--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত ছোৱেইব আখটাৰৰ নাম শুনিলে বিশ্বৰ আগশাৰীৰ বেটাৰসকলৰো বুকু কঁপি উঠিছিল। আখটাৰৰ হাতৰ পৰা উলাই অহা বিধ্বংসী ফাষ্ট বলিঙে তচ নচ কৰি দিছিল তেওঁলোকৰ ইনিংছ। যাদুকৰৰ দৰেই মিডল ষ্টাম্প উফৰাই আখটাৰে পেভিলিঅ’নমুখী কৰিছিল অনেকক।

শচীন টেণ্ডুলকাৰ আৰু ছোৱেইব আখটাৰৰ যুঁজৰ কথা ক্ৰিকেটপ্ৰেমীসকলে এতিয়াও সুঁৱৰে। বহুবাৰ প্ৰতিদ্বন্দী হিচাপে অৱতীৰ্ণ হৈছিল দুয়োগৰাকী তাৰকা। খেলপথাৰৰ উপৰিও ব্যক্তিগত পৰ্যায়লৈ গৈছিল শচীন-ছোৱেইবৰ যুঁজ। শেহতীয়াকৈ শচীনৰ সতীৰ্থ তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগে এনেধৰণৰ এটা স্মৃতি সোঁৱৰণ কৰিছে।

ছেহৱাগে জানিবলৈ দিছে যে ছোৱেইবে শচীনৰ আগত ক্ষমা বিচাৰিছিল। কিন্তু কিয়? ৬ ফুট ওখ শ্বোয়াইবে ৫ ফুট ৪ ইঞ্চি শচীনক কিয় ক্ষমা খুজিছিল? লক্ষ্যণীয়ভাৱে এই ঘটনা ক্ৰিকেটৰ বাবে হোৱা নাছিল। আন কাৰণতহে।

অৱশ্যে কেতিয়া এই কাণ্ড হৈছিল সেয়া ছেহৱাগে সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই। অৱশ্যে ঘটনাৰ সবিশেষহে আলোকপাত কৰিছে। ছেহৱাগে কয় যে লক্ষ্ণৌত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ এবাৰ এটা পাৰ্টি অনুষ্ঠিত হৈছিল। তাতে এটা সৰস কাণ্ড সংঘটিত হৈছিল।

পাৰ্টিটোত ছোৱেইবে শচীনক কোলাত ল’ব বিচাৰিছিল। কিন্তু শচীনৰ ওজন সহ্য কৰিব নোৱাৰিলে ৰাৱালপিণ্ডি এক্সপ্ৰেছে। ছোৱেইবে দাঙিবই নোৱাৰিলে শচীনক। দুয়ো মজিয়াত পৰি গৈছিল। ছেহৱাগৰ ভাষাত "এবাৰ লক্ষ্ণৌত ভাৰতীয় আৰু পাকিস্তানী ক্ৰিকেটাৰৰ মাজত পাৰ্টি চলিছিল। শ্বোয়াইবে তাত বহুত মদ খাইছিল।’’

সেই মদ্যপ অৱস্থাতে ছোৱেইবে শচীনক কোলাত ল’ব বিচাৰিছিল। কিন্তু ছোৱেইব আৰু শচীন দুয়ো মজিয়াত পৰি গৈছিল। সেই অৱস্থাত ক্ৰিকেট জগতৰ ছুপাৰষ্টাৰ দুগৰাকীক এই অৱস্থা হোৱা দেখি হাঁহি ৰখাব পৰা নাছিল ছেহৱাগে।

পৰিস্থিতি চম্ভালিবলৈ অপ্ৰস্তুত হৈ শ্বোৱেইবে তেতিয়া কয় যে শচীন বৰ গধুৰ আৰু ভাৰতৰ বেটিং কান্ধত কঢ়িয়াই লৈ ফুৰে বাবেই শচীন গধুৰ। সেইবাবেই তেওঁ শচীনক তুলিব নোৱাৰিলে।

অৱশ্যে ঘটনাটো ইয়াতেই শেষ নহয়। বৰঞ্চ আৰম্ভহে হ’ল! শচীনক দাঙিব নোৱাো বাবে পাৰ্টিটোতে ছোৱেইবক ছেহৱাগে ইতিকিং কৰে। বাৰে বাৰে ছোৱেইবক ছেহৱাগে কয়- "আপোনাৰ কেৰিয়াৰ শেষ হৈছে! তোমাৰ খেল শেষ!”

শচীন এনেদৰে মজিয়াত পৰি যোৱাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে বুলিও ছেহৱাগে ছোৱেইবক ভয় খুৱায়। ছোৱেইবেও ভয় খাইছিল। ছেহৱাগে দাবী কৰে যে সেই ঘটনাৰ পিছত ছোৱেইবে অনুভৱ কৰিছিল যে শচীনে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত অভিযোগ দিব। যিটোৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই ৰাৱালপিণ্ডি এক্সপ্ৰেছে শচীনৰ ওচৰত ক্ষমা বিচাৰিলে।

ছোৱেইবক এনে অৱস্থাত দেখি ছেহৱাগে ক’লে- ''আপুনি আমাৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰজনক মাটিত পেলাই দিলে। এইবাৰ আপোনাৰ কেৰিয়াৰ শেষ! আপোনাকো পাকিস্তানৰ দলৰ পৰা বাদ দিয়া হ’ব।’’ ইয়াৰ পিছতে ছোৱেইবে ক্ষমা খুজিবলৈ শচীনৰ পিছে পিছে ঘূৰি ফুৰিব ধৰিলে।

ছেহৱাগে কয়- "য'তেই শচীনক লগ পায়, ছোৱেইবে 'ছ'ৰী' ক'বলৈ ধৰে। এবাৰ তেওঁ শচীনৰ ভৰিত পৰি মোৰ সন্মুখত ক্ষমা খুজিলে। কিন্তু শচীন আৰু মইও ভাও জুৰিবলৈ ধৰিলো। পিছত আমি এই বিষয়ে খুব হাঁহিছিলোঁ।''

অৱশেষত শচীনে ছোৱেইবক 'ক্ষমা' কৰিলেনে? সেহৱাগে অৱশ্যে সেই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে। কিন্তু ইয়াৰ পৰা বুজা যায় উক্ত পাৰ্টিটোত সঁচাকৈয়ে নগুৰ নাকটি হৈছিল বিশ্বত্ৰাসী পাকিস্তানী ফাষ্ট বলাৰগৰাকীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ