--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হ’লেও নেইমাৰক শুভকামনা জনাইছে ফুটবলৰ কিংম্বদন্তি সম্ৰাট পেলেই। কিন্তু কিয় নেইমাৰক শুভেচ্ছাপ্ৰদান কৰিছে তিনিবাৰৰ বিশ্বকাপবিজয়ী ফুটবলাৰগৰাকীয়ে?

ইয়াৰ কাৰণ হৈছে ক্ৰ’ৱেশ্চিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনত পেলেৰ এটা অভিলেখ স্পৰ্শ কৰিলে নেইমাৰে। সেয়া হৈছে ব্ৰাজিলৰ হৈ ৭৭ তম গ’ল কৰাৰ অভিলেখ। এই অভিলেখ একমাত্ৰ পেলেৰ নামতে আছে। এতিয়া তাৰ স’তে যোগ হ’ল নেইমাৰ। নেইমাৰে মেচখনত এটা অনবদ্য গ’ল কৰে।

উল্লেখ্য যে চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত হাওঁফাওঁৰ সংক্ৰমণৰ বাবে ভৰ্তি হৈ আছে পেলে।  যোৱা কিছুদিন ধৰি তেওঁৰ স্বাস্থ্যক লৈ অনুৰাগীমহল শংকিত হৈ থকাৰ মাজতে এতিয়া জানিব পৰা মতে, আগতকৈ অনেক সুস্থ হৈ উঠিছে পেলে। বিশ্বকাপৰ মেচসমূহো উপভোগ কৰি আছে কিংবদন্তিগৰাকীয়ে।

নেইমাৰক উদ্দেশ্যি সামাজিক মাধ্যমত পেলেই লিখে- “মই তোমাক বাঢ়ি অহা দেখিছো। তোমাক প্ৰতিদিন উৎসাহ যোগোৱাৰ চেষ্টা কৰিছো। শেষ পৰ্যন্ত তোমাক অভিনন্দন জনোৱাৰ সুযোগ পালো। ব্ৰাজিলৰ হৈ মোৰ গ’লসংখ্যা স্পৰ্শ কৰিছা তুমি।”

“ক্ৰীড়াবিদ হিচাপে আমাৰ প্ৰকৃত কাম হ’ল মানুহক অনুপ্ৰাণিত কৰা। সতীৰ্থকসকল অনুপ্ৰাণিত কৰা। ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰা। যিসকলে আমাৰ সুন্দৰ খেলটোক ভালপায়, তেওঁলোকক অনুপ্ৰাণিত কৰা।”- নেইমাৰক উদ্দেশ্যি পেলেই লিখে।
আনহাতে, বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ বিষয়েও নেইমাৰক উদ্দেশ্যি সামাজিক মাধ্যমত লিখে পেলেই।

“দুৰ্ভাগ্যজনকভাৱে ব্ৰাজিলৰ ফুটবলৰ বাবে এতিয়া সুখৰ সময় নহয়। তথাপিও তুমি সকলো সময়ৰ বাবে অনুপ্ৰেৰণা। সময়ৰ লগে লগে আমাৰ উত্তৰাধিকাৰ যিমান বাঢ়িব, আমি সিমানেই শিকিম। প্ৰায় ৫০ বছৰ আগে মই অভিলেখটো গঢ়িছিলো। ইমানদিনে কোনেও মোৰ অভিলেখ চুব পৰা নাছিল। শেষত তুমি সেয়া পাৰিলা। নেইমাৰ, তোমাৰ অৰ্জনৰ মূল্য বহুত।”- পেলেই লিখে।

নেইমাৰৰ উপৰিও ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপেলৈও শুভেচ্ছা প্ৰদান কৰে পেলেই। কিছুদিন পূৰ্বে এমবাপেই পেলেৰ আশুআৰোগ্যৰ কামনা কৰি টুইট কৰিছিল। তাৰ উত্তৰস্বৰূপে ধন্যবাদ জনায় পেলেই।

উল্লেখ্য যে চলিত বিশ্বকাপতে পেলেৰ আন এটা অভিলেখ ভংগ কৰিছে এমবাপেই। সেয়া হৈছে ২৪ বছৰ বয়স হোৱাৰ পূৰ্বেই বিশ্বকাপত মুঠ সাতটা গ’ল কৰাৰ অভিলেখ।

ইয়াৰ বাবে এমবাপেক শুভকামনা জনাইছে পেলেই। লিখে- “বিশ্বকাপত তুমি মোৰ আৰু এটা অভিলেখ ভংগ কৰাৰ বাবে বহুত সুখী হৈছো। এনেদৰেই খেলি থাকা বন্ধু।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত