--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ ফাইনেলৰ তিনি সপ্তাহ পাৰ হৈ গৈছে। সেই খেলখনত তেওঁলোক ইজনে সিজনৰ শত্ৰু আছিল। কিন্তু বিশ্বকাপৰ শত্ৰুতা সামৰি লিঅ’নেল মেছি আৰু কেলিয়ান এমবাপেক পুনৰ তেওঁৰ ক্লাবৰ হৈ কান্ধত কান্ধ মিলাই যুঁজ দিয়া দেখা যাব। দেওবাৰে পেৰিছ ছেইণ্ট জাৰ্মেইনে ৰেনেছৰ বিৰুদ্ধে এখন মেচ আছে। তাতেই মেছি-এমবাপেক পুনৰ একেলগে খেলি থকা দেখা যাব। নেইমাৰো তাত থাকিব।

বিশ্বকাপ জিকাৰ পিছত মেছি নিজৰ দেশত ছুটিত গৈছিল। প্ৰায় ১০ দিন ছুটি কটোৱাৰ পিছত তেওঁ নতুন বছৰটোত পেৰিছৰ ক্লাবত পুনৰ যোগদান কৰে। ফাইনেলত পৰাজিত হোৱাৰ পিছত এমবাপেই ছুটি লোৱা নাছিল। তেওঁ পোনপটীয়াকৈ ঘৰলৈ উভতি আহিছিল আৰু ক্লাবৰ শিবিৰত যোগদান কৰিছিল। অৱশ্যে দুখন মেচ খেলাৰ পিছত তেওঁক প্ৰশিক্ষক ক্ৰিষ্টোফ গালচিয়ে ছুটি দিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ফুৰিবলৈ গৈছিল। এতিয়া ঘৰলৈ উভতি আহিছে। তেওঁ ক্লাবৰ শিবিৰতো যোগদান কৰিছে।

উল্লেখ্য এমবাপে আৰু মেছি দুয়োজনে পৰস্পৰৰ অনুৰাগী নহয়। দুয়োৰে কেতিয়াও বন্ধুত্বও নাছিল। বৰঞ্চ এমবাপেই ক্ৰিষ্টিয়ানো ৰোণাল্ডোকহে প্ৰিয় খেলুৱৈ হিচাপে পচন্দ কৰে। কিন্তু মেছিৰ প্ৰতিও তেওঁৰ সন্মান আছে। দুয়োৰে পেছাদাৰীত্বও আছে। সেইবাবেই একেটা ক্লাবতে দুয়োজন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক