--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ ফাইনেলৰ তিনি সপ্তাহ পাৰ হৈ গৈছে। সেই খেলখনত তেওঁলোক ইজনে সিজনৰ শত্ৰু আছিল। কিন্তু বিশ্বকাপৰ শত্ৰুতা সামৰি লিঅ’নেল মেছি আৰু কেলিয়ান এমবাপেক পুনৰ তেওঁৰ ক্লাবৰ হৈ কান্ধত কান্ধ মিলাই যুঁজ দিয়া দেখা যাব। দেওবাৰে পেৰিছ ছেইণ্ট জাৰ্মেইনে ৰেনেছৰ বিৰুদ্ধে এখন মেচ আছে। তাতেই মেছি-এমবাপেক পুনৰ একেলগে খেলি থকা দেখা যাব। নেইমাৰো তাত থাকিব।

বিশ্বকাপ জিকাৰ পিছত মেছি নিজৰ দেশত ছুটিত গৈছিল। প্ৰায় ১০ দিন ছুটি কটোৱাৰ পিছত তেওঁ নতুন বছৰটোত পেৰিছৰ ক্লাবত পুনৰ যোগদান কৰে। ফাইনেলত পৰাজিত হোৱাৰ পিছত এমবাপেই ছুটি লোৱা নাছিল। তেওঁ পোনপটীয়াকৈ ঘৰলৈ উভতি আহিছিল আৰু ক্লাবৰ শিবিৰত যোগদান কৰিছিল। অৱশ্যে দুখন মেচ খেলাৰ পিছত তেওঁক প্ৰশিক্ষক ক্ৰিষ্টোফ গালচিয়ে ছুটি দিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ফুৰিবলৈ গৈছিল। এতিয়া ঘৰলৈ উভতি আহিছে। তেওঁ ক্লাবৰ শিবিৰতো যোগদান কৰিছে।

উল্লেখ্য এমবাপে আৰু মেছি দুয়োজনে পৰস্পৰৰ অনুৰাগী নহয়। দুয়োৰে কেতিয়াও বন্ধুত্বও নাছিল। বৰঞ্চ এমবাপেই ক্ৰিষ্টিয়ানো ৰোণাল্ডোকহে প্ৰিয় খেলুৱৈ হিচাপে পচন্দ কৰে। কিন্তু মেছিৰ প্ৰতিও তেওঁৰ সন্মান আছে। দুয়োৰে পেছাদাৰীত্বও আছে। সেইবাবেই একেটা ক্লাবতে দুয়োজন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু