--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে ভাৰতে শেষবাৰৰ বাবে আই চি চিৰ ট্ৰফী লাভ কৰিছিল। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। কিন্তু ইয়াৰ পাছত টিম ইণ্ডিয়াই আই চি চিৰ কোনো ট্ৰফী লাভ কৰিব নোৱাৰিলে। কিন্তু এইবাৰ ভাৰতৰ ভূমিত বিশ্বকাপ অনুষ্ঠিত হ’ব লগীয়া হোৱাৰ সময়তে ঘৰুৱা অনুৰাগীৰ সন্মুখত ১০ বছৰৰ খৰাং পৰিস্থিতিৰ অন্ত পেলাব পাৰিবনে টিম ইণ্ডিয়াই? এই প্ৰশ্নৰ উত্তৰ দিছে ভাৰতীয় প্ৰাক্তন অধিনায়ক কপিল দেৱে।

ভাৰতীয় দলটোৱে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে।সেই ভাৰতীয় দলৰ অধিনায়ক আছিল কপিল দেৱ। এতিয়া কপিল দেৱে ২০২৩ চনৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৰ সম্ভাৱনাৰ বিষয়ে কয়। আচলতে কপিল দেৱে কৈছিল যে ভাৰতীয় দলে বিশ্বকাপ ২০২৩ খিতাপ দখল কৰিব পাৰে। তেওঁ কয় যে এইবাৰ ভাৰতৰ মাটিত বিশ্বকাপৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবেই আয়োজক দেশ হোৱাৰ বাবে ভাৰতীয় অনুৰাগীসকলে নিজৰ দলৰ পৰা বহু আশা কৰে।

কপিল দেৱে কয় যে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ২০১১ চনৰ বিশ্বকাপত জয়লাভ কৰিছিল। এতিয়া প্ৰায় ১২ বছৰৰ পাছত আকৌ এবাৰ ভাৰতীয় ভূমিত এদিনীয়া বিশ্বকাপৰ আয়োজন কৰা হৈছে। কপিলে কয় যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বিশ্বকাপ জয় কৰাৰ সুযোগ ভাল। প্ৰায় ১২ বছৰৰ পাছত বিশ্বকাপ জয়ৰ কৃতিত্ব পুনৰাবৃত্তি কৰিব পাৰে টিম ইণ্ডিয়াই। তাৎপৰ্যপূৰ্ণভাৱে ৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে বিশ্বকাপ ২০২৩। অহা ৮ অক্টোবৰৰ পৰা চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতীয় দলটোৱে বিশ্বকাপ ২০২৩ৰ অভিযান আৰম্ভ কৰিব। আনহাতে প্ৰতিযোগিতাখনৰ খিতাপৰ মেচখন অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু