--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপ এতিয়া ভৰপক পৰ্যায়ত উপনীত হৈছে। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল মেচসমূহ শেষ হৈছে। ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব চেমিফাইনেল।

বিশ্বকাপত উজ্বলি উঠিছে আৰ্জেণ্টিনাৰ তাৰকা লিঅ’নেল মেছি। মেছি অনুৰাগীসকলৰ বাবে চলিত বিশ্বকাপ অত্যন্ত উল্লাসজনক বুলি গণ্য কৰা হৈছে। এইবাৰো উজ্বলি উঠিছে ২০১৮ চনৰ বিশ্বকাপত চাৰিটা গ’ল কৰা ফ্ৰান্সৰ কিলিয়ান এমবাপে।

চাও আহক কোনে কিমানটা গ’ল কৰি এইবাৰৰ বিশ্বকাপত উজ্বলি আছে। কোন হ’ব পাৰে এইবাৰৰ গ’ল্ডেন বুটৰ গৰাকী?

গ’লদাতা হিচাপে শীৰ্ষত আছে কিলিয়ান এমবাপে। ফ্ৰান্সৰ এই অসামান্য প্ৰতিভাৰ গৰাকী ফৰৱাৰ্ডজনে এতিয়ালৈকে দিছে পাঁচটাকৈ গ’ল। এমবাপেৰ বাবেই এইবাৰো ফ্ৰান্সে বিশ্বজয় কৰা সম্ভৱ হ’ব পাৰে।

এমবাপেৰ পাছতে সৰ্বাধিক গ’লদাতা হিচাপে আছে লিঅ’নেল মেছি। ফুটবল জগতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তাৰকাগৰাকীৰ এইখন শেষৰ বিশ্বকাপ। সেয়ে অনুৰাগীসকলক নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াবলৈ অলপো যত্নৰ ত্ৰুটি কৰা নাই মেছিয়ে। কৰিছে ৪ টাকৈ নান্দনিক গ’ল।

৪ টাকৈ গ’ল কৰিছে ফ্ৰান্সৰ অলিভিয়েৰ জিৰ’ৱেও। আৰ্চেনালৰ এই তাৰকাগৰাকীয়ে বিশ্বকাপতে এটা অভিলেখৰো গৰাকী হৈছে। সেয়া হৈছে থিয়েৰী হেনৰীৰ নামত থকা ফ্ৰান্সৰ আটাইতকৈ বেছি গ’লদাতাৰ অভিলেখ। হেনৰীয়ে কৰিছিল ৫১ টা গ’ল। কিন্তু জিৰ’ৱে এই অভিলেখ ভংগ কৰিছে।

তেওঁলোকৰ পাছতে ৩ টাকৈ গ’ল কৰিছিল কেইবাগৰাকীও তাৰকাই। এওঁলোক হৈছে স্পেইনৰ আলভাৰো মৰাটা, ইংলেণ্ডৰ বুকায়’ ছাকা আৰু মাৰ্কুছ ৰাছফ’ৰ্ড, নেদাৰলেণ্ডছৰ ক’ডি গাপক’, ব্ৰাজিলৰ ৰিচাৰ্লিছন, পৰ্তুগালৰ গঞ্জাল’ ৰাম’ছ আৰু ইকুৱেড’ৰৰ ইনাৰ ভেলেন্সিয়া। কিন্তু বিশ্বকাপৰ পৰা ইতিমধ্যে এওঁলোকৰ দল বাহিৰ হৈছে।

সেয়ে গ’ল্ডেন বুটৰ দাবীদাৰ হিচাপে এমবাপে, মেছি আৰু জিৰ’ৰ নামেই উচ্চাৰিত হৈ আছে। সমুখত আছে দুখনকৈ মেচ। তিনিওগৰাকী তাৰকাৰ গ’লৰ সংখ্যা বৃদ্ধি হোৱালৈ অনুৰাগীসকলে বাট চাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement