--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা খেলপথাৰত বিশ্বকাপ জয় কৰাটো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এক সুন্দৰ মুহূৰ্ত হ’ব। অৱশ্যে বিশ্বকাপৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে এয়া এক কঠিন পৰীক্ষা বুলি ভাবে পাকিস্তানৰ প্ৰাক্তন পেচাৰ ৱাছিম ​​আক্ৰমে।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে ২০১১ চনত ভাৰতত অনুষ্ঠিত হৈছিল বিশ্বকাপ। চেম্পিয়ন হিচাপে ভাৰতক নেতৃত্ব দিছিল মহেন্দ্ৰ সিং ধোনীয়ে।

যিহেতু বিশ্বকাপ পুনৰবাৰ দেশৰ মাটিত উঠিছে, স্বাভাৱিকতে ভাৰতক প্ৰিয় বুলি গণ্য কৰা হয়। কিন্তু পাকিস্তানৰ প্ৰাক্তন কিংবদন্তিগৰাকীয়েও আন কথা কৈছে।

শেষবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলে আই চি চিৰ ট্ৰফী লাভ কৰিছিল ২০১৩ চনত। মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফী লাভ কৰে। তেতিয়াৰ পৰাই আই চি চি প্ৰতিযোগিতাত ভাৰতৰ দৌৰ বন্ধ হৈছে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰাৰ পাছত। 
 
ভাৰতীয় দলৰ বিষয়ে আক্ৰামে কয়- ''ভাৰতীয় দলত মহম্মদ ছামিৰ দৰে পেচাৰ আছে। সপোনৰ ফৰ্মত আছে ছামী। কিন্তু বুমৰাহও সম্পূৰ্ণ ফিট হোৱাটো প্ৰয়োজন। বুমৰাহৰ ফিটনেছৰ পৰিস্থিতিৰ বিষয়ে মোৰ সম্পূৰ্ণ ধাৰণা নাই। কিন্তু যদি তেওঁ ফিট হয় তেন্তে তেওঁ বহুত পাৰ্থক্য আনিব।’’

ভাৰতীয় দলত এজন দক্ষ অল ৰাউণ্ডাৰ থকাটো অতি ইতিবাচক কথা বুলি আক্ৰমে বিবেচনা কৰে। ক’লে, ‘ভাৰতীয় দলত অশ্বিন-জাদেজাৰ দৰে দক্ষ স্পিনাৰ আৰু অল-ৰাউণ্ডাৰ আছে। চাওঁ কাক খেলোৱা হয়। ২০১১ চনত ভাৰতে জয়লাভ কৰিছিল। কিন্তু এইবাৰ অতিৰিক্ত হেঁচা পৰিব।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ