--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ, ২০২৩। প্ৰতিযোগিতাখনৰ সময়সূচীও ইতিমধ্যে প্ৰকাশ কৰিছে আইচিচিয়ে। কিন্তু এতিয়ালৈকে পাকিস্তানৰ এই বিশ্বকাপত অংশগ্ৰহণৰ নিশ্চয়তা এতিয়াও স্পষ্ট হোৱা নাই। এছিয়ান ক্ৰিকেট কাউন্সিল আৰু আইচিচিয়ে হয়তো পাকিস্তানৰ পৰা বুজাবুজি পত্ৰ লাভ কৰিছে যদিও পিচিবিৰ নেতৃত্বৰ পৰিৱৰ্তনৰ পাছত যেন আকৌ এবাৰ কথাবোৰ জটিল হৈ পৰিছে।

এতিয়া পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰী এহছান মাজাৰীয়ে কয় যে “যদি ভাৰতীয় দলে পাকিস্তানত হ’বলগীয়া এছিয়া কাপৰ বাবে নিৰপেক্ষ স্থান দাবী কৰে, তেন্তে আমিও বিশ্বকাপৰ বাবে ভাৰতলৈ নাযাওঁ।ৰাষ্ট্ৰীয় সংবাদপত্ৰ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা কথা-বতৰাত এহছান মাজাৰীয়ে কয় যে এয়া মোৰ ব্যক্তিগত মতামত, কাৰণ পাকিস্তান ক্ৰিকেট ব’ৰ্ড মোৰ মন্ত্ৰালয়ৰ অধীনলৈ আহে। গতিকে যদি ভাৰতে এছিয়া কাপত নিৰপেক্ষ স্থানত নিজৰ মেচ খেলিবলৈ দাবী কৰে, তেন্তে আমি ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবেও একেই দাবী কৰিম।”

এহছান মাজাৰীয়ে লগতে কয় যে “আহমেদাবাদত খেলিবলৈ তেওঁ লোকৰ কোনো সমস্যা নাই, কিন্তু তাৰ বাবে ভাৰতীয় দলটো পাকিস্তানলৈ আহিব লাগিব।” উল্লেখ্য যে, একে সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টোৰ নেতৃত্বত পাকিস্তানৰ বিশ্বকাপ ২০২৩ত অংশগ্ৰহণৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে।সেই সমিতিৰ সন্দৰ্ভত পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয়, ‘বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টোৱে কমিটীৰ নেতৃত্ব দিব আৰু কমিটীৰ অংশ হোৱা ১১ জন মন্ত্ৰীৰ ভিতৰত ময়ো অন্তৰ্ভুক্ত হৈছো। এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব প্ৰধানমন্ত্ৰীয়ে।”


ইয়াৰ উপৰিও মাজাৰীয়ে কয় যে তেওঁ এছিয়া কাপ ২০২৩ৰ হাইব্ৰিড মডেলৰ সমৰ্থনত নাছিল।তদুপৰি ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে, “ভাৰতে ক্ৰীড়াক ৰাজনীতিত আনে। মই বুজি নাপাওঁ যে ভাৰত চৰকাৰে কিয় নিজৰ দলটো পাকিস্তানলৈ পঠিয়াব নিবিচাৰে। কিছুদিন আগতে ভাৰতৰ পৰা এটা ডাঙৰ দল ইছলামবাদত বেছবল প্ৰতিযোগিতা খেলিবলৈ আহিছিল, মই আছিলোঁ অনুষ্ঠানটোৰ মুখ্য অতিথি। তদুপৰি পাকিস্তানৰ ফুটবল হকী, দবা দলসমূহেও ভাৰত ভ্ৰমণ কৰিছে।”






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে