--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসক ৰাষ্ট্ৰীয় এণ্টি ড'পিং সংস্থাই (এনএডিএ) ১২ মাহৰ ভিতৰত অস্থায়ীভাৱে নিলম্বিত কৰিছে। হিমা দাসে সৰ্বাধিক দুবছৰলৈকে নিষেধাজ্ঞাৰ সন্মুখীন হ'ব পাৰে বুলি এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। কিন্তু  খেলুৱৈগৰাকীয়ে কৰা ভুলৰ মাত্ৰাৰ  ওপৰত নিৰ্ভৰ কৰি শাস্তি এবছৰলৈ  হ্ৰাস কৰিব পাৰে বুলিও বিষয়াগৰাকীয়ে কয়।

 নাম প্ৰকাশত অনিচ্ছুক  বিষয়াগৰাকীয়ে কয়, "হয়, তেওঁ এবছৰৰ ভিতৰত তিনিটা ড’পিং পৰীক্ষা এৰাই চলিছে।  সেয়েহে তেওঁক এনএডিএ-ৰ দ্বাৰা অস্থায়ীভাৱে নিলম্বিত কৰা হৈছে।" বিশ্ব এথলেটিকছ এণ্টি-ড'পিং (ডব্লিউ.এ.ডি.এ.) নিয়ম অনুসৰি, তিনিটাৰ পৰীক্ষাত উপস্থিত থকাত বিফল হ’লে ড'পিং-বিৰোধী নিয়ম উলংঘন হোৱা বুলি ধৰা হয়। 

ইতিমধ্যে আঘাতৰ বাবে চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ হৈছে হিমাৰ।হিমা দাসে ২০১৮ জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক জিকিছিল। স্প্ৰিণ্টাৰগৰাকীয়ে মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলেতো পদক অৰ্জন কৰিছিল৷  আঘাতৰ বাবেই তেওঁ  ফেডাৰেচন কাপৰ পৰা বাহিৰ থাকিবলগীয়া হৈছিল৷ হিমাই বাংগালোৰত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সৰ  এদিন পূৰ্বে  আঘাতপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ