--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত সম্পূৰ্ণ অপ্ৰত্যাশিতভাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডো পৰাস্ত হয়৷  ইয়াৰ লগে লগে তেওঁৰ বিশ্বকাপ জিকাৰ সপোনৰো সমাপ্তি ঘটে। ৰোনাল্দোৰ বিশ্বকাপৰ পৰা  বাহিৰ হোৱাৰ পিছত বিশ্বৰ বহু দেশৰ অনুৰাগীসকল শোকত ভাগি পৰিছে৷ এনে সময়তে  বিৰাট কোহলীয়ে তেওঁক এক আৱেগিক বাৰ্তা দিছে।কোহলীৰ  মতে ৰোনাল্ডো হৈছে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ। তেওঁ এয়াও কৈছে যে ৰোনাল্ডোক কোনো ট্ৰফীৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি।

কোহলীয়ে ইনষ্টাগ্ৰামত ৰোনাল্ডোৰ এখন ফটোও শ্বেয়াৰ কৰিছে ।তাত তেওঁ লিখিছে "আপুনি ফুটবল আৰু ফুটবল অনুৰাগীসকলৰ বাবে যি কৰিছে তাক ট্ৰফী বা পুৰস্কাৰৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি। কোনো ট্ৰফীয়ে এই কথা বিচাৰ কৰিব নোৱাৰে যে আপোনাৰ মানুহৰ ওপৰত কি প্ৰভাৱ । এয়া ঈশ্বৰৰ আশীৰ্বাদ। ''কোহলী লগতে কয় যে  ৰোনাল্ডো তেওঁৰ খেলৰ জৰিয়তে বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। তেওঁ লিখিছে , "যেতিয়াই আপুনি নিজকে খেলপথাৰত প্ৰক্ষেপ কৰে । আপুনি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মূৰ্তি হৈ পৰে। যি সকলো  খেলুৱৈৰ বাবে আদৰ্শ। আপুনি মোৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ । '

কোহলীয়ে আগতে বহুবাৰ কৈছিল যে ৰোনাল্ডো তেওঁৰ আদৰ্শ। তেওঁৰ আহাৰ, তেওঁৰ ব্যায়াম কৰাৰ পদ্ধতি আদি সকলোতে কোহলীয়ে  ৰোনাল্ডোক অনুকৰণ কৰে। কোহলীয়ে তেওঁৰ প্ৰিয় ফুটবলাৰগৰাকীক  লগো পাইছে। কোহলীৰ  প্ৰিয় ফুটবলাৰজনে বিশ্বকাপ এৰিছে। হয়তো এয়াই তেওঁৰ হ’ব শেষ খেল।

 মৰক্কোৰ হাতত পৰাজিত হোৱাৰ পিছত  ৰোনাল্ডোৰ চকুপানীয়ে তেওঁৰ লাখ লাখ অনুৰাগীৰ চকু সেমেকাই  পেলাইছে।সেই অনুৰাগীসকলৰ  তালিকাখনত ভাৰতৰ প্ৰাক্তন অধিনায়ক গৰাকীও   আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু