--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে টি২০ বিশ্বকাপ ২০২৪ৰ মহাযুদ্ধ। প্ৰস্তুতিমূলক খেলখনত বাংলাদেশক পৰাস্ত কৰে টিম ইণ্ডিয়াই। টি২০ বিশ্বকাপ ২০২৪ত ভাৰতেও কেইবাখনো খেল খেলিব। ৯ জুনত ভাৰতে পাকিস্তানৰ মুখামুখী হ’ব। টি২০ বিশ্বকাপৰ খেল চাবলৈ দেশবাসী উদগ্ৰীৱ হৈ থকাৰ সময়তে  ব্যতিক্ৰম  দেখা গৈছে  এগৰাকী ক্ৰিকেট তাৰকাৰ ক্ষেত্ৰত । তেওঁ অসমৰ ৰিয়ান পৰাগ। আই পি এলত ভাল ফৰ্মত থকাৰ পিছতো বিশ্বকাপৰ দলত স্থান লাভ নকৰিলে ৰিয়ানে। ফলত ভিতৰি ভিতৰি ক্ষোভিত হৈ পৰিছে ৰিয়ান। ৰিয়ানে  ৰাজস্থান ৰয়েলছৰহৈ বৰ ভাল খেলিছিল। সদ্য সমাপ্ত আই পি এলত তেওঁ ১৫খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰে। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকী অৱশ্যে শেহতীয়াকৈ এক বিতৰ্কত জড়িত হৈ  পৰিছে। কিছুদিন পূৰ্বে ইউটিউবত ৰিয়ানে বলীউডৰ  তাৰকা অনন্যা পাণ্ডে, চাৰা আলী খানৰ ‘হট’ চাৰ্চ কৰা বুলি কথা ওলাইছিল। এইবাৰ তেওঁ কৈছে  যে তেওঁ বিশ্বকাপৰ খেল  চাব  নিবিচাৰে।



এটা সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল, কোন চাৰিটা দলে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰে । উত্তৰত ৰিয়ানে  কয়, “হয়তো মই উত্তৰ দিলে  পক্ষপাতদুষ্ট কৰা হ’ব । কিন্তু সঁচা কথা ক’বলৈ গ’লে মই বিশ্বকাপ চাব নিবিচাৰো। শেষত কোনে বিশ্বকাপ হস্তগত কৰে সেয়া জানিলেই হৈ যাব। । সেয়াই  মোৰ শান্তি। মই যেতিয়া বিশ্বকাপৰ দলত থাকিম তেতিয়া এইবোৰ কথা ভাবিম। চাওঁ কোনে ছেমি ফাইনেলত স্থান লাভ কৰে!”


পূৰ্বৰ আই পি এলত ৰিয়ানে নিজৰ মিলাব পৰা নাছিল। কিন্তু এইবাৰ তেওঁৰ ভাল ফৰ্মৰ বাবে তেওঁ ৰাষ্ট্ৰীয় দলত যোগদানৰ সুযোগ পালে। সেই বিষয়ে আত্মবিশ্বাসী অসমৰ ক্ৰিকেটাৰগৰাকী নিজেই। কিছুদিন পূৰ্বে তেওঁ কৈছিল, "মই দলত অন্তৰ্ভুক্ত হ'ব লাগিব।" মোৰ বিশ্বাস, মই এদিন দেশৰ হৈ খেলিম। কেতিয়া ফোন কৰিব মই একো চিন্তা নকৰো।" এইবাৰ পৰাগে ৰোহিতৰ বিশ্বকাপ অভিযানক লৈ এটা ডাঙৰ মন্তব্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement