--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এছেছ টেষ্টত নিজৰ দলৰ বিজয়ত ৯৩ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। হেডিংলিত অনুষ্ঠিত হোৱা মেচখনত আয়োজক দলটোৱে ৫খন মেচৰ শৃংখলাত নিজৰ একাউণ্ট খুলিবলৈ সক্ষম হয়। মেচখনত জয়ী হ’বলৈ ২৫১ ৰানৰ লক্ষ্য দিয়াত ইংলেণ্ডে হাতত তিনিটা উইকেট থকাৰ অৱস্থাত জয়ী হয়।

এইক্ষেত্ৰত ইংলেণ্ডৰ অধিনায়ক ষ্ট’কছে ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ হাতত থকা এটা বিশাল অভিলেখ ভংগ কৰে। তৃতীয়খন এছেজ টেষ্টত ইংলেণ্ডৰ এই জয় আছিল ষ্ট’কছৰ অধিনায়কত্বত  টেষ্টত ২৫০ ৰানৰো অধিক লক্ষ্যৰ ক্ষেত্ৰত ৫মটো জয়।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ধোনীৰ। টেষ্টত ২৫০ ৰানৰ ওপৰত লক্ষ্য খেদি ভাৰতক ৪টা জয়ৰ দিশত আগুৱাই লৈ গৈছিল তেওঁ।

টেষ্টত ২৫০ প্লাছ ৰান চেজৰ সৈতে অধিনায়ক হিচাপে সৰ্বাধিক জয় সাব্যষ্ট কৰিছে বেন ষ্টোকছে। তেওঁ পৰিসংখ্যা হৈছে ৫। ধোনীয়ে চাৰিখনত বিজয়ী হৈছে। আনহাতে, ব্ৰায়ান লাৰা আৰু ৰিকী পণ্টিঙে তিনিখনত জয়ী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু