--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে বিশ্বকাপত শ্ৰীলংকা আৰু পাকিস্তানৰ মুখামুখি হয়। সেই মেচখনত এটা কেচক লৈ বিৰাট বিতৰ্কৰ সৃষ্টি হৈছিল। কেইবাখনো ছবিৰ পৰা দেখা গৈছে যে বাউণ্ডাৰী লাইনডাল অলপ পিছলৈ ঠেলি দিয়া হৈছে। কিছু মুহূৰ্তৰ পিছত ইমাম উল হকে তাত এটা কেচ ধৰে। অভিযোগ উত্থাপন হৈছে যে পাকিস্তানী ফিল্ডাৰসকলে ইচ্ছাকৃতভাৱে বাউণ্ডেৰীৰ ৰছী পিছলৈ টানি কেচটো লৈছে।

মঙলবাৰৰ খেলখনত হাছান আলীৰ বলত কুশল মেণ্ডিছৰ কেচ ধৰিলে ইমামে। তাৰ পিছত বহু ক্ৰিকেট অনুৰাগীয়ে সেই মুহূৰ্তৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিলে। দেখা যায় যে বাউণ্ডাৰীৰ ৰছীখন অলপ পিছুৱাই গৈছে। সাধাৰণতে পথাৰখনৰ যি অংশত এই ৰছী ৰখা হয়, সেই অংশৰ ঘাঁহবোৰ বগা হৈ পৰে। বাকী ঘাঁহবোৰ সেউজীয়া। ফলত সীমাৰ ৰছীডাল আগলৈ বা পিছলৈ গতি কৰিলে সহজে বুজিব পৰা যায় আৰু তৎক্ষণাত ৰছীডাল সঠিক স্থানলৈ অনা হয়।

কিন্তু পাকিস্তানৰ ক্ষেত্ৰত সেয়া নাছিল। কেচ ধৰাৰ পূৰ্বে একে ঠাইতে কেইবাগৰাকীও পাকিস্তানী ক্ৰিকেটাৰে ফিল্ডিং কৰা দেখা গৈছে। ইমামে যেতিয়া কেচটো ধৰিছিল তেতিয়া তেওঁ সীমাৰ ৰছীখন স্পৰ্শ কৰা নাছিল যদিও ছবিখনত দেখা গৈছে যে তেওঁৰ শৰীৰ য’ত আছিল সেই ঘাঁহবোৰ বগা। অৰ্থাৎ ৰছীডাল চাগে তাতেই ৰখা হৈছিল, যিটো তাৰ পিছৰ পৰা অলপ পিছলৈ ঠেলি দিয়া হৈছে।

এতিয়াও আইচিচিৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য পোৱা নাই। কিন্তু অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে পাকিস্তানক প্ৰতাৰক বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ