--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হ’লেও নেইমাৰক শুভকামনা জনাইছে ফুটবলৰ কিংম্বদন্তি সম্ৰাট পেলেই। কিন্তু কিয় নেইমাৰক শুভেচ্ছাপ্ৰদান কৰিছে তিনিবাৰৰ বিশ্বকাপবিজয়ী ফুটবলাৰগৰাকীয়ে?

ইয়াৰ কাৰণ হৈছে ক্ৰ’ৱেশ্চিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনত পেলেৰ এটা অভিলেখ স্পৰ্শ কৰিলে নেইমাৰে। সেয়া হৈছে ব্ৰাজিলৰ হৈ ৭৭ তম গ’ল কৰাৰ অভিলেখ। এই অভিলেখ একমাত্ৰ পেলেৰ নামতে আছে। এতিয়া তাৰ স’তে যোগ হ’ল নেইমাৰ। নেইমাৰে মেচখনত এটা অনবদ্য গ’ল কৰে।

উল্লেখ্য যে চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত হাওঁফাওঁৰ সংক্ৰমণৰ বাবে ভৰ্তি হৈ আছে পেলে।  যোৱা কিছুদিন ধৰি তেওঁৰ স্বাস্থ্যক লৈ অনুৰাগীমহল শংকিত হৈ থকাৰ মাজতে এতিয়া জানিব পৰা মতে, আগতকৈ অনেক সুস্থ হৈ উঠিছে পেলে। বিশ্বকাপৰ মেচসমূহো উপভোগ কৰি আছে কিংবদন্তিগৰাকীয়ে।

নেইমাৰক উদ্দেশ্যি সামাজিক মাধ্যমত পেলেই লিখে- “মই তোমাক বাঢ়ি অহা দেখিছো। তোমাক প্ৰতিদিন উৎসাহ যোগোৱাৰ চেষ্টা কৰিছো। শেষ পৰ্যন্ত তোমাক অভিনন্দন জনোৱাৰ সুযোগ পালো। ব্ৰাজিলৰ হৈ মোৰ গ’লসংখ্যা স্পৰ্শ কৰিছা তুমি।”

“ক্ৰীড়াবিদ হিচাপে আমাৰ প্ৰকৃত কাম হ’ল মানুহক অনুপ্ৰাণিত কৰা। সতীৰ্থকসকল অনুপ্ৰাণিত কৰা। ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰা। যিসকলে আমাৰ সুন্দৰ খেলটোক ভালপায়, তেওঁলোকক অনুপ্ৰাণিত কৰা।”- নেইমাৰক উদ্দেশ্যি পেলেই লিখে।
আনহাতে, বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ বিষয়েও নেইমাৰক উদ্দেশ্যি সামাজিক মাধ্যমত লিখে পেলেই।

“দুৰ্ভাগ্যজনকভাৱে ব্ৰাজিলৰ ফুটবলৰ বাবে এতিয়া সুখৰ সময় নহয়। তথাপিও তুমি সকলো সময়ৰ বাবে অনুপ্ৰেৰণা। সময়ৰ লগে লগে আমাৰ উত্তৰাধিকাৰ যিমান বাঢ়িব, আমি সিমানেই শিকিম। প্ৰায় ৫০ বছৰ আগে মই অভিলেখটো গঢ়িছিলো। ইমানদিনে কোনেও মোৰ অভিলেখ চুব পৰা নাছিল। শেষত তুমি সেয়া পাৰিলা। নেইমাৰ, তোমাৰ অৰ্জনৰ মূল্য বহুত।”- পেলেই লিখে।

নেইমাৰৰ উপৰিও ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপেলৈও শুভেচ্ছা প্ৰদান কৰে পেলেই। কিছুদিন পূৰ্বে এমবাপেই পেলেৰ আশুআৰোগ্যৰ কামনা কৰি টুইট কৰিছিল। তাৰ উত্তৰস্বৰূপে ধন্যবাদ জনায় পেলেই।

উল্লেখ্য যে চলিত বিশ্বকাপতে পেলেৰ আন এটা অভিলেখ ভংগ কৰিছে এমবাপেই। সেয়া হৈছে ২৪ বছৰ বয়স হোৱাৰ পূৰ্বেই বিশ্বকাপত মুঠ সাতটা গ’ল কৰাৰ অভিলেখ।

ইয়াৰ বাবে এমবাপেক শুভকামনা জনাইছে পেলেই। লিখে- “বিশ্বকাপত তুমি মোৰ আৰু এটা অভিলেখ ভংগ কৰাৰ বাবে বহুত সুখী হৈছো। এনেদৰেই খেলি থাকা বন্ধু।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক