--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে বিশ্বকাপত শ্ৰীলংকা আৰু পাকিস্তানৰ মুখামুখি হয়। সেই মেচখনত এটা কেচক লৈ বিৰাট বিতৰ্কৰ সৃষ্টি হৈছিল। কেইবাখনো ছবিৰ পৰা দেখা গৈছে যে বাউণ্ডাৰী লাইনডাল অলপ পিছলৈ ঠেলি দিয়া হৈছে। কিছু মুহূৰ্তৰ পিছত ইমাম উল হকে তাত এটা কেচ ধৰে। অভিযোগ উত্থাপন হৈছে যে পাকিস্তানী ফিল্ডাৰসকলে ইচ্ছাকৃতভাৱে বাউণ্ডেৰীৰ ৰছী পিছলৈ টানি কেচটো লৈছে।

মঙলবাৰৰ খেলখনত হাছান আলীৰ বলত কুশল মেণ্ডিছৰ কেচ ধৰিলে ইমামে। তাৰ পিছত বহু ক্ৰিকেট অনুৰাগীয়ে সেই মুহূৰ্তৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিলে। দেখা যায় যে বাউণ্ডাৰীৰ ৰছীখন অলপ পিছুৱাই গৈছে। সাধাৰণতে পথাৰখনৰ যি অংশত এই ৰছী ৰখা হয়, সেই অংশৰ ঘাঁহবোৰ বগা হৈ পৰে। বাকী ঘাঁহবোৰ সেউজীয়া। ফলত সীমাৰ ৰছীডাল আগলৈ বা পিছলৈ গতি কৰিলে সহজে বুজিব পৰা যায় আৰু তৎক্ষণাত ৰছীডাল সঠিক স্থানলৈ অনা হয়।

কিন্তু পাকিস্তানৰ ক্ষেত্ৰত সেয়া নাছিল। কেচ ধৰাৰ পূৰ্বে একে ঠাইতে কেইবাগৰাকীও পাকিস্তানী ক্ৰিকেটাৰে ফিল্ডিং কৰা দেখা গৈছে। ইমামে যেতিয়া কেচটো ধৰিছিল তেতিয়া তেওঁ সীমাৰ ৰছীখন স্পৰ্শ কৰা নাছিল যদিও ছবিখনত দেখা গৈছে যে তেওঁৰ শৰীৰ য’ত আছিল সেই ঘাঁহবোৰ বগা। অৰ্থাৎ ৰছীডাল চাগে তাতেই ৰখা হৈছিল, যিটো তাৰ পিছৰ পৰা অলপ পিছলৈ ঠেলি দিয়া হৈছে।

এতিয়াও আইচিচিৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য পোৱা নাই। কিন্তু অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে পাকিস্তানক প্ৰতাৰক বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক