--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা খেলপথাৰত বিশ্বকাপ জয় কৰাটো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এক সুন্দৰ মুহূৰ্ত হ’ব। অৱশ্যে বিশ্বকাপৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে এয়া এক কঠিন পৰীক্ষা বুলি ভাবে পাকিস্তানৰ প্ৰাক্তন পেচাৰ ৱাছিম ​​আক্ৰমে।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে ২০১১ চনত ভাৰতত অনুষ্ঠিত হৈছিল বিশ্বকাপ। চেম্পিয়ন হিচাপে ভাৰতক নেতৃত্ব দিছিল মহেন্দ্ৰ সিং ধোনীয়ে।

যিহেতু বিশ্বকাপ পুনৰবাৰ দেশৰ মাটিত উঠিছে, স্বাভাৱিকতে ভাৰতক প্ৰিয় বুলি গণ্য কৰা হয়। কিন্তু পাকিস্তানৰ প্ৰাক্তন কিংবদন্তিগৰাকীয়েও আন কথা কৈছে।

শেষবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলে আই চি চিৰ ট্ৰফী লাভ কৰিছিল ২০১৩ চনত। মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফী লাভ কৰে। তেতিয়াৰ পৰাই আই চি চি প্ৰতিযোগিতাত ভাৰতৰ দৌৰ বন্ধ হৈছে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰাৰ পাছত। 
 
ভাৰতীয় দলৰ বিষয়ে আক্ৰামে কয়- ''ভাৰতীয় দলত মহম্মদ ছামিৰ দৰে পেচাৰ আছে। সপোনৰ ফৰ্মত আছে ছামী। কিন্তু বুমৰাহও সম্পূৰ্ণ ফিট হোৱাটো প্ৰয়োজন। বুমৰাহৰ ফিটনেছৰ পৰিস্থিতিৰ বিষয়ে মোৰ সম্পূৰ্ণ ধাৰণা নাই। কিন্তু যদি তেওঁ ফিট হয় তেন্তে তেওঁ বহুত পাৰ্থক্য আনিব।’’

ভাৰতীয় দলত এজন দক্ষ অল ৰাউণ্ডাৰ থকাটো অতি ইতিবাচক কথা বুলি আক্ৰমে বিবেচনা কৰে। ক’লে, ‘ভাৰতীয় দলত অশ্বিন-জাদেজাৰ দৰে দক্ষ স্পিনাৰ আৰু অল-ৰাউণ্ডাৰ আছে। চাওঁ কাক খেলোৱা হয়। ২০১১ চনত ভাৰতে জয়লাভ কৰিছিল। কিন্তু এইবাৰ অতিৰিক্ত হেঁচা পৰিব।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক