--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপ এতিয়া ভৰপক পৰ্যায়ত উপনীত হৈছে। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল মেচসমূহ শেষ হৈছে। ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব চেমিফাইনেল।

বিশ্বকাপত উজ্বলি উঠিছে আৰ্জেণ্টিনাৰ তাৰকা লিঅ’নেল মেছি। মেছি অনুৰাগীসকলৰ বাবে চলিত বিশ্বকাপ অত্যন্ত উল্লাসজনক বুলি গণ্য কৰা হৈছে। এইবাৰো উজ্বলি উঠিছে ২০১৮ চনৰ বিশ্বকাপত চাৰিটা গ’ল কৰা ফ্ৰান্সৰ কিলিয়ান এমবাপে।

চাও আহক কোনে কিমানটা গ’ল কৰি এইবাৰৰ বিশ্বকাপত উজ্বলি আছে। কোন হ’ব পাৰে এইবাৰৰ গ’ল্ডেন বুটৰ গৰাকী?

গ’লদাতা হিচাপে শীৰ্ষত আছে কিলিয়ান এমবাপে। ফ্ৰান্সৰ এই অসামান্য প্ৰতিভাৰ গৰাকী ফৰৱাৰ্ডজনে এতিয়ালৈকে দিছে পাঁচটাকৈ গ’ল। এমবাপেৰ বাবেই এইবাৰো ফ্ৰান্সে বিশ্বজয় কৰা সম্ভৱ হ’ব পাৰে।

এমবাপেৰ পাছতে সৰ্বাধিক গ’লদাতা হিচাপে আছে লিঅ’নেল মেছি। ফুটবল জগতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তাৰকাগৰাকীৰ এইখন শেষৰ বিশ্বকাপ। সেয়ে অনুৰাগীসকলক নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াবলৈ অলপো যত্নৰ ত্ৰুটি কৰা নাই মেছিয়ে। কৰিছে ৪ টাকৈ নান্দনিক গ’ল।

৪ টাকৈ গ’ল কৰিছে ফ্ৰান্সৰ অলিভিয়েৰ জিৰ’ৱেও। আৰ্চেনালৰ এই তাৰকাগৰাকীয়ে বিশ্বকাপতে এটা অভিলেখৰো গৰাকী হৈছে। সেয়া হৈছে থিয়েৰী হেনৰীৰ নামত থকা ফ্ৰান্সৰ আটাইতকৈ বেছি গ’লদাতাৰ অভিলেখ। হেনৰীয়ে কৰিছিল ৫১ টা গ’ল। কিন্তু জিৰ’ৱে এই অভিলেখ ভংগ কৰিছে।

তেওঁলোকৰ পাছতে ৩ টাকৈ গ’ল কৰিছিল কেইবাগৰাকীও তাৰকাই। এওঁলোক হৈছে স্পেইনৰ আলভাৰো মৰাটা, ইংলেণ্ডৰ বুকায়’ ছাকা আৰু মাৰ্কুছ ৰাছফ’ৰ্ড, নেদাৰলেণ্ডছৰ ক’ডি গাপক’, ব্ৰাজিলৰ ৰিচাৰ্লিছন, পৰ্তুগালৰ গঞ্জাল’ ৰাম’ছ আৰু ইকুৱেড’ৰৰ ইনাৰ ভেলেন্সিয়া। কিন্তু বিশ্বকাপৰ পৰা ইতিমধ্যে এওঁলোকৰ দল বাহিৰ হৈছে।

সেয়ে গ’ল্ডেন বুটৰ দাবীদাৰ হিচাপে এমবাপে, মেছি আৰু জিৰ’ৰ নামেই উচ্চাৰিত হৈ আছে। সমুখত আছে দুখনকৈ মেচ। তিনিওগৰাকী তাৰকাৰ গ’লৰ সংখ্যা বৃদ্ধি হোৱালৈ অনুৰাগীসকলে বাট চাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু