--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে ভাৰতে শেষবাৰৰ বাবে আই চি চিৰ ট্ৰফী লাভ কৰিছিল। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। কিন্তু ইয়াৰ পাছত টিম ইণ্ডিয়াই আই চি চিৰ কোনো ট্ৰফী লাভ কৰিব নোৱাৰিলে। কিন্তু এইবাৰ ভাৰতৰ ভূমিত বিশ্বকাপ অনুষ্ঠিত হ’ব লগীয়া হোৱাৰ সময়তে ঘৰুৱা অনুৰাগীৰ সন্মুখত ১০ বছৰৰ খৰাং পৰিস্থিতিৰ অন্ত পেলাব পাৰিবনে টিম ইণ্ডিয়াই? এই প্ৰশ্নৰ উত্তৰ দিছে ভাৰতীয় প্ৰাক্তন অধিনায়ক কপিল দেৱে।

ভাৰতীয় দলটোৱে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে।সেই ভাৰতীয় দলৰ অধিনায়ক আছিল কপিল দেৱ। এতিয়া কপিল দেৱে ২০২৩ চনৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৰ সম্ভাৱনাৰ বিষয়ে কয়। আচলতে কপিল দেৱে কৈছিল যে ভাৰতীয় দলে বিশ্বকাপ ২০২৩ খিতাপ দখল কৰিব পাৰে। তেওঁ কয় যে এইবাৰ ভাৰতৰ মাটিত বিশ্বকাপৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবেই আয়োজক দেশ হোৱাৰ বাবে ভাৰতীয় অনুৰাগীসকলে নিজৰ দলৰ পৰা বহু আশা কৰে।

কপিল দেৱে কয় যে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ২০১১ চনৰ বিশ্বকাপত জয়লাভ কৰিছিল। এতিয়া প্ৰায় ১২ বছৰৰ পাছত আকৌ এবাৰ ভাৰতীয় ভূমিত এদিনীয়া বিশ্বকাপৰ আয়োজন কৰা হৈছে। কপিলে কয় যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বিশ্বকাপ জয় কৰাৰ সুযোগ ভাল। প্ৰায় ১২ বছৰৰ পাছত বিশ্বকাপ জয়ৰ কৃতিত্ব পুনৰাবৃত্তি কৰিব পাৰে টিম ইণ্ডিয়াই। তাৎপৰ্যপূৰ্ণভাৱে ৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে বিশ্বকাপ ২০২৩। অহা ৮ অক্টোবৰৰ পৰা চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতীয় দলটোৱে বিশ্বকাপ ২০২৩ৰ অভিযান আৰম্ভ কৰিব। আনহাতে প্ৰতিযোগিতাখনৰ খিতাপৰ মেচখন অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে