--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ, ২০২৩। প্ৰতিযোগিতাখনৰ সময়সূচীও ইতিমধ্যে প্ৰকাশ কৰিছে আইচিচিয়ে। কিন্তু এতিয়ালৈকে পাকিস্তানৰ এই বিশ্বকাপত অংশগ্ৰহণৰ নিশ্চয়তা এতিয়াও স্পষ্ট হোৱা নাই। এছিয়ান ক্ৰিকেট কাউন্সিল আৰু আইচিচিয়ে হয়তো পাকিস্তানৰ পৰা বুজাবুজি পত্ৰ লাভ কৰিছে যদিও পিচিবিৰ নেতৃত্বৰ পৰিৱৰ্তনৰ পাছত যেন আকৌ এবাৰ কথাবোৰ জটিল হৈ পৰিছে।

এতিয়া পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰী এহছান মাজাৰীয়ে কয় যে “যদি ভাৰতীয় দলে পাকিস্তানত হ’বলগীয়া এছিয়া কাপৰ বাবে নিৰপেক্ষ স্থান দাবী কৰে, তেন্তে আমিও বিশ্বকাপৰ বাবে ভাৰতলৈ নাযাওঁ।ৰাষ্ট্ৰীয় সংবাদপত্ৰ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা কথা-বতৰাত এহছান মাজাৰীয়ে কয় যে এয়া মোৰ ব্যক্তিগত মতামত, কাৰণ পাকিস্তান ক্ৰিকেট ব’ৰ্ড মোৰ মন্ত্ৰালয়ৰ অধীনলৈ আহে। গতিকে যদি ভাৰতে এছিয়া কাপত নিৰপেক্ষ স্থানত নিজৰ মেচ খেলিবলৈ দাবী কৰে, তেন্তে আমি ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবেও একেই দাবী কৰিম।”

এহছান মাজাৰীয়ে লগতে কয় যে “আহমেদাবাদত খেলিবলৈ তেওঁ লোকৰ কোনো সমস্যা নাই, কিন্তু তাৰ বাবে ভাৰতীয় দলটো পাকিস্তানলৈ আহিব লাগিব।” উল্লেখ্য যে, একে সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টোৰ নেতৃত্বত পাকিস্তানৰ বিশ্বকাপ ২০২৩ত অংশগ্ৰহণৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে।সেই সমিতিৰ সন্দৰ্ভত পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয়, ‘বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টোৱে কমিটীৰ নেতৃত্ব দিব আৰু কমিটীৰ অংশ হোৱা ১১ জন মন্ত্ৰীৰ ভিতৰত ময়ো অন্তৰ্ভুক্ত হৈছো। এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব প্ৰধানমন্ত্ৰীয়ে।”


ইয়াৰ উপৰিও মাজাৰীয়ে কয় যে তেওঁ এছিয়া কাপ ২০২৩ৰ হাইব্ৰিড মডেলৰ সমৰ্থনত নাছিল।তদুপৰি ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে, “ভাৰতে ক্ৰীড়াক ৰাজনীতিত আনে। মই বুজি নাপাওঁ যে ভাৰত চৰকাৰে কিয় নিজৰ দলটো পাকিস্তানলৈ পঠিয়াব নিবিচাৰে। কিছুদিন আগতে ভাৰতৰ পৰা এটা ডাঙৰ দল ইছলামবাদত বেছবল প্ৰতিযোগিতা খেলিবলৈ আহিছিল, মই আছিলোঁ অনুষ্ঠানটোৰ মুখ্য অতিথি। তদুপৰি পাকিস্তানৰ ফুটবল হকী, দবা দলসমূহেও ভাৰত ভ্ৰমণ কৰিছে।”






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু