--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত খোলা-মেলা পোছাক পৰিধান কৰি অৱশেষত নিৰাপত্তাৰক্ষীৰ ৰোষৰ বলি হ’ল ক্ৰৱেশ্চিয়াৰ মডেল ইভানা নল। বিশ্বকাপৰ আৰম্ভণিৰে পৰাই চৰ্চাত আছিল ইভানা।

নিজৰ দেশৰ সমৰ্থনত কাটাৰত উতনুৱা হৈ পৰিছিল ইভানা। শুক্ৰবাৰেও ব্ৰাজিলৰ বিৰুদ্ধে ক্ৰ’ৱেশ্চিয়াই কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হওঁতে অত্যন্ত খোলা-মেলা পোছাক পৰিধান কৰি এডুকেছন চিটি ষ্টেডিয়ামত হাজিৰ হয় ইভানা। তাৰপাছতে নিৰাপত্তাৰক্ষীৰ চকুত পৰে তেওঁ।

নিৰাপত্তাৰক্ষীসকলে দাবী কৰে যে ব্ৰাজিলৰ স’তে হোৱা মেচখনত খোলা-মেলা পোছাকৰ সকলো মাত্ৰা ছেৰাই গৈছিল ইভানাই। খেলখনত এটা ৰঙা অন্তৰ্বাস আৰু গাতে লাগি থকা ৰঙা-বগা পেণ্ট পিন্ধি আহিছিল ইভানা। এয়া আছিল ক্ৰ’ৱেশ্চিয়াৰ জাতীয় পতাকাৰ ৰং।

ষ্টেডিয়ামৰ গেলেৰীত খেল চাই থাকোতেই ইভানাক নিৰাপত্তাৰক্ষীসকলে প্ৰশ্ন কৰে। সৃষ্টি হয় বাক-বিতণ্ডাৰ। অৱশ্যে কিছু সময় পাছতে পৰিস্থিতি সাম কাটে আৰু ইভানাইও নিজৰ ঠাইত বহি থাকে।


উল্লেখ্য যে ইভানা নল ক্ৰ’ৱেশ্চিয়াৰ এগৰাকী আগশাৰীৰ মডেল। ‘মিছ ক্ৰ’ৱেশ্চিয়া’ও হৈছিল মডেলগৰাকী। ২০১৮ চনৰ বিশ্বকাপতো ক্ৰ’ৱেশ্চিয়াক সমৰ্থন জনাই চৰ্চাত আছিল ইভানা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক