--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''মাৰাডোনাই আমাক স্বৰ্গৰ পৰা চাই আছে। তেওঁৰ আৰ্শীবাদৰ বাবেই আমি ইমান দূৰ আগুৱাইছো। আমাক আগুৱাই নিছে তেওঁ। আশা কৰো, শেষ পৰ্যন্ত এই আশীৰ্বাদ আমাৰ লগত থাকিব।’’- কাটাৰ বিশ্বকাপৰ চেমি ফাইনেলত উপনীত হোৱাৰ পাছতে এইদৰে ডিয়েগ’ মাৰাডোনাক  সোঁৱৰণ কৰিলে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে।

''দেশৰ সমৰ্থকসকলৰ স’তে আমি উল্লাস কৰিছো। প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছো। সমৰ্থকসকলো অত্যন্ত সুখী৷’’- মেছিয়ে কয়৷

উল্লেখ্য যে আৰ্জেণ্টিনাই এতিয়ালৈকে দুবাৰ ফুটবল বিশ্বকাপ জয় কৰিছে। ১৯৭৮ চনত মাৰিঅ’ কেম্পেছৰ অধিনায়কত্বত বিশ্বজয়ৰ প্ৰথম সোৱাদ লাভ কৰিছিল লেটিন আমেৰিকান দেশখনে। তাৰ পাছত ১৯৮৬ চনত ডিয়েগ’ মাৰাডোনাই পুনৰ এই সোৱাদ দিয়ে দেশবাসীক। ১৯৮৬ চনৰ বিশ্বকাপতে মাৰাডোনাই অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল। বিশ্বকাপত আৰ্জেণ্টনাৰ হৈ মাৰাডোনাই কৰা প্ৰদৰ্শনৰ বাবে দেশবাসীয়ে এতিয়াও তেওঁক সুঁৱৰে।

মেছিৰ দৰেই একেই ভাষ্য আগবঢ়াইছে মাৰাডোনাৰ কন্যা ডালমাইও৷ মেছিক উদ্দেশ্যি তেওঁ কয়- ''লিঅ’, তোমাক লৈ আমি সপোন দেখিছো। বিশ্বকাপ লৈ দেশলৈ উভটি আহিবা। মনত ৰাখিবা, দেউতাই কিন্তু তোমালোকক ওপৰৰ পৰা চাই আছে। এই আৰ্জেণ্টিনাৰ দ্বাদশ ব্যক্তি মাৰাডোনা৷ নিজকে উজাৰি দিয়া৷’’

''ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো, দেউতাৰ অফুৰন্ত শক্তিৰে ভৰপূৰ হওক তোমালোকৰ দল৷’’- ডালমাই কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু