--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ পিছত লিয়োনেল মেছিয়েও ক্লাব ফুটবল খেলিবলৈ চৌদি আৰৱলৈ যাব পাৰে বুলি এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে৷  খবৰ অনুসৰি চৌদি ক্লাববোৰেও  মেছিক মোটা অংকৰ  ধনৰ বিনিময়ত চুক্তিবদ্ধ কৰোৱাবলৈ ইচ্ছা প্ৰকাশ কৰিছে৷  

চৌদি আৰৱৰ লীগৰ অন্যতম শ্ৰেষ্ঠ ক্লাব আল-নাছৰৰ অন্যতম প্ৰতিদ্বন্দী আল-হিলালে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত লিঅ'নেল মেছিক চুক্তিবদ্ধ কৰোৱাৰ উদ্যোগ লৈছে। আল-হিলালে মেছিক ভাৰতীয় মুদ্ৰাত ২,৪০০ কোটি টকা আগবঢ়াব পাৰে বুলিও বিশেষ সূত্ৰই খবৰ প্ৰকাশ কৰিছে। যদি মেছিয়ে এই প্ৰস্তাৱত সন্মত হয় তেন্তে তেওঁ ক্লাব ফুটবলৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ফুটবলাৰ হ'ব।

 অৱশ্যে যদি মেছিয়ে পিএছজিৰ সৈতে চুক্তিৰ ম্যাদ  সম্প্ৰসাৰিত কৰে তেন্তে তেওঁ আৰু এছিয়ালৈ ক্লাব ফুটবল খেলিবলৈ নাহে। কাটাৰ বিশ্বকাপত মেছিৰ প্ৰদৰ্শন দেখাৰ পিছৰে বহুতো পৰাই বহু ক্লাবে তেওঁক নিজৰ দললৈ নিবলৈ  আগ্ৰহী হৈ পৰিছে। পুৰণি ক্লাব বাৰ্চিলোনায়ো  মেছিক ঘূৰাই নিব বিচাৰি আছে। মেজৰ লীগ ছকাৰ দল ইণ্টাৰ মিয়ামীয়েও মেছিক দলত অন্তৰ্ভুক্ত কৰিবলৈ  আগ্ৰহ দেখুৱাইছে। এতিয়া সকলো কথা নিৰ্ভৰ কৰিছে একমাত্ৰ  মেছিৰ ওপৰতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক