--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয় সন্তান জন্মৰ পাছত বিৰাট কোহলীৰ ক্ৰিকেট জীৱন আমূল পৰিৱৰ্তন হ’ব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা প্ৰাক্তন অধিনায়কগৰাকীয়ে ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাব পাৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দলত ৰাখিব নিবিচাৰে।

জিৰণি নহয়। ভাৰতীয় দলৰ পৰা আঁতৰি থাকিব পাৰে কোহলী। এই খবৰ বিচিচিআইৰ সূত্ৰ অনুসৰি। কোহলীৰ ঠাইত যুৱ ক্ৰিকেটাৰক সুযোগ দিয়াৰ কথা চিন্তা কৰিছে ব’ৰ্ডৰ নেতাসকলে। ব’ৰ্ডৰ এক বৃহৎ অংশই ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ টি-২০ বিশ্বকাপৰ দলত কোহলীক নিবিচাৰে। 

খবৰ অনুসৰি বি চি চি আইৰ সম্পাদক জয় শ্বাহেও এই কথাত সন্মতি প্ৰকাশ কৰিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ভৱিষ্যতলৈ চাব বিচাৰিছে। এই কথা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত।

কোৱা হৈছে ৱেষ্ট ইণ্ডিজৰ লেহেমীয়া উইকেটত ২০ অভাৰৰ ক্ৰিকেটৰ সৈতে খাপ খুৱাই লোৱাটো কোহলীৰ বাবে কঠিন হ’ব পাৰে। কোহলীয়ে এনে এখন খেলপথাৰত খেলিবলৈ আৰাম অনুভৱ কৰে য’ত বলটোৱে বেটত ভালদৰে আঘাত কৰিব। গতিকে ব’ৰ্ডৰ নেতাসকলে তেওঁক টি-২০ বিশ্বকাপৰ পৰিকল্পনাত ৰাখিব নিবিচাৰে। মুখ্য নিৰ্বাচক অজিত আগৰকাৰক কোহলীক পতিয়ন নিয়াবলৈ দায়িত্ব দিয়া হৈছে। আই পি এলত কোহলীৰ প্ৰদৰ্শন দেখি চূড়ান্ত সিদ্ধান্ত ল’ব বিচাৰিছে ব’ৰ্ডৰ বছসকলে।

কোহলীক বাদ দিয়াৰ কামটো সহজ নহয়, ব’ৰ্ডৰ বছসকলে জানে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত সাৱধানে আগবাঢ়িব বিচাৰে। দুয়োৰে কোনোৱেই কোহলীয়ে খং উঠা কিবা এটাৰ পক্ষত নহয়। আগৰকাৰক সেয়েহে কথা কোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আই পি এলত কোহলীৰ প্ৰদৰ্শন চোৱাৰ পিছত মুখ্য নিৰ্বাচকগৰাকীয়ে তেওঁৰ সৈতে বহিব পাৰে। টি-২০ ক্ৰিকেটত ব’ৰ্ডৰ বছসকলে ৰিংকু সিং, তিলক বৰ্মা, শিৱম ডুবেদৰ দৰে যুৱ ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী