--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয় সন্তান জন্মৰ পাছত বিৰাট কোহলীৰ ক্ৰিকেট জীৱন আমূল পৰিৱৰ্তন হ’ব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা প্ৰাক্তন অধিনায়কগৰাকীয়ে ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাব পাৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দলত ৰাখিব নিবিচাৰে।

জিৰণি নহয়। ভাৰতীয় দলৰ পৰা আঁতৰি থাকিব পাৰে কোহলী। এই খবৰ বিচিচিআইৰ সূত্ৰ অনুসৰি। কোহলীৰ ঠাইত যুৱ ক্ৰিকেটাৰক সুযোগ দিয়াৰ কথা চিন্তা কৰিছে ব’ৰ্ডৰ নেতাসকলে। ব’ৰ্ডৰ এক বৃহৎ অংশই ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ টি-২০ বিশ্বকাপৰ দলত কোহলীক নিবিচাৰে। 

খবৰ অনুসৰি বি চি চি আইৰ সম্পাদক জয় শ্বাহেও এই কথাত সন্মতি প্ৰকাশ কৰিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ভৱিষ্যতলৈ চাব বিচাৰিছে। এই কথা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত।

কোৱা হৈছে ৱেষ্ট ইণ্ডিজৰ লেহেমীয়া উইকেটত ২০ অভাৰৰ ক্ৰিকেটৰ সৈতে খাপ খুৱাই লোৱাটো কোহলীৰ বাবে কঠিন হ’ব পাৰে। কোহলীয়ে এনে এখন খেলপথাৰত খেলিবলৈ আৰাম অনুভৱ কৰে য’ত বলটোৱে বেটত ভালদৰে আঘাত কৰিব। গতিকে ব’ৰ্ডৰ নেতাসকলে তেওঁক টি-২০ বিশ্বকাপৰ পৰিকল্পনাত ৰাখিব নিবিচাৰে। মুখ্য নিৰ্বাচক অজিত আগৰকাৰক কোহলীক পতিয়ন নিয়াবলৈ দায়িত্ব দিয়া হৈছে। আই পি এলত কোহলীৰ প্ৰদৰ্শন দেখি চূড়ান্ত সিদ্ধান্ত ল’ব বিচাৰিছে ব’ৰ্ডৰ বছসকলে।

কোহলীক বাদ দিয়াৰ কামটো সহজ নহয়, ব’ৰ্ডৰ বছসকলে জানে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত সাৱধানে আগবাঢ়িব বিচাৰে। দুয়োৰে কোনোৱেই কোহলীয়ে খং উঠা কিবা এটাৰ পক্ষত নহয়। আগৰকাৰক সেয়েহে কথা কোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আই পি এলত কোহলীৰ প্ৰদৰ্শন চোৱাৰ পিছত মুখ্য নিৰ্বাচকগৰাকীয়ে তেওঁৰ সৈতে বহিব পাৰে। টি-২০ ক্ৰিকেটত ব’ৰ্ডৰ বছসকলে ৰিংকু সিং, তিলক বৰ্মা, শিৱম ডুবেদৰ দৰে যুৱ ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু