--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''মাৰাডোনাই আমাক স্বৰ্গৰ পৰা চাই আছে। তেওঁৰ আৰ্শীবাদৰ বাবেই আমি ইমান দূৰ আগুৱাইছো। আমাক আগুৱাই নিছে তেওঁ। আশা কৰো, শেষ পৰ্যন্ত এই আশীৰ্বাদ আমাৰ লগত থাকিব।’’- কাটাৰ বিশ্বকাপৰ চেমি ফাইনেলত উপনীত হোৱাৰ পাছতে এইদৰে ডিয়েগ’ মাৰাডোনাক  সোঁৱৰণ কৰিলে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে।

''দেশৰ সমৰ্থকসকলৰ স’তে আমি উল্লাস কৰিছো। প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছো। সমৰ্থকসকলো অত্যন্ত সুখী৷’’- মেছিয়ে কয়৷

উল্লেখ্য যে আৰ্জেণ্টিনাই এতিয়ালৈকে দুবাৰ ফুটবল বিশ্বকাপ জয় কৰিছে। ১৯৭৮ চনত মাৰিঅ’ কেম্পেছৰ অধিনায়কত্বত বিশ্বজয়ৰ প্ৰথম সোৱাদ লাভ কৰিছিল লেটিন আমেৰিকান দেশখনে। তাৰ পাছত ১৯৮৬ চনত ডিয়েগ’ মাৰাডোনাই পুনৰ এই সোৱাদ দিয়ে দেশবাসীক। ১৯৮৬ চনৰ বিশ্বকাপতে মাৰাডোনাই অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল। বিশ্বকাপত আৰ্জেণ্টনাৰ হৈ মাৰাডোনাই কৰা প্ৰদৰ্শনৰ বাবে দেশবাসীয়ে এতিয়াও তেওঁক সুঁৱৰে।

মেছিৰ দৰেই একেই ভাষ্য আগবঢ়াইছে মাৰাডোনাৰ কন্যা ডালমাইও৷ মেছিক উদ্দেশ্যি তেওঁ কয়- ''লিঅ’, তোমাক লৈ আমি সপোন দেখিছো। বিশ্বকাপ লৈ দেশলৈ উভটি আহিবা। মনত ৰাখিবা, দেউতাই কিন্তু তোমালোকক ওপৰৰ পৰা চাই আছে। এই আৰ্জেণ্টিনাৰ দ্বাদশ ব্যক্তি মাৰাডোনা৷ নিজকে উজাৰি দিয়া৷’’

''ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো, দেউতাৰ অফুৰন্ত শক্তিৰে ভৰপূৰ হওক তোমালোকৰ দল৷’’- ডালমাই কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক