীন বৰ গধুৰ আৰু ভাৰতৰ বেটিং কান্ধত কঢ়িয়াই লৈ ফুৰে বাবেই শচীন গধুৰ। সেইবাবেই তেওঁ শচীনক তুলিব নোৱাৰিলে।

অৱশ্যে ঘটনাটো ইয়াতেই শেষ নহয়। বৰঞ্চ আৰম্ভহে হ’ল! শচীনক দাঙিব নোৱাো বাবে পাৰ্টিটোতে ছোৱেইবক ছেহৱাগে ইতিকিং কৰে। বাৰে বাৰে ছোৱেইবক ছেহৱাগে কয়- "আপোনাৰ কেৰিয়াৰ শেষ হৈছে! তোমাৰ খেল শেষ!”

শচীন এনেদৰে মজিয়াত পৰি যোৱাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে বুলিও ছেহৱাগে ছোৱেইবক ভয় খুৱায়। ছোৱেইবেও ভয় খাইছিল। ছেহৱাগে দাবী কৰে যে সেই ঘটনাৰ পিছত ছোৱেইবে অনুভৱ কৰিছিল যে শচীনে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত অভিযোগ দিব। যিটোৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই ৰাৱালপিণ্ডি এক্সপ্ৰেছে শচীনৰ ওচৰত ক্ষমা বিচাৰিলে।

ছোৱেইবক এনে অৱস্থাত দেখি ছেহৱাগে ক’লে- ''আপুনি আমাৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰজনক মাটিত পেলাই দিলে। এইবাৰ আপোনাৰ কেৰিয়াৰ শেষ! আপোনাকো পাকিস্তানৰ দলৰ পৰা বাদ দিয়া হ’ব।’’ ইয়াৰ পিছতে ছোৱেইবে ক্ষমা খুজিবলৈ শচীনৰ পিছে পিছে ঘূৰি ফুৰিব ধৰিলে।

ছেহৱাগে কয়- "য'তেই শচীনক লগ পায়, ছোৱেইবে 'ছ'ৰী' ক'বলৈ ধৰে। এবাৰ তেওঁ শচীনৰ ভৰিত পৰি মোৰ সন্মুখত ক্ষমা খুজিলে। কিন্তু শচীন আৰু মইও ভাও জুৰিবলৈ ধৰিলো। পিছত আমি এই বিষয়ে খুব হাঁহিছিলোঁ।''

অৱশেষত শচীনে ছোৱেইবক 'ক্ষমা' কৰিলেনে? সেহৱাগে অৱশ্যে সেই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে। কিন্তু ইয়াৰ পৰা বুজা যায় উক্ত পাৰ্টিটোত সঁচাকৈয়ে নগুৰ নাকটি হৈছিল বিশ্বত্ৰাসী পাকিস্তানী ফাষ্ট বলাৰগৰাকীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু