--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত সম্পূৰ্ণ অপ্ৰত্যাশিতভাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডো পৰাস্ত হয়৷  ইয়াৰ লগে লগে তেওঁৰ বিশ্বকাপ জিকাৰ সপোনৰো সমাপ্তি ঘটে। ৰোনাল্দোৰ বিশ্বকাপৰ পৰা  বাহিৰ হোৱাৰ পিছত বিশ্বৰ বহু দেশৰ অনুৰাগীসকল শোকত ভাগি পৰিছে৷ এনে সময়তে  বিৰাট কোহলীয়ে তেওঁক এক আৱেগিক বাৰ্তা দিছে।কোহলীৰ  মতে ৰোনাল্ডো হৈছে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ। তেওঁ এয়াও কৈছে যে ৰোনাল্ডোক কোনো ট্ৰফীৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি।

কোহলীয়ে ইনষ্টাগ্ৰামত ৰোনাল্ডোৰ এখন ফটোও শ্বেয়াৰ কৰিছে ।তাত তেওঁ লিখিছে "আপুনি ফুটবল আৰু ফুটবল অনুৰাগীসকলৰ বাবে যি কৰিছে তাক ট্ৰফী বা পুৰস্কাৰৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি। কোনো ট্ৰফীয়ে এই কথা বিচাৰ কৰিব নোৱাৰে যে আপোনাৰ মানুহৰ ওপৰত কি প্ৰভাৱ । এয়া ঈশ্বৰৰ আশীৰ্বাদ। ''কোহলী লগতে কয় যে  ৰোনাল্ডো তেওঁৰ খেলৰ জৰিয়তে বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। তেওঁ লিখিছে , "যেতিয়াই আপুনি নিজকে খেলপথাৰত প্ৰক্ষেপ কৰে । আপুনি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মূৰ্তি হৈ পৰে। যি সকলো  খেলুৱৈৰ বাবে আদৰ্শ। আপুনি মোৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ । '

কোহলীয়ে আগতে বহুবাৰ কৈছিল যে ৰোনাল্ডো তেওঁৰ আদৰ্শ। তেওঁৰ আহাৰ, তেওঁৰ ব্যায়াম কৰাৰ পদ্ধতি আদি সকলোতে কোহলীয়ে  ৰোনাল্ডোক অনুকৰণ কৰে। কোহলীয়ে তেওঁৰ প্ৰিয় ফুটবলাৰগৰাকীক  লগো পাইছে। কোহলীৰ  প্ৰিয় ফুটবলাৰজনে বিশ্বকাপ এৰিছে। হয়তো এয়াই তেওঁৰ হ’ব শেষ খেল।

 মৰক্কোৰ হাতত পৰাজিত হোৱাৰ পিছত  ৰোনাল্ডোৰ চকুপানীয়ে তেওঁৰ লাখ লাখ অনুৰাগীৰ চকু সেমেকাই  পেলাইছে।সেই অনুৰাগীসকলৰ  তালিকাখনত ভাৰতৰ প্ৰাক্তন অধিনায়ক গৰাকীও   আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক