--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এছেছ টেষ্টত নিজৰ দলৰ বিজয়ত ৯৩ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। হেডিংলিত অনুষ্ঠিত হোৱা মেচখনত আয়োজক দলটোৱে ৫খন মেচৰ শৃংখলাত নিজৰ একাউণ্ট খুলিবলৈ সক্ষম হয়। মেচখনত জয়ী হ’বলৈ ২৫১ ৰানৰ লক্ষ্য দিয়াত ইংলেণ্ডে হাতত তিনিটা উইকেট থকাৰ অৱস্থাত জয়ী হয়।

এইক্ষেত্ৰত ইংলেণ্ডৰ অধিনায়ক ষ্ট’কছে ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ হাতত থকা এটা বিশাল অভিলেখ ভংগ কৰে। তৃতীয়খন এছেজ টেষ্টত ইংলেণ্ডৰ এই জয় আছিল ষ্ট’কছৰ অধিনায়কত্বত  টেষ্টত ২৫০ ৰানৰো অধিক লক্ষ্যৰ ক্ষেত্ৰত ৫মটো জয়।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ধোনীৰ। টেষ্টত ২৫০ ৰানৰ ওপৰত লক্ষ্য খেদি ভাৰতক ৪টা জয়ৰ দিশত আগুৱাই লৈ গৈছিল তেওঁ।

টেষ্টত ২৫০ প্লাছ ৰান চেজৰ সৈতে অধিনায়ক হিচাপে সৰ্বাধিক জয় সাব্যষ্ট কৰিছে বেন ষ্টোকছে। তেওঁ পৰিসংখ্যা হৈছে ৫। ধোনীয়ে চাৰিখনত বিজয়ী হৈছে। আনহাতে, ব্ৰায়ান লাৰা আৰু ৰিকী পণ্টিঙে তিনিখনত জয়ী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement