--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসক ৰাষ্ট্ৰীয় এণ্টি ড'পিং সংস্থাই (এনএডিএ) ১২ মাহৰ ভিতৰত অস্থায়ীভাৱে নিলম্বিত কৰিছে। হিমা দাসে সৰ্বাধিক দুবছৰলৈকে নিষেধাজ্ঞাৰ সন্মুখীন হ'ব পাৰে বুলি এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। কিন্তু  খেলুৱৈগৰাকীয়ে কৰা ভুলৰ মাত্ৰাৰ  ওপৰত নিৰ্ভৰ কৰি শাস্তি এবছৰলৈ  হ্ৰাস কৰিব পাৰে বুলিও বিষয়াগৰাকীয়ে কয়।

 নাম প্ৰকাশত অনিচ্ছুক  বিষয়াগৰাকীয়ে কয়, "হয়, তেওঁ এবছৰৰ ভিতৰত তিনিটা ড’পিং পৰীক্ষা এৰাই চলিছে।  সেয়েহে তেওঁক এনএডিএ-ৰ দ্বাৰা অস্থায়ীভাৱে নিলম্বিত কৰা হৈছে।" বিশ্ব এথলেটিকছ এণ্টি-ড'পিং (ডব্লিউ.এ.ডি.এ.) নিয়ম অনুসৰি, তিনিটাৰ পৰীক্ষাত উপস্থিত থকাত বিফল হ’লে ড'পিং-বিৰোধী নিয়ম উলংঘন হোৱা বুলি ধৰা হয়। 

ইতিমধ্যে আঘাতৰ বাবে চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ হৈছে হিমাৰ।হিমা দাসে ২০১৮ জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক জিকিছিল। স্প্ৰিণ্টাৰগৰাকীয়ে মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলেতো পদক অৰ্জন কৰিছিল৷  আঘাতৰ বাবেই তেওঁ  ফেডাৰেচন কাপৰ পৰা বাহিৰ থাকিবলগীয়া হৈছিল৷ হিমাই বাংগালোৰত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সৰ  এদিন পূৰ্বে  আঘাতপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক